সম্পাদকীয় : বিদায় ২০২৫
এটা বছৰৰ অন্ত পৰা মানে কেৱল এখন কেলেণ্ডাৰৰ শেষ পৃষ্ঠাটোৰ শেষৰ তাৰিখটো নহয়৷ ই এটা সামাজিক ক্ষণ, য’ত সময়ে নিজেই সমাজৰ আগত থমকি ৰৈ প্রশ্ণ উত্থাপন কৰে– এই বছৰটোত কি কি হ’ল আৰু কি কি নহ’ল৷ এটা বছৰ পাৰ হৈ যোৱা মানে কেৱল দিন–তাৰিখ সলনি হোৱা নহয়, ই পৰিৱর্তিত সমাজৰ মনোভাব, মূল্যবোধ আৰু অগ্রাধিকাৰৰ এটা নীৰৱ পৰীক্ষা৷ ৰাজনীতিৰ ভাষাত ই এটা অঘোষিত অডিট৷ এই বছৰটোত অসমবাসীয়ে উন্নয়নৰ কথা বহুত শুনিলোঁ৷ সেই কথাত সংখ্যা আছিল, পৰিসংখ্যা আছিল, আশ্বাস আছিল৷ সেই কথাৰ কিছু অংশ কামতো ৰূপান্তৰিত হৈছিল৷ কিন্তু একে সময়তে দৈনন্দিন জীৱনত প্রৱেশ কৰা অনিশ্চয়তা, দামবৃদ্ধি, কর্মসংস্থাপনৰ সংকট আৰু সামাজিক বিভাজনৰ বাস্তৱতায়ো অসমখনৰ সংগ এৰি নগ’ল৷ উন্নয়ন হ’ব লাগে, কিন্তু সেই উন্নয়নে মানৱ জীৱনৰ সংকোচ আঁতৰাই নিব পাৰিব লাগিব৷ যদি উন্নয়নৰ লগতে শংকাৰ প্রশ্ণ উত্থাপন হয়, তেন্তে সেই উন্নয়নৰ অর্থ পুনৰ বিবেচনা কৰিব লাগিব আৰু বহনশীল উন্নয়নৰ চর্তবোৰক যোগ্য স্থান দিব লাগিব৷ এই বছৰটোত অসমৰ স্থল যাতায়াত ক্ষেত্রখনত বিশেষ উন্নয়ন পৰিলক্ষিত হৈছে৷ যাতায়াত ব্যৱস্থাৰ গতিশীলতাই সমাজ এখনক গতিশীল কৰি তোলে আৰু এই গতিশীলতাই অসমখনক স্পর্শ কৰিছে৷ কিন্তু ইয়াৰ বিপৰীতে সাংস্কৃতিক ক্ষেত্রখন আছিল দ্বন্দ্বময়৷ এই ক্ষেত্রখনত একে সময়তে সৃষ্টিশীল প্রয়াস আৰু নীৰৱতা– দুয়োটাকে দেখা গ’ল৷ বিশেষকৈ জনপ্রিয় সংগীত শিল্পী জুবিন গার্গৰ অকাল আৰু ৰহস্যপূর্ণ বিয়োগে এই কথাটো অধিক স্পষ্ট কৰি তুলিলে৷ বিদেহ শিল্পীগৰাকীৰ প্রতি সর্বসাধাৰণ লোকৰ স্বার্থহীন আগ্রহ আৰু ভালপোৱাৰ প্রকাশ আছিল অসমৰ সাংস্কৃতিক ক্ষেত্রখনক উজ্জীৱিত কৰিব পৰা আটাইতকৈ ডাঙৰ পৰিঘটনা৷ খুব কম সময়ৰ ভিতৰতে জুবিন গার্গক লৈ ভালেমান লেখা আৰু কিতাপো প্রকাশ পালে৷ কিন্তু অধিকাংশ কিতাপকেই কম সময়ৰ ভিতৰত সম্পূর্ণ কৰা বাবে তাত প্রকাশ পোৱা অমনোযোগিতা আৰু তথ্যগত ভ্রান্তিৰ সংখ্যাই সৃষ্টিশীল নীৰৱতাৰ দিশটোকে স্পষ্ট কৰে৷ ভাষা, সাহিত্য, চিনেমা, সংগীত– এইবোৰ কেৱল বিনোদন নহয়, এইবোৰ সমাজৰ আত্মা৷ কিন্তু আত্মাৰ যত্ন নল’লে উৎসৱ আয়োজনৰ উদ্দামতাই সেই অভাৱ ঢাকিব নোৱাৰে৷
এই বর্ষ বিদায়ৰ সময়ত নীতি–নির্ধাৰকসকলে নিজকে প্রশ্ণ কৰিব লাগে– কেনে সমাজ এখন গঢ়িবলৈ নীতি–নির্ধাৰণ কৰা হৈছে৷ অধিক সংলাপমুখী নে অধিক শংকামুখী? সমাজত প্রাধান্য কিহৰ হোৱা উচিত– উৎসৱৰ নে উপলব্ধিৰ৷ নতুন বছৰ আহিব৷ ই এটা অৱশ্যম্ভাৱী ঘটনা৷ কিন্তু নতুন বছৰৰ লগে লগে স্বয়ংক্রিয়ভাৱে নতুনত্ব নাহে৷ নতুন বছৰ নতুন হ’বলৈ হ’লে চিন্তা নতুন হ’ব লাগিব, দৃষ্টিভংগীতো সাহস লাগিব আৰু সমাজ হিচাপে কিছু অস্বস্তিকৰ প্রশ্ণ গ্রহণ কৰাৰ মানসিকতাও থাকিব লাগিব৷ বর্ষান্ত মানে শেষ নহয়, ই এটা অলপ থমকি ৰোৱাৰ সুযোগ– যাতে আমি নিজেই নিজক সুধিব পাৰোঁ– আমি ঠিক দিশত আগবাঢ়িছোঁনে? বর্ষান্ত মানে হ’ব লাগে নীতি–নির্ধাৰণৰ এটা অঘোষিত মূল্যায়ন– এই বছৰটোত নীতিসমূহে কাক আগুৱাই নিলে, কাক পিছ পেলাই থ’লে৷ এটা কথা ঠিক যে নগৰীয়া অসম আৰু গ্রাম্য অসমৰ মাজৰ ব্যৱধান এই বছৰটোত কেৱল অনুভূতিমূলক নহয়, নীতিগতভাৱেও ভালেখিনি স্পষ্ট হৈ পৰিছে৷ নগৰত উন্নয়ন এটা দৃশ্যমান প্রক্রিয়া– পথ, উৰণ সেতু, বিশাল ভৱন ইত্যাদি৷ কিন্তু অসমৰ গ্রামাঞ্চলৰ উন্নয়নৰ তেনেকুৱা দৃশ্য দেখিবলৈ পোৱা নাযায়৷ গ্রাম্য অসমত শিক্ষা, স্বাস্থ্য আৰু কৃষি– এই তিনিওটা ক্ষেত্রৰ উন্নয়ন অতি জৰুৰী৷ বিদ্যালয় আছে, কিন্তু শিক্ষক আৰু পৰিকাঠামো উন্নত কৰাৰ কার্যক্ষম নীতি নাই, স্বাস্থ্যকেন্দ্র আছে, কিন্তু স্বাস্থ্যসেৱাৰ উপযুক্ত পৰিকাঠামো সম্পূর্ণ নহয়, কৃষি আছে, কিন্তু বজাৰ সংযোগ আৰু সমর্থন মূল্যৰ নিশ্চয়তা নাই৷ উন্নয়ন যদি আন্তঃসংযোগী নহয়, তেন্তে সেয়া দীর্ঘস্থায়ী নহয়৷ এইখিনিতেই জ্যোতিপ্রসাদৰ সেই অমোঘ উক্তিৰ প্রতিধ্বনি শুনা যায়–জাতি গঢ়ে চিন্তাই৷ নীতিও চিন্তাৰ ফচল৷ যদি চিন্তা নগৰকেন্দ্রিক হয়, নীতিও তেনেকুৱাই হ’ব৷ বর্ষ বিদায়ৰ সময়ত এই কথাবোৰ গভীৰভাৱে চিন্তা কৰি নতুন বছৰৰ বাবে সাজু হোৱাটোৱেই হ’ব সঠিক বর্ষ বিদায়৷