নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : অসমৰ মহিলা সাংসদ

১৯৫২ চনত ভাৰতবর্ষত প্রথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল সাধাৰণ নির্বাচন৷ দেশে স্বাধীনতা লাভ কৰাৰ পিছত সেই বছৰ অসমতো সংসদীয় নির্বাচন অনুষ্ঠিত হৈছিল৷ ইয়াৰ পিছৰটো লোকসভা নির্বাচন অনুষ্ঠিত হৈছিল ১৯৫৭ চনত৷ এই নির্বাচনত প্রথমবাৰৰ বাবে মহিলা সাংসদৰূপে নির্বাচিত হৈছিল মফিদা আহমেদ৷ তেৱেঁই অসমৰ প্রথমগৰাকী মহিলা সাংসদ৷ ভাৰতীয় জাতীয় কংগ্রেছ দলৰ প্রার্থী হিচাপে তেওঁ যোৰহাটৰ পৰা প্রতিদ্বন্দ্বিতা কৰি বিজয়ী হৈছিল৷ তদুপৰি তেওঁ হৈছে অসমৰ প্রথমগৰাকী মুছলমান মহিলা সাংসদ৷ মফিদা আহমেদৰ জন্ম হৈছিল ১৯২১ চনৰ নৱেম্বৰত যোৰহাট চহৰত৷ তেওঁ ব্যক্তিগতভাৱে ঘৰতে পঢ়া–শুনা কৰি পিছৰ ফালে সাহিত্য চর্চাও কৰিছিল৷ বিভিন্ন সামাজিক কাম–কাজেৰে দেশ তথা জাতিৰ প্রতি সেৱা আগবঢ়োৱা আহমেদ আছিল ৰেডক্রছ ছ’চাইটী, যোৰহাটৰ এগৰাকী সক্রিয় কর্মী৷ তদুপৰি ১৯৫৩ চনৰ পৰা ১৯৫৬ চনলৈ তেওঁ গোলাঘাট কংগ্রেছৰ মহিলা বিভাগৰ আহ্বায়ক আছিল৷ তেজপুৰ জিলা মহিলা সমিতিৰো আহমেদ আছিল সহকাৰী সম্পাদক৷ এই সময়ছোৱাত অসমৰ মহিলাসকলৰ উন্নয়নৰ বাবে অহোপুৰুষার্থ কৰিছিল৷ ১৯৪০ চনৰ ১১ ডিচেম্বৰত তেওঁ আছানুদ্দিন আহমেদৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল৷ ২০০৮ চনৰ ১৭ জানুৱাৰীত এইগৰাকী মহীয়সী নাৰীৰ পৰলোকপ্রাপ্তি ঘটে৷ পৰৱর্তী সময়ছোৱাত বহুকেইগৰাকী মহিলাই সাংসদৰূপে নির্বাচিত হৈ দিল্লীত অসমক প্রতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে৷ ১৯৬২ চনৰ নির্বাচনত দুগৰাকী মহিলা সাংসদ বিজয়ী হয়৷ তেওঁলোক হ’ল জ্যোৎস্না চন্দা আৰু ৰেণুকা দেৱী বৰকটকী৷ কংগ্রেছ দলৰ হৈ জ্যোৎস্নাই ২বাৰ সাংসদ হিচাপে জয়লাভ কৰিছিল৷ কাছাৰ সমষ্টিৰ পৰা তেওঁ বিজয়ী হৈছিল ক্রমে ১৯৬২ আৰু ১৯৬৭ চনত৷ তেওঁৰ জন্ম হৈছিল ১৯০৪ চনৰ ২৮ মার্চত শিলচৰত৷ ইয়াৰে মিছন গার্লছ হাইস্কুলৰ পৰা হাইস্কুলীয়া শিক্ষাগ্রহণ কৰা জ্যোৎস্না চন্দাই স্নাতক ডিগ্রী লাভ কৰিছিল কলিকতাৰ ডি’চেছান কলেজৰ পৰা৷

১৯৩১–৩২ চনত তেওঁ অসমৰ প্রথমগৰাকী মহিলা জিলা জেইল ভিজিটৰৰূপে নিযুক্তি লাভ কৰে৷ তেওঁ শিলচৰ স্কুল ব’ৰ্ড, এনইএফ ৰে’লৱে এমপ্লইজ ইউনিয়ন, ছাই এমপ্লইজ ইউনিয়ন আৰু শিলচৰ জিলা ছ’চিয়েল ৱেলফেয়াৰ ব’ডৰ অধ্যক্ষৰ পদো অলংকৃত কৰিছিল৷ ১৯৫৭ চনত তেওঁ বিধায়ক হিচাপে নির্বাচিত হয় যদিও ১৯৬১ চনত শিলচৰত সত্যাগ্রহীৰ ওপৰত আৰক্ষীয়ে গুলীচালনা কৰা ঘটনাৰ পিছত বিধায়ক পদৰ পৰা পদত্যাগ কৰে৷ ১৯৬২ আৰু ১৯৬৭ চনত লোকসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰি তেওঁ জয়লাভ কৰে৷ ১৯২৭ চনত অৰুণ কুমাৰ চন্দাৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু পিছৰ ফালে সমাজসেৱাত ব্রতী হয়৷ ১৯৭১ চনত ৬৭ বছৰ বয়সত তেওঁৰ মৃত্যু হয়৷ ১৯৬২ চনতে ভাৰতীয় জাতীয় কংগ্রেছ দলৰ হৈ বৰপেটা সংসদীয় সমষ্টিৰ পৰা বিজয়ী হয় ৰেণুকা দেৱী বৰকটকী৷ ১৯৭২ চনত তেওঁ হাজো সমষ্টিৰ পৰা বিধায়ক হিচাপেও নির্বাচিত হৈছিল৷ ১৯৭৭ চনত তেওঁ জনতা দলৰ প্রার্থী হিচাপে গুৱাহাটী লোকসভা সমষ্টিৰ পৰা বিজয় সাব্যস্ত কৰে৷ প্রধানমন্ত্রী মোৰাৰজী দেশাইৰ আমোলত তেওঁ দুবছৰৰ বাবে শিক্ষা, সমাজ কল্যাণ আৰু সাংস্কৃতিক বিভাগৰ ৰাজ্যিক মন্ত্রীৰ দায়িত্বও লাভ কৰে৷ পিছৰ ফালে তেওঁ ভাৰতীয় ৰেডক্রছ ছ’চাইটীৰ অসম শাখাৰ সম্পাদকৰ দায়িত্বও লাভ কৰে৷ ২০১৭ চনৰ ১৪ আগষ্টত তেওঁৰ পৰলোকপ্রাপ্তি ঘটে৷ সর্বাধিক সময় লোকসভাৰ সাংসদৰূপে নির্বাচিত হোৱা অসমৰ মহিলা ৰাজনীতিকগৰাকী হৈছে বিজয়া চক্রৱর্তী৷ তেওঁ ১৯৮৬ চনৰ পৰা ১৯৯২ চনলৈ অসম গণ পৰিষদ দলৰ পৰা ৰাজ্যসভাৰ সাংসদ ৰূপে নির্বাচিত হৈছিল৷ ইয়াৰ পিছত ১৯৯৯ চনৰ পৰা ২০০৪লৈ আৰু ২০০৯ চনৰ পৰা ২০১৯ চনলৈ ভাৰতীয় জনতা পার্টীৰ পৰা সাংসদৰূপে নির্বাচিত হয়৷ ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈ চক্রৱর্তীয়ে কেন্দ্রীয় চৰকাৰৰ জলসম্পদ বিভাগৰ ৰাজ্যিক মন্ত্রীৰ দায়িত্বও লাভ কৰে৷ ২০২১ চনত তেওঁ পদ্মশ্রী সন্মানেৰে বিভূষিত হয়৷ যোৰহাট জিলাৰ বালিগাঁৱত ১৯৩৯ চনৰ ৭ অক্টোবৰত তেওঁৰ জন্ম হয়৷ ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্রীধাৰী চক্রৱর্তী সম্প্রতি ভাৰতীয় জনতা পার্টীৰ ৰাষ্ট্রীয় উপ–সভাপতি হিচাপে কার্যনির্বাহ কৰি আছে৷ বিজয়া চক্রৱর্তীৰ পিছত গুৱাহাটী সমষ্টিৰ পৰা সাংসদৰূপে নির্বাচিত হয় কুইন ওজা৷ এগৰাকী অন্যতম সফল ব্যৱসায়ীৰূপে পৰিগণিত ওজা গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ ৰূপেও কার্যনির্বাহ কৰিছিল৷

You might also like