নির্ধাৰিত সূচীমতে অনুষ্ঠিত হ’ব ভাৰত–পাকিস্তানৰ মেচ
অন্ত পৰিল আঠদিনীয়া নাটকৰ৷ বয়কট নাটকৰ অন্ত পেলাই টীম ইণ্ডিয়াৰ বিৰুদ্ধে খেলিবলৈ সাজু হৈছে পাকিস্তান৷ আইচিচিৰ সৈতে হোৱা বৈঠকৰ পিছত স্পষ্ট হৈ পৰিছিল যে পাকিস্তানে স্থিতি সলাব৷ অৱশেষত সেইটোৱে হ’ল৷ গেম ইজ অন৷
অর্থাৎ ১৫ ফেব্রুৱাৰীত শ্রীলংকাত অনুষ্ঠিত হ’বলগীয়া বহু প্রত্যাশিত ভাৰত–পাকিস্তানৰ মেচখন অনুষ্ঠিত হোৱাটো খাটাং৷ বয়কট নাটকৰ পিছত যে এই মেচখনৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পোৱাটো খাটাং হৈ পৰিছে৷
মন কৰিবলগীয়া যে ১ ফেব্রুৱাৰীত পাকিস্তান চৰকাৰে ঘোষণা কৰিছিল যে টি–২০ বিশ্বকাপত অংশগ্রহণ কৰিলেও ভাৰতৰ বিৰুদ্ধে খেলিবলগীয়া মেচখনত অংশগ্রহণ নকৰে৷ বাংলাদেশ বিশ্বকাপৰ পৰা বাদ পৰাৰ পিছত পাকিস্তান ক্রিকেট ব’র্ডে এই সিদ্ধান্ত গ্রহণ কৰে৷ কিন্তু যি দিশত ঘটনা সংঘটিত হৈছে পাকিস্তানৰ ওপৰত হেঁচা ক্রমান্বয়ে বাঢ়িছে৷ শ্রীলংকা ক্রিকেট ব’র্ডেও পাকিস্তান ক্রিকেট ব’ডলৈ এখন কঠোৰ পত্র লিখিছিল৷
টিকট বিক্রীৰ বিষয়টো উপস্থাপন হৈছিল৷ মেচখন অনুষ্ঠিত নহ’লে পাকিস্তানে বৃহৎ আর্থিক লোকচানৰ সন্মুখীন হ’ব লাগিব৷ শাস্তি পোৱাৰো ভয় আছিল৷ ইপিনে, বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে মেচখন খেলিবলৈ হ’লে পাকিস্তান ক্রিকেট ব’র্ডে আইচিচিৰ ওপৰত কেইবাটাও চর্ত আৰোপ কৰিছিল যদিও ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে পিচিবিৰ তিনিটাকৈ মুখ্য চর্ত নাকচ কৰে৷
ইপিনে, আইচিচিয়ে পাকিস্তান ক্রিকেট ব’ড আৰু বাংলাদেশ ক্রিকেট ব’ডৰ সৈতে মুকলি আৰু গঠনমূলক আলোচনা সমাপ্ত কৰা বুলি নিশ্চিত কৰি কয় যে চলিত টি–২০ বিশ্বকাপত অংশগ্রহণ নকৰা বাবে বাংলাদেশে কোনোধৰণৰ শাস্তি নপায়৷ তদুপৰি, আইচিচিয়ে উল্লেখ কৰে যে ২০৩১ চনৰ বিশ্বকাপৰ পূর্বে আইচিচিৰ বৃহৎ প্রতিযোগিতা আয়োজনৰ অধিকাৰ বাংলাদেশক দিয়া হ’ব৷
ডিজিটেল ডেস্ক, ১০ ফেব্ৰুৱাৰী