নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজস্থানৰ ডাইৰেক্টৰ অৱ ক্রিকেট ছাংগাকাৰা

নিয়মীয়া বার্তা, ২৫ জানুৱাৰীঃ আগন্তুক আই পি এলৰ বাবে ৰাজস্থান ৰয়েলছে শ্রীলংকাৰ একালৰ মহান বেটছমেন কুমাৰ ছাংগাকাৰাক দলটোৰ ‘ডাইৰেক্টৰ অৱ ক্রিকেট’ পদত নিযুক্ত কৰিছে৷ ৰাজস্থান ৰয়েলছে টুইটাৰত  এই কথা ঘোষণা কৰে৷

সম্প্রতি মেৰিলিব’ন ক্রিকেট ক্লাব (এম চি চি)ৰ ক্লাবৰ সভাপতিৰ দায়িত্বত থকা ছাংগাকাৰাই ৰাজস্থান ৰয়েলছৰ ক’চিং ষ্ট্রাকচাৰ, একচন প্লেন আৰু টীম ষ্ট্রেটেজী, প্রতিভাসন্ধান আৰু প্রতিভাৰ বিকাশকে ধৰি ক্রিকেটৰ সৈতে জড়িত সকলো দিশৰ বাবে দায়বদ্ধ হ’ব৷ শ্রীলংকাৰ হৈ আন্তঃৰাষ্ট্রীয় ক্রিকেটত একেৰাহে ১৬ বছৰ খেলি প্রায় ২৮,০০০ ৰান সংগ্রহ কৰা ছাংগাকাৰাক দলৰ ডাইৰেক্টৰ অৱ ক্রিকেট হিচাপে লাভ কৰাটো ৰাজস্থান ৰয়েলছৰ বাবে আনন্দৰ খবৰ বুলি নৱনিযুক্ত অধিনায়ক সঞ্জু ছেমছনে প্রকাশ কৰিছে৷

You might also like