নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনতা ভৱনৰ চি–ডি ব্লকৰ সামগ্রী চুৰি

নিয়মীয়া বাৰ্তা ১০ জুলাইঃ ৰাজ্যৰ হূদপিণ্ডস্বৰূপ জনতা ভৱনৰ চি আৰু ডি ব্লকৰ পৰা সামগ্রী চুৰি হোৱা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জনতা ভৱনৰ চি আৰু ডি ব্লকৰ তলত পার্কিঙৰ নির্মাণকার্য চলি আছিল৷ নির্মাণকার্য চলি থকাৰ সময়তে নির্মাণ সামগ্রী অন্তর্ধান হৈ পৰে৷ এই ঘটনা পোহৰলৈ অহাৰ পিছতে জনতা ভৱনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ ঘটনা সন্দর্ভত জনতা ভৱন কর্তৃপক্ষই দিছপুৰ থানাত এজাহাৰ দাখিল কৰে৷ ইফালে, কালি নিশা নুনমাটি ২নং আনন্দ নগৰৰ নামঘৰত চোৰে লুটপাত চলায়৷ চোৰৰ দলটোৱে নামঘৰৰ তলা ভাঙি প্রৱেশ কৰি নগদ ধন, তাল–দবা–শংখ, বৰকাঁহ আদি সামগ্রী লুট কৰি নিয়ে৷ আজি পুৱা এই চুৰিৰ ঘটনা পোহৰলৈ অহাত নামঘৰ পৰিচালনা সমিতিয়ে নুনমাটি থানাত এজাহাৰ দাখিল কৰে৷ সান্ধ্য আইনৰ মাজতে মহানগৰ আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাক অংগুষ্ঠ প্রদর্শন কৰি চোৰে বিভিন্ন স্থানত লুটপাত চলাই আহিছে৷

You might also like