নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০ বিশ্বকাপলৈ আম্পায়াৰ-মেচ ৰেফাৰীৰ নাম ঘোষণা আইচিচিৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ মে’ : আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত যুটীয়াভাৱে ১ জুনৰ পৰা আৰম্ভ হ’ব টি–২০ বিশ্বকাপ৷ আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ বাবে ২০গৰাকী আম্পায়াৰ আৰু ৬গৰাকী মেচ ৰেফাৰীৰ নাম ঘোষণা কৰিছে আইচিচিয়ে৷ ২০খন দেশে প্রথমবাৰৰ বাবে টি–২০ বিশ্বকাপত খেলিব৷ ২৮ দিনত ৫৫খন খেল অনুষ্ঠিত হ’ব৷ এই মেচসমূহ ৯খন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ গ্রুপ পর্যায়ৰ খেলসমূহৰ বাবে মুঠ ২০জন আম্পায়াৰ ঘোষণা কৰা হৈছে৷ ইয়াৰ ভিতৰত ২০২২ চনৰ বিশ্ব টি–২০ ফাইনেলত খেলা ৰিচার্ড হলিংৱর্থ, কুমাৰ ধর্মসেনা, ক্রিছ গাফনী আৰু পল ৰাইফল৷ হলিংৱর্থে যোৱা বছৰ শ্রেষ্ঠ আম্পায়াৰৰ বঁটা লাভ কৰিছিল৷ ২০২২ চনৰ বিশ্ব টি–২০ ফাহনেলত মেচ ৰেফাৰী হিচাপে থকা ৰঞ্জন মদুগালে আৰু আহ চি চিৰ অভিজ্ঞ মেচ ৰেফাৰী জেফ ক্র’ৰ লগতে এণ্ড্রু পাইক্রফ’টো এই তালিকাত আছে৷ মুঠ ২৬ জনীয়া তালিকাত ভাৰতৰ তিনিজনে স্থান লাভ কৰিছে৷ দুজন আম্পায়াৰ আৰু এজন মেচ ৰেফাৰী৷ আম্পায়াৰসকল হ’ল – জয়ৰমণ মদংগোপাল আৰু নীতিন মেনন৷ মেচ ৰেফাৰী হিচাপে নিযুক্তি দিয়া হৈছে জৱাগল শ্রীনাথক৷ আম্পায়াৰ আৰু মেচ ৰেফাৰীৰ নাম ঘোষণা কৰাৰ পিছত আহচিচিৰ জেনেৰেল মেনেজাৰ ৱাছিম খানে কয়, ‘আমি বিভিন্ন দেশৰ অভিজ্ঞ আম্পায়াৰ আৰু মেচ ৰেফাৰী নিযুক্তি দিছো৷ তেওঁলোকৰ সকলোৰে এই পর্যায়ত ক্রিকেট পৰিচালনাৰ অভিজ্ঞতা আছে৷ আশাকৰোঁ তেওঁলোকে দায়িত্বশীলভাৱে মেচখন পৰিচালনা কৰিব৷ এইবাৰ ২০টা দলৰ মাজত প্রথমবাৰৰ বাবে অনুষ্ঠিত হ’বলৈ গৈ আছে বিশ্বকাপ৷ বিশ্বকাপৰ আম্পায়াৰসকল হ’ল– ক্রিছ ব্রাউন, কুমাৰ ধর্মসেনা, ক্রিছ গাফনী, মাইকেল গ’ফ, এড্রিয়ান হোল্ডষ্ট’ক, ৰিচার্ড হলিংৱর্থ, আলাডডিয়েন পালেকাৰ, ৰিচার্ড কেটলব’ৰ’, জয়ৰামণ মাদাংগোপাল, নীতিন মেনন, ছেম নোগাস্কি, আহছান ৰাজা, ৰছিদ ৰিয়াজ, পল ৰাহফল, লেংটন ৰাছেৰে, শ্বাহিদ ছাহকাত, ৰডনি টাকাৰ, এলেক্স ৱার্ফ, জোৱেল উইলছন আৰু আছিফ ইয়াকুব৷ মেচ ৰেফাৰী– ডেভিদ বুন, জেফ ক্র’, ৰঞ্জন মদুগালে, এণ্ড্রু পাইক্রফট, ৰিচি ৰিচার্ডছন আৰু জৱাগল শ্রীনাথ৷

You might also like