নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রযুক্তি খণ্ডত কর্মচাৰী চাটাই

বিশ্বৰ অন্যতম গুৰুত্বপূর্ণ প্রযুক্তি খণ্ড দোপতদোপে আগবাঢ়ি আছে৷ নিত্যনতুন প্রযুক্তিৰ উদ্ভাৱনে প্রযুক্তি খণ্ডক অধিক উজ্জীৱিত কৰি তুলিছে যদিও এই প্রযুক্তি খণ্ডত ক’ভিড–১৯ মহামাৰীৰ পিছত লাভৰ পৰিমাণ হ্রাস পোৱাৰ পৰিপ্রেক্ষিতত প্রযুক্তি খণ্ডৰ কোম্পানীসমূহে কর্মচাৰী চাটাই অভিযান চলাই আছে৷ প্রযুক্তিৰ প্রয়োগেৰে কৃত্রিম বুদ্ধিমত্তা বলৱৎ কৰাৰ পৰিপ্রেক্ষিতত মানৱ সম্পদৰ বাবে বিজ্ঞানৰ এই উদ্ভাৱন কৃত্রিম বুদ্ধিমত্তা প্রত্যাহ্বান হৈ উঠিছে৷ কোম্পানীসমূহে কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ লগতে বিনিয়োগতকৈ অধিক লাভৰ আশাত কর্মচাৰী চাটাই অভিযান অব্যাহত ৰাখিছে৷ চলিত বর্ষতো বিশ্বৰ প্রখ্যাত প্রযুক্তি কোম্পানীসমূহে কর্মচাৰী চাটাই অভিযান চলাই আছে৷ তথ্য মতে, ২০২৪ চনৰ এপ্রিল মাহলৈকে বিশ্বৰ প্রখ্যাত প্রযুক্তি কোম্পানীসমূহে ৫৮,৪৯৯ কর্মচাৰীক চাটাই কৰিছে৷ প্রতি মাহতে কোম্পানীসমূহে অধিক লাভৰ প্রতি গুৰুত্ব দি কর্মচাৰীৰ চাটাই চলাই আছে৷ বিশ্বৰ ২৩৭টা প্রখ্যাত প্রযুক্তি কোম্পানীয়ে ২০২৪ বর্ষৰ প্রথম চাৰি মাহ শেষ নৌহওঁতেই ৫৮,৪৯৯ কর্মচাৰীক চাটাই কৰাক লৈ খণ্ডটোৰ কর্মৰত কর্মচাৰীসকলৰ ভৱিষ্যৎ কর্মজীৱনলৈ শংকা নমাই আনিছে৷ বিশ্বৰ প্রখ্যাত কোম্পানী এপল, মাইক্র’ছফ্ট, ডেল, আমাজ’নকে ধৰি কোম্পানীসমূহে মানৱ সম্পদ হ্রাস কৰিছে৷ অর্থাৎ কর্মশক্তি হিচাপে মানৱ সম্পদৰ ব্যৱহাৰ হ্রাস কৰি কৃত্রিম বুদ্ধিমত্তাক প্রাধান্য দিছে৷ বিগত বর্ষত উল্লিখিত কোম্পানীসমূহে কেইবাসহস্র কর্মচাৰীক চাটাই কৰাৰ পিছত চলিত বর্ষতো কর্মচাৰী চাটাই অব্যাহত ৰাখিছে৷ চলিত বর্ষত এতিয়ালৈকে প্রযুক্তি কোম্পানী এপলে ৬০০তকৈ অধিক কর্মচাৰীক চাটাই কৰিছে৷ কোম্পানীটোৰ ব্যয় হ্রাস কৰাৰ বাবে এই পদক্ষেপ গ্রহণ কৰিছে৷ তেনেদৰে আমাজ’নেও অধিক কর্মচাৰীক চাটাই কৰিছে৷ মন কৰিবলগীয়া যে আমাজ’নে ২০২২–২৩ বর্ষত কর্মচাৰী চাটাইক বিশেষ প্রাধান্য দিয়া নাছিল যদিও ২০২৪ বর্ষত এই কোম্পানীটোৱে কর্মচাৰী চাটাইৰ প্রতি গুৰুত্ব আৰোপ কৰিছে৷ তথ্য অনুসৰি, ২০২৪ বর্ষৰ জানুৱাৰী মাহত প্রখ্যাত প্রযুক্তি কোম্পানীসমূহে ১৯,৩৫০ কর্মচাৰীক চাটাই কৰিছে, ফেব্রুৱাৰী মাহত ১৫,৫৮৯ কর্মচাৰী আৰু মার্চ মাহত ৭,৩২২ কর্মচাৰীক চাটাই কৰিছে৷ এপ্রিল মাহতো কেইবাহাজাৰ কর্মচাৰীক চাটাই কৰা বুলি লেফএফৱাইআই ৱেবছাইটোত প্রকাশ পাইছে৷ এই লেফএফৱাইআই ৱেবছাইটটো হৈছে বিশ্বজুৰি কোম্পানীসমূহে চাটাই কৰা কর্মচাৰীৰ সংখ্যা প্রকাশ কৰা এটা ৱেবছাইট৷
বিশ্বৰ প্রযুক্তি খণ্ডত কর্মৰত কর্মচাৰীৰ প্রতি শংকা কঢ়িয়াই অনা কর্মচাৰী চাটাই অভিযানৰ তথ্য প্রকাশ কৰা লেফএফৱাইআই ৱেবছাইট মতে, মাইক্র’ছফ্টে বিগত বর্ষৰ পৰা কর্মচাৰী চাটাই অভিযান চলাই আছে৷ চলিত বর্ষত মাইক্র’ছফ্টে কেইবাশতাধিক কর্মচাৰীক সংস্থাপনৰ পৰা আঁতৰাই পঠিয়াইছে৷ কৃত্রিম বুদ্ধিমত্তাৰ সক্ষমতাক উজ্জীৱিত কৰি তুলি কোম্পানীটোৱে মানৱ সম্পদক কোম্পানীটোৰ পৰা আঁতৰোৱাৰ অভিযান চলাই আছে৷ মন কৰিবলগীয়া যে ভাৰতৰ জনপ্রিয় ইডু টেক ষ্টার্টআপ বাইজুৱেও কর্মচাৰীক চাটাই কৰি আছে৷ চলিত বর্ষত এই প্রতিষ্ঠানটোৱে ৫০০ কর্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিছে৷ এই কর্মচাৰীসকলক প্রতিষ্ঠানটোৰ মুৰব্বীয়ে কোনোধৰণৰ জাননী প্রেৰণ নকৰি ম’বাইল ফোনযোগে চাকৰিৰ পৰা অব্যাহতি দিছে৷ কোম্পানীটোৰ বিত্তীয় সংকটৰ পৰিপ্রেক্ষিতত সঠিকভাৱে পৰিচালনা কৰাৰ লগতে ব্যয় হ্রাস কৰাৰ লক্ষ্যৰে ৫০০ কর্মচাৰীক কোনোধৰণৰ বৈধ প্রক্রিয়া প্রয়োগ নকৰাকৈয়ে চাকৰিৰ পৰা খেদি দিছে৷ এই পদক্ষেপক লৈ শৈক্ষিক ষ্টার্টআপটোৰ মুৰব্বীৰ বিৰুদ্ধে কর্মচাৰীসকলে ক্ষোভ প্রকাশ কৰিছে৷ আনপিনে ব্যয় সংকোচন কৰাৰ অংশ হিচাপে প্রখ্যাত কোম্পানী ডেলে তেওঁলোকৰ কর্মশক্তিৰ সংখ্যা হ্রাস কৰিছে৷ তথ্য মতে, বিগত বর্ষৰ পৰা ডেলে কর্মচাৰী চাটাই প্রক্রিয়া আৰম্ভ কৰি ১,২৬,০০০ কর্মচাৰীৰ পৰা হ্রাস কৰি প্রতিষ্ঠানটোত বর্তমান কর্মচাৰীৰ সংখ্যা ১,২০,০০০লৈ হ্রাস কৰিছে৷ কর্মচাৰী চাটাই অভিযানৰ বলি হৈছে ৬ হাজাৰ কর্মচাৰী৷ তথ্য মতে, কম্পিউটাৰ বিক্রীৰ পৰিমাণ হ্রাস পোৱাৰ বাবে ডেল কোম্পানীয়ে এই পদক্ষেপ লৈছে৷ বিগত বর্ষৰ পৰা এতিয়ালৈকে কোম্পানীটোৰ কম্পিউটাৰৰ বিক্রী প্রায় ১১ শতাংশ হ্রাস পাইছে৷ গুৰুত্বপূর্ণ যে প্রযুক্তি খণ্ড যিমানেই আগবাঢ়িছে, সিমানেই মানৱ সম্পদৰ প্রতি ভাবুকি নামি আহিছে৷ প্রযুক্তিগত কোম্পানীসমূহে উন্নত প্রযুক্তিৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ পৰিপ্রেক্ষিতত কর্মচাৰী চাটাই কৰিবলগীয়া হৈছে৷ প্রধানতঃ বিনিয়োগৰ তুলনাত লাভৰ মাত্রা বৃদ্ধি কৰাটোও কোম্পানীসমূহৰ লক্ষ্য হৈ পৰিছে৷ মানৱ সম্পদ তথা কর্মচাৰীক চাটাই কৰি কৃত্রিম বুদ্ধিমত্তাসহ অত্যাধুনিক প্রযুক্তি ব্যৱহাৰেৰে ব্যয় সংকোচন কৰি কোম্পানীসমূহে লাভৰ পৰিমাণ অধিক কৰাত প্রাধান্য দিছে৷ প্রযুক্তি খণ্ডত কোম্পানীসমূহে চলাই থকা কর্মচাৰী চাটাই অভিযান মানৱ সম্পদৰ বাবে এক অশনি সংকেত বুলি ক’ব পাৰি৷

You might also like