সম্পাদকীয় : শিক্ষা আৰু নিয়োগ
শিক্ষিত নিবনুৱাৰ ক্রমবর্ধমান সমস্যা অসমত এতিয়া কেৱল অর্থনৈতিক সমস্যা হৈ থকা নাই, ই লাহে লাহে এটা জটিল সামাজিক সমস্যা আৰু মানসিক সংকটৰ ৰূপ লৈছে৷ প্রতি বছৰে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ পৰা হাজাৰ হাজাৰ ছাত্র–ছাত্রীয়ে শিক্ষা সম্পূর্ণ কৰি ওলাই যায়৷ এই সংখ্যা নিঃসন্দেহে আশাব্যঞ্জক৷ কিন্তু তেওঁলোকৰ বৃহৎ অংশই নিশ্চিত আৰু শিক্ষাৰ লগত সামঞ্জস্য থকা জীৱিকাৰ সন্ধানত হতাশ হৈ পৰে৷ এই পৰিস্থিতি বুজিবলৈ হ’লে শিক্ষা আৰু নিয়োগৰ মাজৰ সম্পর্কটো, বিশেষকৈ সাম্প্রতিক সময়ৰ পৰিৱেশ, শিক্ষানীতি আৰু নতুন শিক্ষা প্রতিষ্ঠানসমূহৰ প্রেক্ষাপটত পুনৰ গভীৰভাৱে বিচাৰ কৰা প্রয়োজন৷ শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা অধিকাৰ আইন ২০০৯ আৰু ৰাষ্ট্রীয় শিক্ষানীতি ২০২০–এই দুয়োটাই শিক্ষাক অধিক অন্তর্ভুক্তিমূলক, বহুমুখী আৰু দক্ষতাভিত্তিক কৰি তোলাৰ লক্ষ্য লৈছে৷ ৰাষ্ট্রীয় শিক্ষানীতি ২০২০–এ বিদ্যালয় স্তৰৰ পৰা বৃত্তিমূলক শিক্ষাৰ সংযোগ, উচ্চ শিক্ষাত নমনীয় ক্রেডিট ব্যৱস্থা আৰু শিক্ষাক উদ্যোগৰ সৈতে অর্থপূর্ণভাৱে সাঙুৰি দিয়াৰ ক্ষেত্রত বিশেষ গুৰুত্ব আৰোপ কৰিছে৷ কিন্তু অসমত এই নীতিৰ প্রভাৱ এতিয়াও সীমিত পৰিসৰতেই দেখা গৈছে৷ এই প্রেক্ষাপটতে অসম দক্ষতা বিশ্ববিদ্যালয়ৰ স্থাপন এক গুৰুত্বপূর্ণ আৰু আশাব্যঞ্জক পদক্ষেপ৷ দক্ষতা শিক্ষাক এক স্বতন্ত্র আৰু মর্যাদাপূর্ণ ক্ষেত্র হিচাপে প্রতিষ্ঠা কৰাৰ দৃষ্টিত এই বিশ্ববিদ্যালয়খন অসমত প্রথম বৃহৎ প্রচেষ্টা৷ এই শিক্ষানুষ্ঠানৰ উদ্দেশ্য কেৱল প্রশিক্ষণ দিয়া নহয়, বৰং শিল্প, সেৱা আৰু উৎপাদন খণ্ডৰ প্রয়োজন অনুসৰি দক্ষ মানৱ সম্পদ সৃষ্টি কৰা৷ অসম দক্ষতা বিশ্ববিদ্যালয়ৰ প্রাসংগিকতা, বিশেষকৈ অসমৰ সামাজিক–অর্থনৈতিক বাস্তৱৰ সৈতে জড়িত৷ চাহ উদ্যোগ, কৃষি আৰু সংলগ্ণ খণ্ড, হস্তশিল্প, হেণ্ডলুম, নির্মাণ, পর্যটন, স্বাস্থ্য সেৱা আৰু ক্ষুদ্র–মজলীয়া উদ্যোগ– এই সকলোবোৰ ক্ষেত্রত দক্ষ কর্মীৰ প্রচুৰ প্রয়োজন আছে৷ কিন্তু এই খণ্ডসমূহ আৰু উচ্চ শিক্ষাৰ মাজত প্রয়োজনীয় সংগঠিত সংযোগ নাই৷ যদি অসম দক্ষতা বিশ্ববিদ্যালয়ে এই খণ্ডসমূহৰ সৈতে পাঠ্যক্রম, ইণ্টার্নশ্বিপ আৰু এপ্রেণ্টিছশ্বিপৰ ব্যৱস্থা গঢ়ি তুলিব পাৰে, তেন্তে ই ৰাজ্যৰ নিয়োগ পৰিস্থিতিত এক বাস্তৱ পৰিৱর্তন আনিব পাৰে৷
সুন্দৰ পৰিকল্পনাৰ এই সম্ভাৱনা নিজে নিজে বাস্তৱায়িত হ’ব নোৱাৰে৷ দক্ষতা শিক্ষাৰ ক্ষেত্রত আগতে অসমত আৰম্ভ হোৱা বহু প্রশিক্ষণ আঁচনিয়ে ভাল ফল প্রদর্শন কৰিব পৰা নাছিল৷ তাৰ মূল কাৰণ আছিল– স্থায়িত্বৰ অভাৱ আৰু চাকৰি আৰু নিয়োগ বজাৰৰ সৈতে সংযোগ নোহোৱা৷ অসম দক্ষতা বিশ্ববিদ্যালয়েও যদি বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ পৰা বিচ্ছিন্ন হৈ থাকে, তেন্তে এই প্রতিষ্ঠানো সেই একে সমস্যাত পতিত হোৱাৰ আশংকা আছে৷ দক্ষতা শিক্ষা আৰু একাডেমিক শিক্ষাক দুটা পৃথক ধাৰা হিচাপে নহয়, একে শিক্ষাগত পৰিসৰৰ অংশ হিচাপে আগবঢ়োৱাটো অতি প্রয়োজনীয়৷ এটা কথা চাব লাগিব যে এতিয়াও অসমৰ যুৱ সমাজৰ অধিকাংশৰ বাবে চৰকাৰী চাকৰিয়েই সর্বোচ্চ লক্ষ্য৷ এই মানসিকতাৰ প্রধান কাৰণসমূহ হ’ল– নিৰাপত্তাহীনতা, সামাজিক স্বীকৃতি আৰু বিকল্প সুযোগৰ অভাৱ৷ ৰাষ্ট্রীয় শিক্ষানীতি ২০২০–এ ঔদ্যোগিক, আত্মনিয়োগ আৰু ষ্টার্ট–আপ সংস্কৃতিৰ কথা ক’লেও শিক্ষানুষ্ঠানসমূহত সেই দিশত প্রয়োজনীয় কেৰিয়াৰ গাইডেঞ্চ আৰু পৰামর্শ ব্যৱস্থা এতিয়াও সঠিক ৰূপত গঢ় লৈ উঠা নাই৷ অসম দক্ষতা বিশ্ববিদ্যালয়ে যদি অকল প্রশিক্ষণ দিয়াই নহয়, ছাত্র–ছাত্রীসকলক উদ্যোগ আৰম্ভ কৰা, স্থানীয় বজাৰৰ সৈতে সংযোগ কৰা আৰু বিত্তীয় সংস্থাসমূহৰ সৈতে যোগাযোগ স্থাপন কৰাত সহায় কৰে, তেনেহ’লে ই এই মানসিকতাৰ পৰিৱর্তনত এটা গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব পাৰিব৷ এটা কথা ঠিক যে নীতিত সদিচ্ছা আছে, প্রতিষ্ঠান আছে, কিন্তু সফলতা নির্ভৰ কৰে ৰূপায়ণ আৰু সমন্বয়ৰ ওপৰত৷ শিক্ষা বিভাগ, দক্ষতা উন্নয়ন বিভাগ, উদ্যোগ খণ্ড আৰু শিক্ষানুষ্ঠানসমূহৰ মাজত এক সু-সংহত ব্যৱস্থা গঢ়ি নুঠিলে অসম দক্ষতা বিশ্ববিদ্যালয়খনে অকলে ৰাজ্যখনৰ নিয়োগ সংকট সমস্যা সমাধান কৰিব নোৱাৰে৷ শিক্ষা আৰু নিয়োগৰ মাজৰ সেতুখন গঢ়ি তোলাটো এটা দীঘলীয়া প্রক্রিয়া৷ অসম দক্ষতা বিশ্ববিদ্যালয় সেই সেতুৰ এক গুৰুত্বপূর্ণ স্তম্ভ হ’ব পাৰে– যদিহে ইয়াক নীতিৰ ঘোষণাৰ মাজত সীমাবদ্ধ কৰি নাৰাখি বাস্তৱ, স্থানীয় আৰু ভৱিষ্যৎমুখী ৰূপ দিয়া যায়৷ অন্যথা ইও বহু ভাল উদ্দেশ্যৰ দৰে ফাইল আৰু ভাষণৰ মাজতেই সীমাবদ্ধ হৈ থাকিব৷ অসমৰ যুৱ সমাজৰ বাবে শিক্ষা হ’ব লাগে আশাক উজ্জীৱিত কৰিব পৰা এটা পথ, হতাশাৰ শেষবিন্দু নহয়৷ এই লক্ষ্য পূৰণ কৰিবলৈ নীতি, প্রতিষ্ঠান আৰু সমাজ– তিনিও একেলগে আগবাঢ়িব লাগিব৷ অসম দক্ষতা বিশ্ববিদ্যালয় সেই সমন্বিত যাত্রাৰ আৰম্ভণি হ’ব লাগে৷ ইয়াৰ বাবে প্রয়োজন অকল ৰাজনৈতিক সদিচ্ছাৰ৷