নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাঃ ভূমিধৰ বর্মনৰ দেহাৱসান

অসমৰ ৰাজনীতিত বিগত পাঁচ দশকত নির্ণায়ক ভূমিকা গ্রহণ কৰা প্রাক্তন মুখ্যমন্ত্রী ডাঃ ভূমিধৰ বর্মনৰ দেওবাৰে দেহাৱসান ঘটে৷ ১৯৩১ৰ ১২ অক্টোবৰত জন্মলাভ কৰা ডাঃ বর্মনে চিকিৎসা সেৱাৰ জৰিয়তে ৰাজনীতিৰ পথাৰখনত খোজ দিছিল৷ অসম বিধানসভালৈ সাতবাৰ নির্বাচিত ডাঃ বর্মন ৰাজ্যখনৰ মুখ্যমন্ত্রীৰ আসনতো কম সময়ৰ বাবে অধিষ্ঠিত হৈছিল৷ ১৯৬৭ত প্রথমবাৰৰ বাবে বিধানসভালৈ নির্বাচিত ডাঃ বর্মন আছিল কংগ্রেছৰ এজন প্রভাৱশালী নেতা৷ বিগত পাঁচ দশকত ডাঃ বর্মন বিধানসভালৈ যিমানবাৰ নির্বাচিত হৈছিল সিমানবাৰ কংগ্রেছ দল ক্ষমতাত অধিষ্ঠিত হৈছিল৷ অর্থাৎ অর্ধশতাধিক বর্ষৰ ৰাজনৈতিক অভিজ্ঞতাৰে পুষ্ট ডাঃ বর্মনে কেতিয়াও অসম বিধানসভাত বিৰোধীৰ আসনত বহিব লগা হোৱা নাছিল৷ ক্ষমতা দখলৰ ৰাজনীতিয়ে সম্প্রতি অসমকে নহয়, সমগ্র দেশকে গ্রাস কৰিছে৷ নেতাসকলৰ মাজত দলত্যাগ অথবা নতুন দলত যোগদান কৰা তেনেই সাধাৰণ কথা হৈছে৷ সদ্যসমাপ্ত বিধানসভা নির্বাচনৰ পূর্বে অসমত কিমানজন নেতা–কর্মীয়ে দলত্যাগ কৰি অন্য দলত যোগদান কৰিছে তাৰ হিচাপ উলিয়াবলৈ সহজ নহয়৷ কিন্তু বিগত পাঁচ দশকত ডাঃ ভূমিধৰ বর্মনে কংগ্রেছ দলৰ নীতি–আর্দশৰ পৰা অকণো বিচলিত হোৱা নাছিল৷ বিগত ৫০ বছৰত কংগ্রেছ দলে বিভিন্ন সময়ত উত্থান–পতনৰ সন্মুখীন হৈছে৷ ভাষা আন্দোলন, বিদেশী বহিষ্কাৰৰ দাবীত ছবছৰীয়া আন্দোলন, আলফাকে ধৰি উগ্রপন্থী সংগঠনৰ ভাবুকিৰ বাবে কংগ্রেছ দলৰ বহুসংখ্যক নেতাই দলত্যাগ কৰিছিল৷ এই সময়ছোৱাত নেতৃত্বকেন্দ্রিক বিবাদৰ বাবে কংগ্রেছ দল তিনিবাৰ বিভাজিত হৈছিল৷ কিন্তু দলৰ প্রতি অহা এনে দুর্যোগ তথা প্রত্যাহ্বান সত্ত্বেও নীতি–আদর্শৰ ৰাজনীতিৰ পৰা আঁতৰি যোৱা নাছিল ডাঃ বর্মন৷ বিগত এটা দশক পূর্বে ৰাজ্যৰ কংগ্রেছ ৰাজনীতিত ডাঃ বর্মনৰ ভূমিকা আছিল অপৰিসীম৷ চিকিৎসা সেৱাক সমাজসেৱালৈ উন্নীত কৰি কিদৰে সর্বসাধাৰণ ৰাইজৰ বাবে এগৰাকী জনদৰদী নেতা হ’ব পাৰে সেয়া ডাঃ বর্মনে তেওঁৰ ৰাজনৈতিক জীৱনত প্রতিষ্ঠা কৰিছে৷
ডাঃ বর্মনৰ পাঁচ বছৰীয়া ৰাজনৈতিক জীৱন আছিল অত্যন্ত কণ্টকপূর্ণ৷ অসম আন্দোলনৰ পৰিসমাপ্তিৰ পিছত এবাৰ–দুবাৰ নহয়, তিনিবাৰ আলফাৰ ভয়াৱহ আক্রমণৰ সন্মুখীন হৈছিল জ্যেষ্ঠ নেতাগৰাকী৷ কিন্তু এনে আক্রমণ সত্ত্বেও ডাঃ বর্মনক তেওঁৰ নীতি–আদর্শৰ পৰা বিচলিত কৰিব পৰা নাছিল আলফাকে ধৰি উগ্র জাতীয়তাবাদী শিবিৰে৷ গাঁৱে গাঁৱে চিকিৎসাৰ জৰিয়তে জনপ্রিয় ডাঃ ভূমিধৰ বর্মনে গ্রাম্য জীৱনকে অধিক পছন্দ কৰিছিল৷ দুখীয়া–নিছলা লোকসকলৰ হকে অগ্রগামী ডাঃ বর্মন আছিল প্রকৃতার্থত এগৰাকী জননেতা৷ সেয়ে তেওঁৰ বিৰুদ্ধে চলা শত্রুপক্ষৰ প্রতিটো বিধ্বংসী আক্রমণ সফল হোৱা নাছিল৷ অতি ধার্মিক ডাঃ বর্মনে প্রতিটো ধর্মাৱলম্বী লোকৰ প্রতি দেখুৱাইছিল সহূদয়তা৷ গছ–গছনি, জীৱ–জন্তুৰ প্রতিও আছিল তেওঁৰ দুর্বাৰ প্রেম৷ গ্রাম্য চহা জীৱনক অধিক পছন্দ কৰা ডাঃ বর্মন প্রকৃততে আছিল কংগ্রেছৰ এগৰাকী ব্যতিক্রমী নেতা৷ মুখ্যমন্ত্রী, প্রদেশ কংগ্রেছৰ সভাপতি, মন্ত্রী–বিধায়ক আদি পদত অধিষ্ঠিত হ’লেও ডাঃ বর্মনে দিল্লীলৈ গৈ কংগ্রেছ হাইকমাণ্ডৰ নেতাক তৈলমর্দন কৰা নাছিল৷ কিন্তু ৰাজ্যখনৰ প্রতিটো জাতি–জনগোষ্ঠীৰ স’তে ডাঃ বর্মনৰ আছিল এক গভীৰ সম্পর্ক৷ গোষ্ঠী সংঘর্ষ,উগ্রপন্থীৰ বিভীষিকাৰ ফলত অসমত উদ্ভৱ হোৱা কেইবাটাও জটিল পৰিস্থিতি আলোচনাৰ মাজেৰে সমাধান কৰাত অগ্রণী ভূমিকা লৈছিল ডাঃ বর্মনে৷ তিনিবাৰ ভয়াৱহ আক্রমণৰ পৰা কথমপি ৰক্ষা পৰাৰ পিছতো আলফাৰ নেতা–কর্মীসকলৰ ওপৰত তেওঁ প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰাৰ বিপৰীতে আলোচনাৰ বাবে পদক্ষেপ লৈছিল৷ নীতি–আদর্শ তথা মূল্যবোধৰ ৰাজনীতিত সদায় স্মৰণীয় হৈ থাকিব ডাঃ বর্মন৷

You might also like