নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : চিনেমা আৰু ৰাজনীতি

বিনায়ক দামোদৰ ছাভাৰকাৰৰ জীৱনক লৈ নির্মাণ হোৱা দ্বিতীয়খন কাহিনী চিত্রই কেইদিনমান পূর্বে মুক্তিলাভ কৰিছে৷ ভাৰতৰ স্বাধীনতা যুদ্ধৰ বীৰ সৈনিক ছাভাৰকাৰ আছিল ‘হিন্দুত্ব’ৰ প্রধান প্রবক্তা৷ গান্ধী হত্যাত তেওঁ জডিত বুলি সন্দেহৰ জন্ম দি তেওঁক জনমানসত হেয় প্রতিপন্ন কৰা এটা কংগ্রেছী উদ্দেশ্য আছিল আৰু কমিউনিষ্টসকলো সেই নেৰেটিভৰ অংগ হৈ পৰিছিল আৰু এতিয়ালৈকে সেই প্রক্রিয়া অব্যাহত আছে৷ বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছতহে বীৰ ছাভাৰকাৰক ৰাষ্ট্রীয়ভাৱে সন্মান প্রদর্শন কৰিবলৈ আৰম্ভ কৰা হয়৷ তাৰ আগলৈকে চেলুলাৰ জে’লৰ সন্মুখত মূর্তি স্থাপন আৰু আন্দামানৰ বিমানকোঠটোৰ নাম দিয়েই ছাভাৰকাৰৰ প্রতি সন্মান প্রদর্শন সামৰা হৈছিল৷ শেহতীয়াভাৱে মুক্তিলাভ কৰা ‘স্বতন্ত্রতা বীৰ ছাভাৰকাৰ’ চিনেমাখনৰ মুক্তিলাভক কিছুমান বিৰোধীয়ে ৰাজনৈতিক উদ্দেশ্যত নির্মাণ আৰু ব্যৱহাৰ কৰা বুলি বক্তব্য প্রকাশ কৰিছে৷ এই কথাটো সত্য যে কেন্দ্রত বিজেপি চৰকাৰে শাসন চম্ভালাৰ পিছত ভাৰতীয় ছবিজগতৰ বিষয়বস্তুৰ ক্ষেত্রলৈ কিছু পৰিৱর্তন আহিছে৷ ব্যক্তিগত আৱেগ আৰু কল্পিত পৃথিৱীৰ ছবিৰ মাজতেই অধিকাংশ ছবি, বিশেষকৈ বিগ বাজেটৰ ছবিবোৰ ঘূৰি আছিল৷ বিগ বাজেটৰ ছবিত লাভটোৱেই মূল কথা৷ বিজেপিৰ শাসনে ভাৰতীয় মানুহক কিছু হ’লেও নিজৰ শিপালৈ উভতি চাবলৈ বাধ্য হোৱাৰ পৰিৱেশ সৃষ্টি কৰি দিছিল, নিজৰ মাটিৰ ঐতিহ্য, সম্পদ আৰু সংগ্রামক সন্মানেৰে চোৱা পৰিৱেশ এটিৰ সৃষ্টি কৰি দিছিল৷ ইয়াৰ প্রভাৱ শিল্প–সাহিত্যত প্রতিফলিত হৈছিল৷ ভাৰতীয় চিন্তাধাৰাৰ আলোচনাৰ কিতাপ আদিৰ প্রকাশ বৃদ্ধি পাইছিল আৰু চিনেমাতো তেনে প্রসংগই স্থান লাভ কৰিবলৈ আৰম্ভ কৰিছিল৷ কম বাজেটৰ ছবিত সেই ধাৰণা পূর্বৰ পৰাই আছিল যদিও বিগ বাজেটৰ হিন্দী ছবিৰ বাবে সেয়া আছিল নতুন কথা৷ হিন্দী ছবিৰ আবেদন সমগ্র দেশৰ লগতে দেশৰ সীমাৰ বাহিৰলৈকো যাবলৈ সক্ষম বাবে হিন্দী ছবিয়ে অধিক গুৰুত্ব লাভ কৰাটো স্বাভাৱিক কথা৷

ভাৰতীয় চিনেমাৰ এই নৱজাগৰণে বহুতকে উৎসাহিত কৰিলেও চিনেমাৰ এই ৰূপটিত শংকিত হোৱা মানুহো আছে৷ কমিউনিষ্টসকল ভাৰতীয় চিন্তাৰ উত্থানৰ সদাবিৰোধী বাবেই চিনেমাৰ এই পৰিৱর্তনকো বিজেপিৰ এটা ৰাজনৈতিক প্রয়াস বুলি কৈ চিত্রনির্মাতাসকলৰ আৱেগ আৰু দায়বদ্ধতাক হেয় কৰাৰ প্রচেষ্টা কৰিছে আৰু এটি বাক্ধাৰা নির্মাণত ব্যস্ত হৈ পৰিছে৷ ‘কাশ্মীৰ ফাইলছ’, ‘ইন্দু চৰকাৰ’, ‘কেৰালা ষ্ট’ৰী’ আদিৰ দৰে ছবিৰ কাহিনী কংগ্রেছ শাসক আৰু মুছলমান সকলৰ বাবে অস্বস্তিৰ কাৰণ হোৱাটো স্বাভাৱিক আৰু এই দুটা সম্প্রদায়ৰ স’তে আৱেগিকভাৱে ঘনিষ্ঠ কমিউনিষ্টসকলে এই ছবিবোৰ বেয়া পোৱাটো স্বাভাৱিক৷ এটা কথা ঠিক যে ৰাজনৈতিক চিন্তাক শিল্প–সাহিত্যৰ মাজেৰে পৰিকল্পিতভাৱে আগবঢ়াই নিয়াত কমিউনিষ্টসকলে প্রভাৱশালী কৌশল ব্যৱহাৰ কৰি আহিছে৷ কমিউনিষ্টৰ ৰাজনৈতিক আদর্শক সাহিত্য–শিল্পৰ মাজেৰে আগবঢ়াই নিয়াৰ পৰিকল্পনাৰে স্থাপন কৰা প্রগতিশীল লেখক–সংগঠন আৰু ভাৰতীয় গণনাট্য সংঘৰ দৰে অনুষ্ঠানে প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল৷ আনকি প্রচাৰৰ মায়াজালত দৃষ্টি হেৰুৱাই জাতীয়তাবাদী সমালোচকেও কমিউনিষ্ট আদর্শ প্রচাৰ কৰা লেখাক প্রগতিশীল নামকৰণেৰে সাহিত্যৰ এটা ধাৰা হিচাপে স্বীকৃতি দিছিল৷ কিন্তু চিনেমাৰ ক্ষেত্রত কমিউনিষ্টসকলে তেনে পৰিকল্পিত সংগঠনৰ আয়োজন কৰা নাছিল যদিও বিভিন্ন সংগঠন আৰু ব্যক্তিৰ যোগে এটা বাক্ধাৰা নির্মাণৰ চেষ্টা কৰি আহিছে৷ শেহতীয়াভাৱে কংগ্রেছ আৰু তেওঁলোকৰ অনুগামী দলসকলক অস্বস্তিত পেলাব পৰা চিনেমাবোৰৰ বিৰুদ্ধে এটা সংঘবদ্ধ প্রচাৰ দেখিবলৈ পোৱা গৈছে, যিবোৰক কোৱা হৈছে যে এই চিনেমাবোৰ নির্বাচনী প্রচাৰৰ অংগ, ভোটাৰত প্রভাৱিত কৰিবলৈকে এই কৌশল গ্রহণ কৰা হৈছে৷ এইটো এটা অসত্য প্রচাৰ৷ ছবি হিট বা ফ্লপ হোৱাৰ লগত শাসনত থকা ৰাজনৈতিক দলৰ কোনো সম্বন্ধ নাথাকে৷ ছবি এখন তেনেকৈ হিট কৰাটো সম্ভৱ নহয়৷ আৰু হিট ছবিয়েও দর্শকক ভোট দানত প্রভাৱিত কৰিব নোৱাৰে৷ পৰা হ’লে হিট ছবি ‘গান্ধী’য়ে কংগ্রেছৰ ভোটবেংক স্থিৰ কৰি ৰাখিব পাৰিলেহেঁতেন৷ অথবা জনপ্রিয় নেতা নৰেন্দ্র মোদীৰ বিষয়ে নির্মাণ কৰা ছবিখনকো দর্শকে প্রত্যাখ্যান নকৰিলেহেঁতেন৷ এটা সময়ত কমিউনিষ্ট আদর্শক সমর্থন কৰা পৰিচালক বা ছবিক সমান্তৰাল ছবি বা নব্যধাৰাৰ ছবিৰ আখ্যাৰে সন্মানিত কৰা হৈছিল৷ সেই বাক্ধাৰা ম্লান পৰাৰ পিছত ভাৰতীয় চিন্তাৰ চিনেমাবোৰক হেয় প্রতিপন্ন কৰাৰ এটা বাক্ধাৰা নির্মাণ কৰাৰ চেষ্টা চলি আছে৷ চিনেমাৰ স’তে জডিত সংগঠন আৰু ব্যক্তি এই দিশত সচেতন হোৱা উচিত৷

You might also like