নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাফাত ইজৰাইলৰ আক্রমণ

আশংকা কৰা ধৰণে গাজা ভূখণ্ডৰ ৰাফা চহৰত প্রৱেশ কৰিলে ইজৰাইলী সেনাই৷ ইতিমধ্যে চহৰখনত বোমাবর্ষণত মৃত্যু হৈছে বহু লোকৰ৷ যুদ্ধভূমি গাজাৰ  পেলেষ্টাইনী নিৰীহ লোকসকলৰ শেষ আশ্রয়স্থল হিচাপে চিহ্ণিত হৈছিল ৰাফা৷ গতিকে এই চহৰখনত আক্রমণ নচলাবলৈ ইজৰাইল চৰকাৰক অনুৰোধ জনাইছিল আমেৰিকাসহ বিভিন্ন দেশে৷ কিন্তু বিশ্বৰ বিভিন্ন দেশ তথা মানৱাধিকাৰ সংগঠনসমূহৰ সতর্কবাণীক অগ্রাহ্য কৰি ৰাফাত প্রৱেশ কৰিলে ইজৰাইলী সেনা৷ দক্ষিণ গাজাৰ এই চহৰখনত ইজৰাইলৰ টেংক বাহিনী প্রৱেশ কৰাৰ লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ইতিমধ্যে ৰাফা ব’ৰ্ডাৰ ক্রছিঙৰ পেলেষ্টাইনী অঞ্চল দখল কৰিছে ইজৰাইলী সেনাই৷ লগে লগে নিৰীহ পেলেষ্টাইনী লোকসকলে ক’ত আশ্রয় ল’ব, তাক লৈ সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ৷ ৰাফাত হামাছৰ ঘাটিলৈ লক্ষ্য কৰি ইজৰাইলে আক্রমণ চলোৱা বুলি দাবী কৰিছে যদিও দেশখনৰ সেনাৰ বন্দুকৰ প্রতিটো গুলীৰ সন্মুখত আছে ইজৰাইলী শিশু–মহিলাসকল৷ লগে লগে ৰাফাও মৃত্যুপুৰীত পৰিণত হোৱাৰ আশংকা ঘনীভূত হৈছে৷ আতংকত প্রতিটো প্রহৰ কটাবলগীয়া হৈছে ৰাফাৰ নিৰীহ পেলেষ্টাইনীসকলে৷ এই ‘নৰক যন্ত্রণা’ৰ পৰা মুক্তি দিবলৈ পেলেষ্টাইনী লোকসকলে আৰব বিশ্বৰ হস্তক্ষেপ দাবী কৰিছে৷ ইজিপ্ত আৰু কাটাৰৰ মধ্যস্থতাত যুদ্ধবিৰতিৰ চুক্তিত স্বাক্ষৰ কৰিবলৈ সন্মত হৈছিল পেলেষ্টাইনী সশস্ত্র সংগঠন হামাছ৷ কিন্তু প্রয়োজনীয় দাবী মানি লোৱা হোৱা নাই বুলি অভিযোগ তুলি এই প্রস্তাৱ নাকচ কৰি দিয়ে ইজৰাইলে৷ দেওবাৰৰ পৰা ৰাফাৰ সাধাৰণ নাগৰিকসকলক আশ্রয়স্থল খালী কৰি দিয়াৰ ভাবুকি প্রদান কৰি আহিছে ইজৰাইলী সেনাই৷ লক্ষণীয়ভাৱে দুটা অঞ্চলত দেওবাৰে চলোৱা আক্রমণত বহু লোক হতাহত হোৱা বুলি পেলেষ্টাইনী সূত্রই সদৰী কৰিছে৷ এই আক্রমণৰ ঘটনাক লৈ বিশ্বজুৰি প্রতিক্রিয়া সৃষ্টি হয় যদিও তালৈ ভ্রূক্ষেপ নকৰি মঙলবাৰে ইজৰাইলী সেনাৰ টেংক বাহিনীয়ে ৰাফাত প্রৱেশ কৰে৷ লগে লগে ইজৰাইলী সেনাৰ তৰফৰ পৰা সদৰী কৰা হয় যে ৰাফাত কেৱল হামাছৰ ঘাটিবোৰক আক্রমণৰ লক্ষ্য হিচাপে বাছি লোৱা হৈছে৷

ইতিমধ্যে গাজা ভূখণ্ড মৃত্যুপুৰীত পৰিণত হৈছে৷ বিগত ৭ মাহতকৈ অধিক কাল ধৰি হামাছক উৎখাতৰ সংকল্পৰে ইজৰাইলে চলাই থকা আক্রমণৰ ফলত গাজাত প্রায় ৩৫ হাজাৰ লোক নিহত হৈছে৷ আহত হৈছে লক্ষাধিক৷ নিহত লোকৰ ভিতৰত গৰিষ্ঠসংখ্যকেই হৈছে শিশু আৰু মহিলা৷ পেলেষ্টাইনী শৰণার্থীসকলৰ হৈ কাম কৰি থকা ৰাষ্ট্রসংঘৰ শৰণার্থী সংস্থাই সদৰী কৰা অনুসৰি ১০ সহস্রাধিক মহিলা নিহত হৈছে গাজাত৷ ইফালে, শিশুৰ মৃত্যুৰ সংখ্যা ইয়াতকৈও বেছি বুলি দাবী কৰা হৈছে সংস্থাটোৰ প্রতিবেদনত৷ ৰাষ্ট্রসংঘৰ সংস্থাটোৱে অভিযোগ কৰা অনুসৰি, গাজাত এতিয়া ইজৰাইলী সেনাৰ যুদ্ধ মূলতঃ নিৰীহ শিশু আৰু মহিলাৰ বিৰুদ্ধে চলি আছে৷ ৭০ সহস্রাধিক মহিলা আৰু শিশু এই যুদ্ধত গুৰুতৰভাৱে আহত হোৱা বুলি দাবী কৰা হৈছে সংস্থাটোৰ প্রতিবেদনত৷ অকল সেয়াই নহয়, দক্ষিণ গাজাৰ ৰাফা চহৰত আশ্রয় লৈ থকা লক্ষাধিক অন্তঃসত্ত্বা মহিলাৰ জীৱনলৈ নামি আহিছে ভয়াৱহ দুর্যোগ৷ ডেৰ লক্ষাধিক মাতৃদুগ্ধ পান কৰা শিশুৰ জীৱনলৈও নামি আহিছে বিভীষিকা৷ ইতিমধ্যে খাদ্য আৰু খোৱাপানীৰ সংকটত পৰা ৰাফাৰ বাসিন্দাসকলৰ চিকিৎসাৰ বাবে দৰব–পাতিৰ যোগানো বন্ধ হৈ পৰিছে৷ ইয়াৰ মাজতে শিবিৰত মৃত্যুৰ সৈতে তিলতিলকৈ যুঁজি থকা পেলেষ্টাইনী লোকসকলৰ বিৰুদ্ধে ইজৰাইলী সেনাই আৰম্ভ কৰিছে যুদ্ধ৷ ইতিমধ্যে গাজা ভূখণ্ডৰ বিস্তীর্ণ অঞ্চল বিধ্বস্ত হৈছে ইজৰাইলৰ বোমাবর্ষণত৷ দক্ষিণ গাজাৰ ৰাফাত যদি একেই ধৰণৰ হিংস্র যুদ্ধ চলে, তেন্তে পাইকাৰী হাৰত মৃত্যু হ’ব নিৰীহ লোকৰ৷ ইতিমধ্যে ৰাষ্ট্রসংঘত বিষয়টোক লৈ উদ্বেগ প্রকাশ কৰিছে বিভিন্ন দেশে৷ কিন্তু ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহুৱে যুদ্ধ অপৰাধৰ অভিযোগৰ সন্মুখীন হৈও হামাছক উৎখাতৰ অচিলা লৈ সমগ্র পেলেষ্টাইনক চেপি–খুন্দি নিঃশেষ কৰাৰ পৰিকল্পনা চলাইছে৷ ইতিমধ্যে ইহুদী ৰাষ্ট্রখনৰ এই ষড়যন্ত্রৰ কথা হূদয়ংগম কৰিছে বিশ্বৰ প্রায় প্রতিখন দেশে৷ সেইবাবে এই দানৱীয় যুদ্ধ শীঘ্রে বন্ধ হ’ব লাগে বুলি পৃথিৱীৰ প্রান্তে প্রান্তে আৰম্ভ হৈছে ইজৰাইলবিৰোধী বিক্ষোভ৷

You might also like