নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূজাৰ এছঅ’পি

দশম আৰু দ্বাদশৰ পৰীক্ষা বাতিল ঘোষণা কৰোঁতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এষাৰ তাৎপর্যপূর্ণ কথা কৈছিল৷ আচলতে পৰীক্ষা বাতিলৰ সেইটোৱেই আছিল প্রধান আৰু অকাট্য যুক্তি৷ তেওঁ কৈছিল যে পৰীক্ষাতকৈ শিক্ষার্থীৰ জীৱন অধিক গুৰুত্বপূর্ণ৷ প্রধানমন্ত্রী মোদীয়ে পৰীক্ষাগৃহলৈ শিক্ষার্থীক নি তেওঁলোকৰ জীৱন সংকটত পেলাব বিচৰা নাছিল৷ একেদৰে ৰাষ্ট্রধর্ম হিচাপে ছাত্র–ছাত্রীৰ এটা শিক্ষাবর্ষ নষ্ট হোৱাটোও তেওঁ কামনা কৰা নাছিল৷ দুয়োটাৰ মাজত ভাৰসাম্য বজাই প্রধানমন্ত্রীয়ে মূল্যায়নৰ জৰিয়তে ছাত্র–ছাত্রীৰ শৈক্ষিক জীৱনৰ ধাৰাবাহিকতা ৰক্ষা কৰিছিল৷ লগতে ক’ৰোনাৰ জালখনৰ পৰা দেশখনৰ লাখ লাখ শিক্ষার্থীক মুক্ত কৰি ৰাখিবলৈ সক্ষম হৈছিল৷ এতিয়া শাৰদীয় পূজাৰ ক্ষেত্রতো চৰকাৰে ৰাজধর্ম পালন কৰিবলগীয়া হৈছে৷ ইয়াৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ আগ্রহমর্মে স্বাস্থ্য বিভাগে এখন এছ অ’ পি প্রস্তুত কৰি উলিয়াইছে৷ এছ অ’ পিখনৰ লক্ষ্য জনসাধাৰণক উৎসৱৰ আনন্দৰ পৰা বঞ্চিত কৰা নহয়৷ বৰং সকলোকে সুৰক্ষা প্রদান কৰাহে চৰকাৰৰ একক আৰু প্রধান লক্ষ্য৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে এছ অ’ পি ঘোষণাৰ পূর্বৰে পৰা মুখ্যমন্ত্রী ড০ শর্মাই এইবাৰ অসমত শাৰদীয় দুর্গাপূজা উদ্যাপন কৰা হ’ব বুলি কেইবাবাৰো ঘোষণা কৰিছিল৷ কিন্তু যোৱাবেলিৰ দৰে এইবাৰো সন্মুখত হেঙাৰ হৈ থিয় দি আছে ক’ৰোনা৷ তদুপৰি মহামাৰী ভাইৰাছটোৰ তৃতীয় ঢ়ৌৰ আশংকাও বিদ্যমান৷ এই প্রেক্ষাপটত স্বাভাৱিক অৱস্থাৰ দৰে পূজা উদ্যাপন কৰিবলৈ দিয়াটো হ’ব জনসাধাৰণৰ সুৰক্ষাক সম্পূর্ণৰূপে আওকাণ কৰা৷ সেয়ে এখন এছ অ’ পিৰ প্রয়োজন আছিল৷ লগতে প্রয়োজন জনসাধাৰণে ইয়াক মানি চলাৰ৷ দেশবাসীয়ে বহু শ্রম আৰু ত্যাগৰ বলত ক’ৰোনাৰ সংক্রমণ যথেষ্টখিনি হ্রাস কৰিবলৈ সক্ষম হৈছে৷ এই অৱস্থাত যদি ভাইৰাছটোৱে পুনৰ ভয়ংকৰ ৰূপত মূৰ দাঙি উঠে, ইয়াৰ মাচুল জনসাধাৰণেই ভৰিব লাগিব৷ গতিকে জীৱনৰ মূল্যক অধিক গুৰুত্ব দি শাৰদীয় পূজা উদ্যাপন কৰিলে দেশখনৰেই মংগল৷
শৰতৰ সৈতে ভাৰতৰ হিন্দু ধর্মাৱলম্বী লোকৰ আধ্যাত্মিক জীৱনৰ সম্পর্ক প্রগাঢ়৷ এই সময়ছোৱাত দেশখনৰ প্রান্তে প্রান্তে উদ্যাপিত হোৱা পূজা আৰু উৎসৱসমূহৰ লগত জনগণৰ মংগল প্রার্থনা ওতপ্রোতভাৱে জড়িত হৈ থাকে৷ লাগিলে সেয়া দুর্গাপূজা হওক বা লক্ষ্মীপূজা নতুবা দীপাৱলীয়েই হওক৷ প্রতিটো উৎসৱত অপশক্তিৰ বিনাশ কামনা কৰি জনসাধাৰণক সুৰক্ষিত আৰু সমৃদ্ধিশালী জীৱনদানৰ প্রার্থনা কৰা হয়৷ এই প্রার্থনা যাতে সার্থক হয়, তাৰ বাবেই পূজাৰ এছ অ’ পিখন বুলিও ধৰিব পাৰি৷ ক’ৰোনাৰ পৰা জনসাধাৰণৰ জীৱন সুৰক্ষিত কৰি ৰখাটো জানো দেশবাসীৰ নির্দোষ প্রার্থনা নহয়? গতিকে জীৱনৰ সুৰক্ষাক অতিক্রম কৰি পূজা বা উৎসৱ উদ্যাপনৰ কোনো অর্থ থাকিব নোৱাৰে৷ ৰাজ্য চৰকাৰে পূজাৰ বাবে প্রস্তুত কৰা এছ অ’ পিখনত পূজাৰ আয়োজক, প্রশাসন আৰু জনসাধাৰণৰ কৰণীয় সন্দর্ভত প্রায় সকলো দিশ সামৰি লৈছে৷ নক’লেও চলে ইয়াৰ উদ্দেশ্য হ’ল ক’ৰোনাৰ সংক্রমণ ৰোধ কৰা৷ কোৱা হয় যে এনাম উৎসৱৰ জৰিয়তে কেৰালাত ক’ৰোনাৰ তৃতীয়টো ঢ়ৌৱে টোকৰ মাৰিছে৷ বিগত কিছুদিন ধৰি দেশৰ দৈনিক সংক্রমণৰ আধা দক্ষিণৰ এই ৰাজ্যখনত পোৱা গৈছে৷ এইটো সামগ্রিকভাৱে দেশখনৰ বাবেই বিপজ্জনক৷ এছ অ’ পিৰ জৰিয়তে পূজাৰ আয়োজক সমিতিক কেইবাটাও চর্ত বান্ধি দিয়া হৈছে৷ পূজাৰ আয়োজনৰ পৰা সমাপ্তিলৈকে ইয়াক সামৰি লোৱা হৈছে৷ একেদৰে সকলো যাতে সুষমভাৱে সম্পন্ন হয়, তাৰ বাবে প্রশাসনৰ ওপৰত গুৰুদায়িত্ব অর্পণ কৰা হৈছে৷ বিশেষকৈ দুর্গাপূজাৰ আয়োজনত কিছু কঠোৰ নিষেধাজ্ঞা এছ অ’ পিখনৰ জৰিয়তে আৰোপ কৰা হৈছে৷ অকল সেয়াই নহয়, পূজা উপভোগ কৰিবলগীয়া ভক্ত আৰু দর্শনার্থীৰ বাবেও আছে কেইটামান লাগতিয়াল চর্ত৷ সেই অনুসৰি, ১৮ বছৰ ঊর্ধ্বৰ প্রতিগৰাকীয়ে কমেও এপালি ক’ভিড ভেকচিনগ্রাহিতা হ’ব লাগিব, মাস্ক বাধ্যতামূলকভাৱে পিন্ধিব লাগিব৷ উৎসৱৰ আনন্দৰ মাজত এইবোৰ পাহৰি যোৱাটো নিজৰ প্রতি অন্যায় কৰা হ’ব বুলি ভাবিবৰ থল নিশ্চয় আছে৷

You might also like