নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মস্তিষ্কৰ কোষৰ কম্পিউটাৰ

মানুহৰ মস্তিষ্কৰ ৰহস্য আৰু ক্ষমতাক লৈ বহু গৱেষণা চলিছে৷ আজিও অব্যাহত আছে চিকিৎসা বিজ্ঞানৰ গৱেষণা৷ এতিয়া মানৱ মস্তিষ্কক মানুহৰ সৃষ্ট মস্তিষ্ক, কম্পিউটাৰ আৰু কৃত্রিম বুদ্ধিমত্তাৰ সৈতে যুক্ত কৰাৰ চেষ্টা চলিছে৷ শেহতীয়াকৈ এনে এক গৱেষণাৰ তথ্য প্রকাশ পোৱাৰ লগে লগে বিশ্বজুৰি বিষয়টোক লৈ ব্যাপক চর্চা চলিছে৷ মস্তিষ্কৰ গঠনগত আৰু কার্যগতৰ একক হৈছে নিউৰন৷ নিউৰনৰ সহায়ত মস্তিষ্কই মুহূর্তৰ ভিতৰতে বিপুল তথ্য বিশ্লেষণ কৰে৷ গৱেষকসকলে সদৰী কৰা অনুসৰি মস্তিষ্কৰ ‘প্রচেছৰ’ আৰু ‘মেম’ৰী ডিভাইচ’ৰ কাম কৰে নিউৰনে৷ মস্তিষ্কৰ নিউৰনে যি ধৰণে কাম কৰে, কম্পিউটাৰে যাতে সেই ধৰণে সহজতে কাম কৰিব পাৰে সেই পথৰ সন্ধান কৰিছে বিজ্ঞানীসকলে৷ সেই পথৰ সন্ধান কৰিবলৈ বিজ্ঞানীসকলে নতুন ব্যৱস্থা উদ্ভাৱন কৰিছে, যাক কোৱা হৈছে ‘ব্রেনোৱেৰ’৷ পৰীক্ষাগাৰত সৃষ্ট মানুহৰ মস্তিষ্কৰ কোষকলা তথা অর্গানয়েডৰ সৈতে কম্পিউটাৰৰ চার্কিট যোগ কৰি সৃষ্টি কৰা হৈছে কম্পিউটাৰ ভইচ ৰিক’গনিচন৷ অর্থাৎ ই কণ্ঠস্বৰ চিহ্ণিত কৰিব পাৰিব৷ ইণ্ডিয়ানা ইউনিভার্ছিটী ব্লুমিংটনৰ গৱেষক ফং কুয়ো আৰু তেওঁৰ সংগী গৱেষকসকলৰ আৱিষৃকত এই কম্পিউটাৰে কৃত্রিম বুদ্ধিমত্তা কম্পিউটাৰৰ দৰে এতিয়াও ১০০ শতাংশ সঠিক ফলাফল দিবলৈ সক্ষম হোৱা নাই৷ তথাপি বিজ্ঞানীসকলৰ মতে এই আৱিষ্কাৰ গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে চিহ্ণিত হৈছে৷ বিজ্ঞানী কুয়োৰ মতে এটা নির্দিষ্ট অর্গেনয়েডক অজস্র বিদ্যুৎবাহকৰ মাধ্যমত কম্পিউটাৰৰ চার্কিটৰ সৈতে যুক্ত কৰা হয়৷ তাৰ পিছত সেইবোৰৰ জৰিয়তে প্রেৰণ কৰা হয় মৃত্যু বিদ্যুৎ তৰংগ৷ অর্গেনয়েডৰ প্রতিক্রিয়া এটা চেঞ্চৰৰ সহায়ত গ্রহণ কৰা হয়৷ মেচিন লার্নিং এলগৰিডমোৰ সহায়ত বিশ্লেষণ কৰা হয় ইয়াৰ প্রতিক্রিয়াৰ অর্থ৷ গৱেষণাত ব্রেনোৱেৰক আঠজনৰ বার্তালাপৰ ২৪০টা ৰেকর্ডিং শুনোৱা হৈছিল৷ বক্তাক চিহ্ণিত কৰিবলৈ যন্ত্রটো পৰীক্ষাত ৭৮ শতাংশ সফল হৈছে৷ বিজ্ঞানী কুয়োৱে এয়া অন্যতম সাফল্য বুলি দাবী কৰিছে৷ ব্রেনোৱেৰে বতৰ সম্পর্কীয় আগতীয়া তথ্য দিবলৈ সক্ষম হ’ব নে নাই সেই সন্দর্ভত গৱেষণা চলাই থকা হৈছে৷ অধিক জটিল কাম কৰিবলৈ এই নতুন কম্পিউটাৰ ব্যৱস্থা সক্ষম হ’ব নে নাই তাক লৈও বিজ্ঞানীসকলে চলাই আছে গৱেষণা৷
প্রযুক্তিৰ ক্ষেত্রখনত ন ন উদ্ভাৱনে মানুহক এটা পর্যায়ত আনি উপনীত কৰাইছে৷ অৱশ্যে বিজ্ঞানৰ ন ন উদ্ভাৱনে মানুহৰ বহু কাম সহজ কৰি দিছে যদিও ইয়াৰ প্রতিকূল প্রভাৱক লৈও উদ্বিগ্ণ হৈ পৰিছে বিজ্ঞানীসকল৷ পূর্বে ম’বাইল ফোনে মানুহৰ জীৱনলৈ নতুন গতি আনি দিয়া বুলি দাবী কৰিছিল বিজ্ঞানীসকলে৷ কিন্তু ম’বাইল ফোনৰ অপকাৰিতাক লৈ ইয়াৰ স্রষ্টা উদ্বিগ্ণ হৈ পৰিছে৷ সেইদৰে কৃত্রিম মেধা বা আর্টিফিচিয়েল ইণ্টেলিজেঞ্চক লৈ এতিয়া বিভিন্ন মহলত সৃষ্টি হৈছে আশংকা৷ আনকি বিজ্ঞানীসকলে অত্যধিক কৃত্রিম মেধাৰ ব্যৱহাৰে মানুহলৈ সমস্যা কঢ়িয়াই আনিব বুলি উদ্বেগ প্রকাশ কৰিছে৷ বিশেষকৈ বিভিন্ন কার্যক্ষেত্রত কৃত্রিম মেধাৰ অবাধ প্রয়োগ এদিন মানুহৰ বাবে ভয়াৱহ হৈ পৰিব বুলি কেইবাগৰাকীও বিজ্ঞানীয়ে সতর্কবাণী কৰিছে৷ তথাপি বিজ্ঞানৰ যাত্রাত মানুহে ন ন উদ্ভাৱনত গুৰুত্ব প্রদান কৰি আহিছে৷ মানৱ মস্তিষ্কৰ কোষৰ পৰা কম্পিউটাৰ প্রস্তুত কৰাৰ যি জটিল গৱেষণা তাত সফলতা লাভ কৰি ভৱিষ্যতে ইয়াৰ পৰা মানৱ জাতি উপকৃত হ’ব বুলি বিজ্ঞানীসকলে দাবী কৰিছে৷ অৱশ্যে এই প্রক্রিয়া এতিয়াও প্রাৰম্ভিক অৱস্থাতেই আছে৷ ভৱিষ্যতৰ বাবে এই প্রাৰম্ভিক প্রক্রিয়াও যথেষ্ট গুৰুত্বপূর্ণ বুলি অভিহিত কৰিছে কেইবাগৰাকীও গৱেষকে৷ বিজ্ঞানী কুয়োৰ মতে এই আৱিষ্কাৰ বিজ্ঞানৰ ক্ষেত্রখনত গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে চিহ্ণিত হৈছে৷ কিন্তু ইয়াৰ সফলতাক তাৎক্ষণিকভাৱে বিশ্লেষণ কৰা নাই বিজ্ঞানীসকলে৷ গৱেষণাৰ প্রাৰম্ভিক পর্যায়ৰ পৰাই ভৱিষ্যতে ইয়াক সফল পর্যায়লৈ লৈ যাবলৈ সক্ষম হ’ব বুলি আশা প্রকাশ কৰিছে৷ নিঃসন্দেহে বিজ্ঞান যাত্রাত ই নতুন দিশৰ উন্মোচন কৰিব বুলি ক’ব পাৰি৷

You might also like