সম্পাদকীয় : জীৱনৰ প্রতি দায়বদ্ধতা
জীৱনটো সম্পূর্ণৰূপে নিজৰ যদিও নিজৰ জীৱনটোক লৈ মানুহ কিমান দায়বদ্ধ, সেয়া এক ডাঙৰ প্রশ্ণ হিচাপে পৰিগণিত হৈ আহিছে৷ নিজৰ জীৱনৰ প্রতি আমি দায়বদ্ধ হ’ব নিবিচাৰোঁ বাবেই বহু লোকে বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷
সেইবাবে শৈশৱৰ পৰাহ সন্তান তথা ছাত্র–ছাত্রীসকলক৷ কাৰণ ছাত্র–ছাত্রীসকলৰ সৰহভাগেই এই বিষয়টোৰ প্রতি বিশেষভাৱে জ্ঞাত নহয়৷ বহুতে মানি ল’ব নিবিচাৰে যে নিজৰ জীৱনৰ ভাল–বেয়া পৰিস্থিতিৰ বাবে নি কৰা চিন্তা, পদক্ষেপ তথা সিদ্ধান্তই দায়ী৷
প্রায় প্রতিগৰাকী মানুহৰে একেই ধাৰণা৷ তেওঁলোকৰ সৰহসংখ্যকৰে ধাৰণা যে নিজৰ জীৱনৰ বিভিন্ন ঘাত–প্রতিঘাতৰ বাবে নিজে জগৰীয়া নহয়৷ জীৱনৰ অধিকাংশ ঘটনা বিশেষকৈ দুখজনক ঘটনাৰ বাবে মানুহে অন্য লোকক দোষাৰোপ কৰিব বিচাৰে৷
অতি কমসংখ্যক লোকেহে নিজৰ জীৱনৰ যিকোনো ঘটনাৰ বাবে অন্য ব্যক্তিক জগৰীয়া নকৰি ইয়াৰ বাবে নিজকে দায়বদ্ধ বুলি ভাবে৷ ইয়াৰ বাবে অন্ততঃ নিজেই দায়ী বুলি ভাবিবলৈ চেষ্টা কৰা উচিত৷
বর্তমান সময়ত ছাত্র–ছাত্রীসকলৰ মেধা নম্বৰৰ মাজেদি নির্ণয় কৰা হয়৷ ইয়াৰ ফলত শিক্ষার্থীসকলে নিজৰ জীৱনৰ সকলো দায়িত্ব গ্রহণৰ সুযোগেই নাপায়৷ বহু ল’ৰা–ছোৱালীয়ে অৱশ্যে জীৱনৰ বাটত প্রায়ে নিজস্ব সিদ্ধান্ত গ্রহণ কৰিবলৈ চেষ্টা নকৰা নহয়৷
কিন্তু প্রায় ক্ষেত্রতে দেখা যায়, ল’ৰা–ছোৱালীয়ে নিজৰ জীৱনৰ কোনো সিদ্ধান্ত ল’ব বিচাৰিলেই ডাঙৰবোৰে হকা–বধা কৰি বাধা দিয়ে অথবা নিজৰ ধৰণে কৰিবলৈ দিয়ে৷ ফলত তেওঁলোক নিজে সিদ্ধান্ত গ্রহণৰ সময়ত নিৰুৎসাহিত হয় আৰু দুনাই এনে কামৰ প্রতি আগ্রহ নেদেখুৱায়৷
ইয়াৰ লগে লগে ল’ৰা–ছোৱালীৰ মাজত এক নেতিবাচক মনোভাৱ গঢ়ি উঠে৷ তেওঁলোকৰ মনত জীৱনৰ যিকোনো পৰিস্থিতিৰ বাবে আন লোকক দোষ দিয়াৰ মানসিকতাৰ জন্ম হয়৷ বর্তমান সময়ত পিতৃ–মাতৃয়ে বিচাৰে সন্তানে এটি মসৃণ জীৱন অতিবাহিত কৰাটো বিচাৰে৷
এনে চিন্তাধাৰাক আগস্থান দিয়া বাবেই ল’ৰা–ছোৱালীক পুতলাৰ দৰে ব্যৱহাৰ কৰা হয়৷ অর্থাৎ সন্তানৰ সকলো সিদ্ধান্ত তেওঁলোকে নিজেহ গ্রহণ কৰে৷ ফলত ল’ৰা–ছোৱালীয়ে একোটা সিদ্ধান্ত গ্রহণ কৰাৰ সময়ত কোনবোৰ দিশ বিশ্লেষণ কৰা উচিত সেই কথা বিশ্লেষণ কৰা উচিত সেই কথা বুজাত অসুবিধা হয়৷
ইপিনে অভিভাৱকৰ কোনো সিদ্ধান্ত সন্তানৰ মন পছন্দৰ নহ’লে তেওঁলোকৰ মাজত দূৰত্ব বৃদ্ধি হয়৷ এসময়ত অভিভাৱকে পোৱা সমাজখন বর্তমানৰ সমাজখনৰ সৈতে সম্পূর্ণ পৃথক৷ সেয়ে অভিভাৱকৰ সিদ্ধান্তৰ দ্বাৰা সন্তানে মনে বিচৰা ফল লাভ নকৰিলে তেওঁলোকে অনিচ্ছা সত্ত্বেও মাক–দেউতাকক দোষী বুলি অনুভৱ কৰে৷ এনেদৰেই আনক দোষী বুলি ভবা চিন্তাধাৰাৰ আৰম্ভণি হয়৷
পৰৱর্তী সময়ত এহ সন্তানসকলে কর্মক্ষেত্রতো বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ’লে অন্য ব্যক্তিক দোষাৰোপ কৰে৷ কোনো ব্যক্তিক দোষ নিদিয়াকৈ সমস্যাসমূহৰ পথ উলিয়াবলৈ তেওঁলোকে কোনোধৰণৰ চেষ্টা নকৰে৷ সাধাৰণতে আনক দোষাৰোপ কৰাৰ আমাৰ যি প্রবৃত্তি তাৰ আঁৰত কেহটামান কাৰণ আছে৷
আমি সকলোৱে বাহিৰৰ জগতখন নিজৰ মতে চলি থাকিব বুলি আশা কৰোঁ৷ ইয়াৰ ব্যতিৰেক হ’লেহ আমি আনক বা সমাজখনক দোষাৰোপ কৰোঁ৷ আমি এইবাবেই আমাৰ যিকোনো কামৰ বাবে অন্য লোকক দোষী কৰিব বিচাৰোঁ যাতে আমি আনৰ ওপৰত দোষ জাপি দিলে নিজকে দোষ মুক্ত বুলি ধৰি ল’ব পাৰোঁ আৰু নিজকে দোষমুক্ত বুলি অনুভৱ কৰোঁ৷
শৈশৱৰ পৰা আমি অধিকাংশ ক্ষেত্রত পৰনির্ভৰশীল হৈ অহা বাবে নিজৰ জীৱনৰ দায়িত্ব সম্পূর্ণ আমাৰ বুলি ভাবিবলৈ টান হয়৷ গতিকে শিক্ষার্থীসকলে নিজৰ জীৱনৰ প্রতি সম্পূর্ণৰূপে দায়বদ্ধ হোৱাৰ কলা আয়ত্ত কৰিবলৈ চেষ্টা কৰিলেহে তেওঁলোকৰ ভৱিষ্যৎ সুৰক্ষিত বুলি ভবাৰ অৱকাশ থাকে
এইক্ষেত্রত অভিভাৱকৰ সচেতনতা আৰু পথ নির্দেশনা অতি জৰুৰী৷ পিতৃ–মাতৃসকলে ঘৰুৱা পৰিৱেশত অন্য ব্যক্তিক জগৰীয়া কৰা প্রত্যক্ষ কৰাৰ পিছত সন্তানেও পঢ়া–শুনা অথবা অন্য ক্ষেত্রত আনক জগৰীয়া কৰাৰ সহজ পথ নিশ্চয় গ্রহণ কৰিব৷
সেইবাবে পিতৃ–মাতৃয়ে সৰুৰে পৰা সন্তানক ব্যক্তিগত সিদ্ধান্ত ল’বলৈ শিকাব লাগে৷ এটা কথা ঠিক যে প্রথম অৱস্থাত তেওঁলোকৰ ভুল হ’ব যদিও সেই ভুলৰ পৰাই নিজকে পৰৱর্তী সময়ত শুধৰাই ল’ব পাৰিব৷ উদাহৰণস্বৰূপে এটি শিশুক সৰুৰে পৰা নিজৰ সৰু–সুৰা কামবোৰ কৰিবলৈ দিব লাগিব৷
প্রথম অৱস্থাত জ্যেষ্ঠজনৰ তুলনাত তেওঁলোকৰ ভুল হ’ব পাৰে৷ কিন্তু লহে লাহে কামবোৰ নিখুঁত হৈ আহিব৷ কিন্তু ভুল হোৱা বাবে কামবোৰ কৰিব নিদিলে তেওঁলোকে সেইবোৰ কাম কৰিবলৈ এলাহ কৰিব আৰু চেষ্টা কৰিলেও ভালদৰে কৰিব নোৱাৰিব৷
অৱশ্যে বয়স অনুসৰি সকলো সিদ্ধান্ত গ্রহণ কৰিবলৈ ল’ৰা–ছোৱালীক সম্পূর্ণ স্বাধীনতা দিয়া উচিত নহয়৷ কিন্তু বহু সিদ্ধান্ত গ্রহণ কৰোঁতে কোনবোৰ দিশত গুৰুত্ব দিয়া উচিত সেই কথা অভিভাৱকে বুজাব লাগে৷
বিশেষকৈ অধ্যয়নৰ সময়সূচীকে ধৰি দৈনন্দিন জীৱনৰ বিভিন্ন কাম–কাজ অভিভাৱকে এবাৰ নির্ধাৰণ কৰি দিয়াৰ পিছত ল’ৰা–ছোৱালীয়ে সেইবোৰ ভৱিষ্যতে সুচাৰূৰূপে কৰিব পৰা হয় আৰু এনেকৈয়ে জীৱনৰ প্রতি দায়বদ্ধতা আহি পৰে৷