নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজাৰাত প্রচণ্ড ধুমুহাত গছ–গছনি উভালি বিস্তৰ ক্ষয়–ক্ষতি

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃঃ ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে দেওবাৰে নিশা গুৱাহাটীৰ পশ্চিম প্রান্তত বৰষুণৰ সৈতে অহা এজাক ধুমুহা বতাহে বিস্তৰ ক্ষতি কৰে৷ নিশা প্রায় ৮.৫০ বজাৰ পৰা ৯.৩০ মান বজালৈ ৪০ মিনিট মান সময় বৰষুণৰ সৈতে অহা প্রচণ্ড ধুমুহাৰ ফলত পশ্চিম গুৱাহাটীৰ বিভিন্ন অঞ্চলত ব্যাপক ক্ষতি হয়৷

বিশেষকৈ, পলাশবাৰী সংযোগী পথছোৱাৰ গডল–ভট্টাপাৰাৰ পৰা মাজিৰগাঁৱলৈকে প্রায় তিনি কিঃমিঃ অংশত চাৰি–পাঁচ স্থানত গছ পৰি কেইবাটাও বিদ্যুৎ পৰিবাহী খুঁটা ভাগি যোৱাৰ লগতে তাঁৰ ছিগে৷ ফলত নিশাৰে পৰা এইপর্যন্ত বৃহত্তৰ অঞ্চলটোৰ বিদ্যুৎ সংযোগ ব্যাহত হৈ আছে৷

পুৱাৰে পৰা বিদ্যুৎ পৰিষদৰ কর্মীৰ এটা দলে যুদ্ধকালীন তৎপৰতাৰে ভাগি যোৱা খুঁটা আৰু ছিগি যোৱা তাঁৰসমূহ সলনি কৰি বিদ্যুৎ সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰি আছে যদিও সম্পূর্ণ সফল হ’ব পৰা নাই৷ সন্ধিয়া পৰলৈ প্রায় ৭০ শতাংশ অঞ্চলতহে বিদ্যুৎ সংযোগ স্থাপন কৰিবলৈ সক্ষম হয় বিদ্যুৎ পৰিষদৰ অভিযন্তা–কর্মচাৰীৰ দলে৷ তদুপৰি কেন্দুকুছিত এটা স্থানত গছ উভালি পৰাত দুপৰীয়ালৈ পথছোৱাৰ এছোৱাৰে যাতায়াত বন্ধ হৈ পৰিছিল৷

পিছত আজাৰা আৰক্ষীয়ে ৰাইজৰ সহযোগত গছৰ ডালসমূহ কাটি পথছোৱা মুকলি কৰিবলৈ সক্ষম হয়৷ ইফালে, বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰ চৌহদৰ যান–বাহন ৰখা পার্কিং স্থানত দুডাল বৃহৎ গছ উভালি পৰাত দুখন বিলাসী বাহনৰ বিস্তৰ ক্ষতি হয়৷

জানিব পৰা মতে, দেওবাৰ বন্ধৰ দিন হোৱাৰ লগতে বতৰ সন্ধিয়াৰ পিছত ডাৱৰীয়া হোৱাত বেছিভাগ লোক ঘৰৰ ভিতৰত সোমাই থকা বাবে সৌভাগ্যক্রমে কোনো লোক হতাহত হ’ব লগা নহ’ল৷

You might also like