নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্জাবত অকলেই প্রতিদ্বন্দ্বিতা বিজেপিৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ মাৰ্চঃ অৱশেষত পঞ্জাবত লোকসভা নির্বাচনত অকলেই প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত বিজেপিৰ৷ শিৰোমণি আকালি দলৰ সৈতে পুনৰ মিলিত হৈ পঞ্জাবত নির্বাচনী প্রতিদ্বন্দ্বিতা আগবঢ়োৱা সকলো কুচকাৱাজ সমাপ্ত কৰি পঞ্জাব বিজেপিৰ ৰাজ্যিক সভাপতি সুনীল জাখাৰে বিজেপিয়ে অকলেই প্রতিদ্বন্দ্বিতা কৰিব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷ উল্লেখ্য যে ২০১৯ চনত এনডিএৰ সৈতে শিৰোমণি আকালি দলে নির্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল যদি ২০২০ চনত কৃষক আন্দোলনৰ পৰিপ্রেক্ষিতত এনডিএৰ পৰা আকালি দল ওলাই আহিছিল৷ ২০২৪ চনত পুনৰ আকালি দলক বিজেপিয়ে এনডিএত অন্তর্ভুক্ত কৰাৰ বাবে কেইবালানিও আলোচনা চলায় যদিও আকালি দলে সন্মত নোহোৱাত বিজেপিয়ে অকলে নির্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সিদ্ধান্ত লয়৷ সভাপতি জাখাৰে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত পঞ্জাবত বিজেপিয়ে অকলেই জয়লাভ কৰিব৷

You might also like