নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইডিৰ গ্রেপ্তাৰৰ সময়ত মমতালৈ তিনিবাৰকৈ ফোন পার্থৰ; ফোন এবাৰো নধৰিলে মুখ্যমন্ত্রীয়ে

নিয়মীয়া বাৰ্তা, ২৬জুলাই: পশ্চিমবংগৰ ব্যাপক শিক্ষক নিযুক্তি কেলেংকাৰি গোচৰত এনফ’চমেণ্ট ডিৰেক্টৰেটে (ই ডি) গ্রেপ্তাৰ কৰা মন্ত্রী পার্থ চেটার্জীক লৈ নতুন নতুন তথ্য পোহৰলৈ আহিছে৷ বিয়াগোম শিক্ষক নিযুক্তি কেলেংকাৰিত মন্ত্রী চেটার্জীৰ ঘনিষ্ঠ অর্পিতা মুখার্জীৰ বাসগৃহত নগদ ২২ কোটি টকা অভিযানৰ সময়ত ই ডিয়ে উদ্ধাৰ কৰাৰ পাছতেই ২৬ ঘণ্টা জেৰাৰ অন্তত নিজ বাসভৱনৰ পৰা মন্ত্রী পার্থ চেটার্জীক ই ডিয়ে গ্রেপ্তাৰ কৰে৷ ই ডিৰ উপর্যুপৰি জেৰাত বিব্রত হৈ পৰা মন্ত্রী চেটার্জীক তদন্তকাৰী সন্থাটোৱে গ্রেপ্তাৰ কৰাৰ সময়ত মন্ত্রীগৰাকীয়ে মুখ্যমন্ত্রী মমতা বেনার্জীক তিনিবাৰ ফোন কৰিছিল৷

ই ডিৰ শীর্ষ সূত্রত প্রকাশ পোৱা মতে ই ডিয়ে গ্রেপ্তাৰ কৰা মন্ত্রী চেটার্জীয়ে মুখ্যমন্ত্রী বেনার্জীক ফোন কৰি ‘এৰেষ্ট মেম’ বুলি কৈছিল যদিও মুখ্যমন্ত্রীগৰাকীয়ে ফোনৰ উত্তৰ দিয়া নাছিল৷ ২৩ জুলাইৰ মাজনিশা প্রথমতো ক’ল প্রায় ১.৫৫ বজাত মুখ্যমন্ত্রী বেনার্জীলৈ কৰিছিল মন্ত্রী চেটার্জীয়ে৷ তেওঁ ফোন কৰিলেও মুখ্যমন্ত্রীগৰাকীয়ে সেই ফোন ৰিচিপ কৰা নাছিল৷ পৰৱর্তী সময়ত মন্ত্রী চেটার্জীয়ে ৩.৩৭ বজাত ফোন কৰে আৰু সেই ফোনটোও মুখ্যমন্ত্রীগৰাকীয়ে উঠোৱা নাছিল৷ দুবাৰকৈ ফোন কৰি ব্যর্থ হোৱা মন্ত্রী চেটার্জীয়ে অন্তিমটো ক’ল কৰিছিল ২৪ জুলাইৰ পুৱা ৯.৩৫ বজাত৷ সেই ফোনটোও মুখ্যমন্ত্রীগৰাকীয়ে উঠোৱা নাছিল৷

লক্ষণীয় যে আৰক্ষীয়ে মন্ত্রী চেটার্জীক আত্মীয় তথা বন্ধুক তেওঁক গ্রেপ্তাৰ কৰা বুলি জনাবলৈ ফোন কৰিবলৈ অনুমতি দিছিল আৰু সেই সময়তে মুখ্যমন্ত্রী বেনার্জীলৈ তিনিবাৰ ফোন কৰে মন্ত্রী চেটার্জীয়ে৷ গুৰুত্বপূর্ণ যে মুখ্যমন্ত্রী বেনার্জীয়ে অতি ঘনিষ্ঠ পার্থ চেটার্জীৰ ক’ল নধৰা বিষয়টোৱে তাৎপর্য বহন কৰিছে৷ আনহাতে মন্ত্রী পার্থ চেটার্জীৰ বাসগৃহত অভিযান চলোৱাৰ সময়ত ই ডিয়ে অনেক গোপনীয় তথ্য লাভ কৰাৰ লগতে সম্পত্তিৰ তালিকাও লাভ কৰিছে৷ ই ডিয়ে প্রকাশ কৰা মতে মন্ত্রী চেটার্জীৰ বাসগৃহৰ পৰা এডমিট কার্ড, নিযুক্তি–পত্র আৰু কেইবাঠাইত থকা সম্পত্তিৰ তথ্য জব্দ কৰিছে৷

You might also like