সম্পাদকীয় : গৌৰৱ গগৈয়ে উত্তৰ দিয়ক
চিৰবৈৰী পাকিস্তানৰ স’তে গোপনে মিত্রতা স্থাপন কৰাটো কোনো স্বাভিমানী দেশবাসীয়ে সমর্থন নকৰে৷ ধর্মভিত্তিক দেশ বিভাজন ঘটাই বিগত আঠ দশকে ভাৰতবর্ষক অস্থিৰ কৰিবলৈ অহৰহ চক্রান্ত কৰা পাকিস্তান আজি বিশ্বৰ অন্যতম সন্ত্রাসবাদী তথা মৌলবাদীৰ দেশত পৰিণত হৈছে৷ মৌলবাদৰ উত্থানৰ লগে লগে চুবুৰীয়া দেশখনৰ অর্থনৈতিক অৱস্থাও কঙাল হৈছে৷ কিন্তু এনে দুর্যোগপূর্ণ সময়তো ভাৰতবর্ষত অস্থিৰতাৰ সৃষ্টি কৰিবলৈ বিভিন্ন ধৰণে চক্রান্ত কৰি আছে পাকিস্তানে৷ পাকিস্তানী মদতপুষ্ট সন্ত্রাসবাদী আৰু মৌলবাদীয়ে দেশত সংঘটিত কৰা কূটাঘাতমূলক কার্য নতুন কথা নহয়৷ কার্গিল যুদ্ধৰ পৰা পেহেলগামৰ নৰসংহাৰ, মুম্বাই আক্রমণ আদিৰ স’তে পাকিস্তানৰ প্রত্যক্ষ সংযোগ ইতিমধ্যে দেশবাসীয়ে প্রত্যক্ষ কৰিছে৷ বিশ্বৰ ম’ষ্ট ৱাণ্টেড সন্ত্রাসবাদী ওচামা বিন লাডেনক আশ্রয় প্রদান কৰি সমগ্র বিশ্বতে ঘৃণিত পাকিস্তান আজি এঘৰীয়া হৈছে৷ এনে সময়তে চিৰবৈৰী পাকিস্তানৰ স’তে অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ কলবার্নৰ গোপন মিতিৰালিক কেন্দ্র কৰি সমগ্র দেশতে তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ অসমৰ একেৰাহে দীর্ঘকালৰ মুখ্যমন্ত্রী তৰুণ গগৈৰ পুত্র গৌৰৱ গগৈ আৰু বোৱাৰীৰ পাকিস্তান সংযোগক কেন্দ্র কৰি ৮ ফেব্রুৱাৰীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিস্ফোৰণ ঘটাইছে৷ প্রায় এবছৰ ধৰি পাকিস্তান দূতাৱাসত গৌৰৱ গগৈৰ ফটো প্রকাশ হোৱাৰ লগে লগে কংগ্রেছ সাংসদজনৰ ভূমিকাক লৈ সন্দেহ ঘনীভূত হৈছিল৷ এই ঘটনাৰ পাছতে ৰাজ্য চৰকাৰে গঠন কৰা এছআইটিৰ তদন্তৰ প্রতিবেদন ৰাজহুৱা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কেইবাটাও বিস্ফোৰক তথ্য সদৰী কৰিছে৷
গৌৰৱ গগৈয়ে আট্টাৰী–ৱাঘা সীমান্তৰে ২০১৩ চনৰ ১০ ডিচেম্বৰত পাকিস্তানলৈ গৈছিল আৰু ১০ দিন ধৰি চিৰবৈৰী ৰাষ্ট্রখনত আছিল৷ গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দর্ভত এবছৰ ধৰি বিতর্ক চলি আছে যদিও কংগ্রেছ নেতাজনে পাকিস্তানলৈ যোৱাটো স্বীকাৰ কৰা নাছিল৷ মুখ্যমন্ত্রী ড০ শর্মাই এছআইটিৰ প্রতিবেদন তথ্যসহ ৰাজহুৱা কৰাত সমগ্র দেশজুৰি সৃষ্টি হোৱা ধুমুহাৰ শেষত গৌৰৱ গগৈয়ে চিৰবৈৰী দেশখন ভ্রমণ কৰাৰ কথা স্বীকাৰ কৰিবলৈ বাধ্য হৈছে৷ কিন্তু পাকিস্তান ভ্রমণৰ প্রকৃত লক্ষ্য আৰু উদ্দেশ্য এতিয়াও স্বীকাৰ কৰা নাই গৌৰৱ গগৈয়ে৷ গৌৰৱ গগৈয়ে দিল্লীৰ পৰা পাকিস্তানৰ লাহোৰলৈ বিমানযোগে নগৈ কিয় ৱাঘা–আট্টাৰী সীমান্ত পথযোগে যাত্রা কৰিছিল তাক লৈও প্রশ্ণ উদয় হৈছে৷ গৌৰৱ গগৈৰ লাহোৰলৈ যোৱা ভিছা আছিল যদিও পাকিস্তানত উপস্থিত হৈ তেওঁ কৰাচী, ইছলামাবাদ আৰু ৰাৱালপিণ্ডিলৈ গৈ ১০ দিন কটোৱাৰ তথ্য পোহৰলৈ আহিছে৷ প্রয়োজনীয় অনুমতি অবিহনে চিৰবৈৰী দেশখনত কংগ্রেছ নেতাজনে কিয় দীঘলীয়া সময়ৰ বাবে ভ্রমণ কৰিছিল তাৰ প্রকৃত তথ্য এতিয়াও ৰাজহুৱা কৰা নাই গৌৰৱ গগৈয়ে৷ এছআইটিৰ প্রতিবেদনত যিবোৰ তথ্য ৰাজহুৱা হৈছে, তাৰ এটাৰো গ্রহণযোগ্য উত্তৰ দিয়া নাই গৌৰৱ গগৈয়ে৷ অসমবাসীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত কৰা তৰুণ গগৈৰ পুত্রই এইদৰে পাকিস্তানৰ স’তে গোপন মিতিৰালি কিয় কৰিলে, তাক লৈ বিবেকৱান লোকসকলৰ মাজত প্রশ্ণ উদয় হোৱাটো স্বাভাৱিক৷ কিন্তু ৰাজনৈতিকভাৱে এনেবোৰ প্রশ্ণৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকিলেও গৌৰৱ গগৈয়ে ৰাইজৰ কাঠগড়াত ইয়াৰ সদুত্তৰ দিবই লাগিব৷
গৌৰৱ গগৈৰ পাকিস্তান সংযোগক কেন্দ্র কৰি সন্দেহ ঘনীভূত হোৱাৰ মূল কাৰণ হ’ল পত্নী এলিজাবেথ কলবার্ন৷ পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআইৰ স’তে ঘনিষ্ঠ আৰু পাকিস্তান পৰিকল্পনা ব’ৰ্ডৰ উপদেষ্টা আলী তৌকিৰ শ্বেখৰ ‘লীড্ছ পাকিস্তান’ আৰু ‘লীড্ছ ইণ্ডিয়া’ অনুষ্ঠানৰ স’তে জড়িত হৈ এলিজাবেথ কলবার্নে দেশৰ বহু গুৰুত্বপূর্ণ তথ্যৰে চিৰবৈৰী দেশখনক সহায় কৰাৰ অভিযোগ উঠিছে৷ ২০১১ৰ ১৮ মার্চত লীড পাকিস্তানৰ স’তে নিযুক্তি চুক্তিৰ আৰম্ভণি আৰু ২২ মার্চত নিযুক্তি চুক্তিত স্বাক্ষৰ কৰাৰ জৰিয়তে এলিজাবেথ কলবার্নে প্রথম অৱস্থাত ইছলামাবাদত কর্মৰত আছিল যদিও এবছৰ পাছত নতুন দিল্লীলৈ ঘূৰি আহি লীড্ছ ইণ্ডিয়াৰ স’তে জড়িত হৈ পৰে৷ মাহিলি আঢ়ৈ লাখ টকাকৈ দৰমহা দিয়া পাকিস্তানী এনজিঅ’টোৰ আলী তৌকিৰ শ্বেখৰ স’তে এলিজাবেথে সঘনে বাংলাদেশলৈ অহা–যোৱা কৰিছিল৷
অর্থনৈতিকভাৱে কঙাল হৈ পৰা পাকিস্তানৰ দৰে এখন দেশৰ এনজিঅ’ এটাই এলিজাবেথক মাহিলি আঢ়ৈ লাখ টকা দৰমহা কিয় প্রদান কৰিছে, তাক লৈও সন্দেহ ঘনীভূত হৈছে৷ কিয়নো, গৌৰৱ গগৈ সাংসদ হৈ থকাৰ সময়তে এলিজাবেথ কলবার্নে পাকিস্তানৰ পৰা দৰমহাৰ বাবত এই পুঁজি লাভ কৰিছিল যদিও সমগ্র বিষয়টো গোপনে ৰখা হৈছিল৷ আনকি, লোকসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ সময়ত গৌৰৱ গগৈয়ে তেওঁৰ শপতনামাত এইবোৰ তথ্য দাখিল কৰা নাছিল৷ উদ্বেগজনক এয়ে যে আইএছআইৰ স’তে ঘনিষ্ঠ আলী তৌকিৰ শ্বেখৰ স’তে ২০১১ৰ ১৩ জুলাই, ২০১২ৰ ২৮ জানুৱাৰী আৰু ৩ মে’ত এলিজাবেথে ভাৰত ভ্রমণলৈ আহিছিল আৰু একেলগে উভতি গৈছিল৷ লীড্ছ ইণ্ডিয়াত কর্মৰত অৱস্থাত থকাৰ সময়ত এলিজাবেথে ছবাৰ পাকিস্তানলৈ গৈছিল যদিও প্রয়োজনীয় অনুমতি নাছিল৷ একেদৰে তৰুণ গগৈ মুখ্যমন্ত্রী হৈ থকা তৃতীয় কার্যকালৰ সময়ত গৌৰৱ গগৈৰ পাকিস্তান ভ্রমণো চৰকাৰী নীতি–নিয়মৰ মাজেৰে হোৱা নাছিল বুলি এছআইটিৰ প্রতিবেদনত উল্লেখ আছে৷ এছআইটিৰ প্রতিবেদন অনুসৰি, আৰম্ভণিতে গৌৰৱ গগৈয়ে লাহোৰলৈ ভিছা লাভ কৰিছিল যদিও পাকিস্তানত উপস্থিত হোৱাৰ পাছত চাৰি দিনতে ইছলামাবাদ আৰু কৰাচী ভ্রমণৰ অনুমোদন জনাইছিল চিৰবৈৰী দেশখনে৷ ভাৰতীয় বৈদেশিক পৰিক্রমা মন্ত্রালয়ে উল্লেখ কৰা অনুসৰি, এই প্রক্রিয়া স্বাভাৱিক নাছিল৷ গৌৰৱ গগৈ আৰু এলিজাবেথ কলবার্নৰ পাকিস্তানৰ স’তে যিবোৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে, সেয়া এজন সাধাৰাণ নাগৰিকৰ ক্ষেত্রত হোৱাহেঁতেন নিশ্চতভাৱে ৰাষ্ট্রদ্রোহৰ অভিযোগত কাৰাগাৰত থাকিব লাগিলহেঁতেন৷ কিন্তু গৌৰৱ গগৈ অসমৰ দীর্ঘকালীন মুখ্যমন্ত্রীৰ পুত্র৷ তেওঁ লোকসভাৰ কংগ্রেছ সংসদীয় দলৰ উপ–দলপতি৷ সন্মুখত থকা বিধানসভা নির্বাচনৰ বাবে এনে বিস্ফোৰক তথ্য এছআইটিৰ প্রতিবেদনত উন্মোচিত হোৱা সত্ত্বেও মুকলি আকাশৰ তলত ঘূৰি–ফুৰাৰ সুযোগ পাইছে গৌৰৱ গগৈ আৰু এলিজাবেথ কলবার্নে৷ কিন্তু ৰাষ্ট্রদ্রোহৰ এনে অভিযোগৰ পাছতো প্রয়োজনীয় আইনগত ব্যৱস্থা শীঘ্রে গ্রহণ নকৰিলে দেশৰ আইন আৰু ন্যায়িক ব্যৱস্থাৰ প্রতি ৰাইজে আস্থা হেৰুওৱাৰ আশংকা আছে৷