নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগ্রাসী চীন

গালৱান উপত্যকাত যোৱা ১৫ জুনত সংঘটিত ৰক্তক্ষয়ী সংঘর্ষৰ পাছৰে পৰা ভাৰত–চীনৰ সংঘাত দুগুণে বৃদ্ধি পাইছে৷ বিগত সময়ছোৱাত সামৰিক পর্যায়ত উভয় দেশে একাধিকবাৰ আলোচনাত মিলিত হৈছে যদিও নির্দিষ্ট কোনোধৰণৰ সমাধান সূত্র ওলোৱা নাই৷ বৰঞ্চ লাডাখকে ধৰি উত্তৰাখণ্ড, হিমাচল প্রদেশ, ছিকিম আৰু অৰুণাচল প্রদেশ সংলগ্ণ সীমান্তৰ সিপাৰে আগ্রাসী চীনৰ সৈন্যবাহিনী পিপল্ছ লিবাৰেচন আর্মীয়ে ব্যাপক সমৰসজ্জা গঢ়ি তোলা বুলিহে সংবাদ মাধ্যমত ধাৰাবাহিক বাতৰি প্রকাশ পাই আহিছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যে ৰাছিয়াৰ ৰাজধানী মস্কোত অনুষ্ঠিত ‘ছাংহাই কো–পাৰেচন অর্গেনাইজেচন’ (এছচি’)ৰ বৈঠকৰ মাজতে যোৱা শুকুৰবাৰে ভাৰতৰ প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং আৰু চীনৰ প্রতিৰক্ষা মন্ত্রী জেনেৰেল ৱেই ফেংহে আলোচনাত মিলিত হৈছিল৷ আশা কৰা হৈছিল– ২ ঘণ্টা ২০ মিনিটজোৰা ৰাজনৈতিক পর্যায়ৰ এই আলোচনাৰ পিছত অন্ততঃ সীমান্তত বিৰাজ কৰা সংঘাত–উত্তেজনা প্রশমিত হ’ব৷ পিছে বাস্তৱত ইয়াৰ কোনো লক্ষণ দেখা নাই৷ বৰং সংঘাত অধিক দীঘলীয়া হোৱাৰহে আশংকা প্রকট হৈ পৰিছে৷ মস্কোৰ আলোচনাৰ পিছত চীনৰ প্রতিৰক্ষা মন্ত্রালয়ৰ তৰফৰ পৰা প্রকাশিত বিবৃতিতে স্পষ্ট হৈছে এই কথা৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আলোচনাৰ সময়ত ভাৰতৰ প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে লাডাখৰ ভূমিৰ পৰা চীনা সেনা প্রত্যাহাৰৰ বিষয়টো গুৰুত্ব সহকাৰে উত্থাপন কৰিছিল৷ বিশেষকৈ পেংগং হ্রদৰ দক্ষিণ পাৰত চীনে সামৰিক শক্তি বৃদ্ধিৰে আধিপত্য বিস্তাৰ কৰিব বিচৰা বিষয়টোত দুর্ঘোৰ আপত্তি দর্শায় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে৷ এইদৰে ভাৰতে নিজৰ স্থিতি স্পষ্ট কৰাৰ পিছতো কিন্তু চীনে আগ্রাসী মনোভাব পৰিত্যাগ কৰা নাই৷ বৰঞ্চ ভাৰতক উদ্দেশ্যি হুংকাৰহে দিছে৷ ভাৰতৰ স্থিতি কার্যতঃ নস্যাৎ কৰি চীনৰ প্রতিৰক্ষা মন্ত্রালয়ে এক বিবৃতিযোগে প্রকৃত নিয়ন্ত্রণ ৰেখাত উত্তেজনা বৃদ্ধি পোৱাৰ বাবে ওলোটাই ভাৰতকহে দোষাৰোপ কৰিছে৷ অকল সেয়াই নহয়, লাডাখ ভূ–খণ্ডৰ এক ইঞ্চিও মাটি এৰি নিদিয়াৰ লগতে সশস্ত্র বাহিনীয়ে নিজ দেশৰ সার্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰিবলৈ সম্পূর্ণ সক্ষম বুলি হুংকাৰ দিছে৷ এনেধৰণৰ ভাষ্যৰ পৰাই চীনৰ যুদ্ধংদেহি মানসিকতা তথা দেশখনক যে কোনো কাৰণতে বিশ্বাসত ল’ব নোৱাৰি, সেই কথা আকৌ এবাৰ স্পষ্ট হৈ পৰিল৷
লাডাখ সীমান্তৰ সমান্তৰালভাৱে অৰুণাচল প্রদেশ সীমান্ততো দিনকদিনে অধিক আগ্রাসী হৈ পৰিছে ৰঙা চীন৷ খোদ পূব অৰুণাচল প্রদেশ লোকসভা সমষ্টিৰ সাংসদ টাপিৰ গাৱে সংবাদ মাধ্যমৰ আগত দাবী কৰা অনুসৰি যোৱা জুন আৰু জুলাই মাহতে দিবাং উপত্যকা আৰু আণ্ড্রেলা উপত্যকাত পিপল্ছ লিবাৰেচন আর্মীয়ে একাধিকবাৰ অনুপ্রৱেশ কৰিছে৷ আনকি অনুপ্রৱেশকাৰী চীনা সৈন্যৰে মুখামুখি হৈছিল ভাৰতীয় সেনাৰ৷ সীমান্তত সংঘাতপূর্ণ এনেধৰণৰ ঘটনাৱলীৰ মাজতে চিকাৰলৈ যোৱা পাঁচজনকৈ অৰুণাচলী যুৱকক চীনা সৈন্যই অপহৰণ কৰি নিয়াৰ খবৰে সর্বত্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ অভিযোগ অনুসৰি আপাৰ সোৱণশিৰি জিলাৰ ভাৰত–চীন সীমান্তৱর্তী নাছো চক্রৰ ‘ছেৰা–৭’ পেট্র’লিং পইণ্টৰ পৰা যুৱককেইজনক ড্রেগন বাহিনীয়ে অপহৰণ কৰি নিয়ে৷ মন কৰিবলগীয়া যে মস্কোত ভাৰত–চীনৰ প্রতিৰক্ষা মন্ত্রীদ্বয় আলোচনাত বহাৰ দিনটোতেই এই ঘটনা সংঘটিত হৈছে৷ পশ্চিম পাছিঘাট সমষ্টিৰ বিধায়ক নিনোং ইৰিঙৰ এক টুইটৰ পিছতে এই অপহৰণ কাণ্ডই একপ্রকাৰ হুৱাদুৱা লগাইছে৷ মুঠৰ ওপৰত চীনে এতিয়া ভাৰত ভূ–খণ্ডৰ দাবী কৰা অংশত আধিপত্য বিস্তাৰ কৰিবলৈ উঠিপৰি লাগিছে৷ অৱশ্যে যিকোনো পৰিস্থিতিত আগ্রাসী চীনক প্রতিহত কৰিবলৈ সাজু হৈছে ভাৰতো৷ পশ্চিমৰ পৰা পূব সীমান্তলৈ সামৰিক তৎপৰতা বৃদ্ধিৰ সমান্তৰালভাৱে অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে৷ কিন্তু তাৰ মাজতে চীনৰ যুদ্ধবাজ মানসিকতাৰ প্রসংগ কূটনৈতিকভাৱে আন্তর্জাতিক মঞ্চত উত্থাপনৰ বিষয়টোও চর্চালৈ আহিছে৷ ভাৰতে এইক্ষেত্রত গুৰুত্ব দিয়াৰ যথেষ্ট অৱকাশ থাকিব৷ আন্তর্জাতিক মঞ্চত উত্থাপন হ’লে হয়তো উভয় দেশৰ সংঘাতৰ ক্ষিপ্র আৰু স্থায়ী সমাধান সম্ভৱ হ’ব পাৰে৷

You might also like