নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাক্তন মুখ্যমন্ত্রী মুকুল চাংমাসহ ১২ কংগ্রেছী বিধায়ক টিএমচিলৈ

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ শতিকা পুৰণি কংগ্রেছ দলৰ দেশজুৰি ৰাজনৈতিক বিপর্যয় অব্যাহত আছে৷ উত্তৰ–পূর্বাঞ্চলৰ মেঘালয়ত বিৰোধী কংগ্রেছৰ ওপৰত মোক্ষম আঘাত৷ ৰাজ্যখনৰ প্রাক্তন মুখ্যমন্ত্রী তথা জ্যেষ্ঠ কংগ্রেছী নেতা মুকুল চাংমাসহ ১২ কংগ্রেছী বিধায়কে আজি তৃণমূল কংগ্রেছ দলত যোগদান কৰে৷ কালি সন্ধিয়া কংগ্রেছী বিধায়ককেইগৰাকীয়ে বিধানসভাৰ অধ্যক্ষ মেটৱা লিংডোক লিখিতভাৱে টি এম চিত যোগদান কৰাৰ বিষয়ে অৱগত কৰাৰ পাছত আজি মুকুল চাংমাৰ নেতৃত্বত ১২ কংগ্রেছী বিধায়কে আনুষ্ঠানিকভাৱে তৃণমূল কংগ্রেছত যোগদান কৰে৷ তৃণমূল কংগ্রেছত যোগদান কৰা ১২ বিধায়কৰ ভিতৰত ৮গৰাকী গাৰো পাহাৰ জিলাৰ আৰু বাকী চাৰিগৰাকী খাচি জয়ন্তীয়া পাহাৰৰ৷ উত্তৰ–পূর্বাঞ্চলৰ এগৰাকী শক্তিশালী কংগ্রেছ নেতা হিচাপে পৰিচিত তথা মেঘালয়ৰ মুখ্যমন্ত্রী হিচাপে কার্যনির্বাহ কৰা জ্যেষ্ঠ নেতা মুকুল চাংমাই আজি পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছত যোগদান কৰি কংগ্রেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷

ৰাজ্যখনৰ ১৭গৰাকী কংগ্রেছী বিধায়কৰ ভিতৰত ১২গৰাকীয়েই তৃণমূল কংগ্রেছত যোগদান কৰাৰ লগে লগে কংগ্রেছে বিৰোধী দলৰ ভূমিকা হেৰুৱালে৷ টি এম চিত যোগদান কৰাৰ পাছত প্রাক্তন মুখ্যমন্ত্রী মুকুল চাংমাই নীৰৱতা ভংগ কৰি কংগ্রেছক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ শ্বিলঙত এখন সংবাদ মেলত মুকুল চাংমাই কয় যে দেশত মূল বিৰোধী দলৰ ভূমিকা পালনত কংগ্রেছ দল সম্পূর্ণ ব্যর্থ হৈছে৷ ইয়াৰ পৰিপ্রেক্ষিততে তেওঁলোকে তৃণমূল কংগ্রেছত যোগদানৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ তদুপৰি প্রাক্তন মুখ্যমন্ত্রী চাংমাই কয় যে ৰাজ্যখনৰ জনতাক সেৱা আগবঢ়োৱাৰ সম্পূর্ণ প্রতিশ্রুতিৰে এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ ২০১৮ চনৰ বিধানসভা নির্বাচনত তেওঁলোকে বিশ্বাসী আছিল যে চৰকাৰ গঠন কৰিব পাৰিব৷ কিন্তু চৰকাৰ গঠন কৰিব নোৱাৰিলে৷ নির্বাচনৰ পাছত কংগ্রেছৰ বিধায়কসকলে তেওঁলোকৰ প্রতিশ্রুতি সংঘবদ্ধভাৱে পালন কৰাৰ চেষ্টা চলাইছিল যদিও সেয়া কৰিবলৈ সক্ষম নহ’ল৷ আনকি বিৰোধী হিচাপেও তেওঁলোকে সঠিক ভূমিকা পালন কৰিব নোৱাৰিলে৷ এনে কাৰণতেই টি এম চিত যোগদান কৰি ৰাজ্যবাসীক সেৱা আগবঢ়োৱাৰ পুনৰ প্রতিশ্রুতিবদ্ধ হৈছে৷ উল্লেখ্য যে ১৭গৰাকী কংগ্রেছী বিধায়কৰ ১২গৰাকীয়েই টি এম চিত যোগদান কৰাৰ লগে লগে ৰাজ্যখনত বিৰোধীৰ স্বীকৃতি কংগ্রেছে হেৰুৱালে আৰু নিশাৰ ভিতৰতেই টি এম চি ৰাজ্যখনৰ বিৰোধী দল হিচাপে স্বীকৃতি পালে৷ তাৎপর্যপূর্ণ যে মেঘালয়ত এজনো টি এম চিৰ বিধায়ক ২০১৮ চনত নির্বাচিত হোৱা নাছিল৷ কংগ্রেছ ত্যাগ কৰি টি এম চিত যোগদান কৰা আন বিধায়ককেইগৰাকী হৈছে– চার্লছ পিংৰোপ, হিমালয়া চাংপলিয়াং, জর্জ বি লিণ্ডো, চিটলাং পালে, ডিখানজি ডি চিৰা, মিয়ানি ডি চিৰা, জেনিথ চাংমা, মাৰথন জে চাংমা, জিমি ডি চাংমা, ডি চাংমা আৰু লাজাৰাছ এন চাংমা৷

You might also like