নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মই জীৱনত কোনোদিনে সংগ্রাম কৰা নাই : কোহলি

🔹 সততাৰে আজিৰ স্থানত উপনীত হৈছোঁ

বিশেষ বাৰ্তা, ২২ এপ্রিল : বিশ্বৰ অন্যতম শ্রেষ্ঠ বেটাৰ হ’বলৈ কেতিয়াও সংগ্রাম কৰিবলগীয়া হোৱা বুলি নাভাবে বিৰাট কোহলিয়ে৷ ইয়াৰ বাবে কোনো ত্যাগ স্বীকাৰ কৰা বুলিও তেওঁ অনুভৱ নকৰে৷ নিজকে ভাগ্যৱান বুলি ভবা কোহলিয়ে আন্তর্জাতিক ক্রিকেট খেলাৰ পাছৰে পৰা নিজকে ক্রমশঃ পৰিৱর্তন ঘটাইছে৷ নিজৰ ফিটনেছৰ বিষয়তো সদায় সচেতন তেওঁ৷ বহু প্রিয় খাদ্য কেৱল খেলৰ বাবেই স্পর্শ নকৰে বেটাৰগৰাকীয়ে৷ তথাপি ক্রিকেটৰ বাবে কঠোৰ পৰিশ্রম কৰিছে অথবা ত্যাগ স্বীকাৰ কৰিছে বুলি মানি ল’ব নোখোজে কোহলিয়ে৷ সম্প্রতি এক সাক্ষাৎকাৰত নিজৰ ক্রিকেট জীৱন সম্পর্কে মন্তব্য কৰি কোহলিয়ে কয়– সততাৰ সৈতে এই স্থানত উপনীত হৈছোঁ৷ ইয়াৰ বাবে কেতিয়াও সংগ্রাম অথবা ত্যাগৰ দৰে শব্দবোৰ ব্যৱহাৰ কৰা নাই৷ কাৰণ মই কোনো সংগ্রাম কৰা নাই৷ ত্যাগো কৰা নাই৷ যিবোৰ কৰিছোঁ সেইবোৰ কেৱল নিজৰ ভালপোৱাৰ বাবে কৰিছোঁ৷ নিজৰ মন্তব্য ব্যাখ্যা কৰি কোহলিয়ে লগতে কয়– যিসকলে দুবেলা খোৱাৰ বাবে নিশ্চিত যোগাৰ কৰিব নোৱাৰে, তেওঁলোকে সংগ্রাম কৰিবলগীয়া হয়৷ মোৰ নিজৰ পৰিশ্রমক সংগ্রাম বুলি গৌৰৱ কৰিব পাৰোঁ৷ কেকৰ ওপৰত ক্রীম আৰু চেনিৰে সজাব পাৰোঁ৷ কিন্তু কোনেও মোক জীমলৈ যাবলৈ বাধ্য কৰা নাই৷ ক্রিকেট জীৱন সম্পর্কত কোহলিয়ে কয়– আচলতে মই ভাগ্যৱান৷ মই যথেষ্ট ভাল পৰিস্থিতিত আছোঁ৷ যিটো কৰি ভাল পাওঁ, সকলো সময়তে সেইটোৱেই কৰিব পাৰোঁ৷ মই এবিধ খেলেই খেলোঁ৷ এইটোৱেই মোৰ পেছা৷ মানুহৰ জীৱনত অসংখ্য সমস্যা আছে৷ সেইবোৰক লৈ আলোচনাই নহয়৷ এটা শৃংখলাত কোনে বেয়াকৈ আউট হৈছে আৰু এজনৰ মূৰৰ ওপৰত ছাদ নাই, এই দুই পৰিস্থিতিৰ কেতিয়াও তুলনা নহয়৷ উল্লেখ্য যে চলিত আইপিএলত সুন্দৰ ফর্মত আছে কোহলি৷ এইপর্যন্ত আঠখন মেচ খেলি ৩৬৮ ৰান কৰিছে তেওঁ৷ কমলা টুপীৰ দৌৰত সকলোৰে শীর্ষত আছে ভাৰতীয় দলৰ প্রাক্তন অধিনায়ক বিৰাট কোহলি৷

You might also like