মহানসকলৰ প্রতি সন্মান
মাত্র কেইদিনমানৰ আগতে দক্ষিণ আফ্রিকা আৰু জিম্বাব’ৱেৰ মাজত অনুষ্ঠিত এখন টেষ্ট মেচত এটি চিন্তা উদ্রেককাৰী ঘটনাৰ সাক্ষী হৈ ৰৈছিল সমগ্র ক্রিকেট বিশ্ব৷ মেচখনত টেষ্ট ক্রিকেটত এটি অনবদ্য বিশ্ব অভিলেখ গঢ়াৰ সুযোগ লাভ কৰিছিল দক্ষিণ আফ্রিকাৰ উইয়ান মুল্ডাৰে৷ মেচখনত তেওঁ আৰু ৩৪ ৰান কৰিলেই ৪০০ৰো অধিক ৰান কৰি ব্রায়ান লাৰাৰ অভিলেখ ভাঙিব পাৰিলেহেঁতেন৷ কিন্তু মুল্ডাৰে সেই অভিলেখ ভাঙি নতুন অভিলেখ গঢ়াৰ চেষ্টাই নকৰিলে৷ ক্রিকেট অনুৰাগীসকলে সিদিনা ধাৰণা কৰিছিল যে ২১ বছৰৰ পিছত ভংগ হ’ব ব্রায়ান লাৰাৰ বিৰল বিশ্ব অভিলেখ৷ উল্লেখ্য যে ২০০৪ চনত ইংলেণ্ডৰ বিৰুদ্ধে লাৰাই টেষ্ট মেচৰ এটা ইনিংছত ৪০০ ৰান কৰি বিশ্ব অভিলেখ প্রতিষ্ঠা কৰিছিল৷ এই অভিলেখ ভঙাৰ সুযোগ মুল্ডাৰৰ হাতৰ মুঠিলৈ আহিছিল৷ মেচখনৰ সেই দিনটোৰ মধ্যাহ্ণ বিৰতিৰ কেইটামান ক্ষণ পিছতে লাৰাৰ অভিলেখ তেওঁ ভংগ কৰিব পাৰিলেহেঁতেন৷ কাৰণ বিৰতিৰ সময়ত তেওঁ ৩৬৭ ৰানত অপৰাজিত হৈ আছিল৷ কিন্তু সকলোকে আচৰিত কৰি ইনিংছ সমাপ্তি ঘোষণা কৰিছিল অধিনায়ক মুল্ডাৰে৷ অর্থাৎ ৩৬৭ ৰানত অপৰাজিত হৈ ৰ’ল মুল্ডাৰ৷ মাত্র ৩৪ ৰানৰ বাবে অক্ষত হৈ ৰ’ল লাৰাৰ অভিলেখ৷ মন কৰিবলগীয়া যে মেচখনত খেলা নাছিল দক্ষিণ আফ্রিকাৰ নিয়মীয়া অধিনায়ক টেম্বা বাভুমাই৷ তেওঁৰ পৰিৱর্তে মেচখনত দলটোক নেতৃত্ব দিছিল মুল্ডাৰে৷ তিনি নম্বৰ স্থানতেই বেটিং কৰিবলৈ নামিছিল মুল্ডাৰে৷ অধিনায়কৰ দায়িত্বত থকা বাবে ইনিংছ সমাপ্তি ঘোষণাৰ সিদ্ধান্তও তেৱেঁই লৈছিল৷ এই ইনিংছটোৰ জৰিয়তে মুল্ডাৰে অধিনায়ক হিচাপে প্রথম ইনিংছত সর্বাধিক ৰানৰ অভিলেখো ভংগ কৰিছে৷ দক্ষিণ আফ্রিকাৰ ক্রিকেটাৰসকলৰ ভিতৰত সর্বাধিক ৰানৰ ইনিংছো খেলিলে মুল্ডাৰে৷ এখন টেষ্টত দক্ষিণ আফ্রিকাৰ ক্রিকেটাৰসকলৰ ভিতৰত সর্বাধিক ৰানো মুল্ডাৰৰ দখললৈ আহে৷ ইয়াৰ পূর্বে ২০২৩ চনত ইংলেণ্ডৰ বিৰুদ্ধে দুই ইনিংছ মিলাই ৩৬২ ৰান কৰিছিল গ্রেম স্মিথে৷ কিন্তু এটা ইনিংছতে মুল্ডাৰে তেওঁক অতিক্রম কৰিলে৷ বিদেশৰ মাটিত টেষ্টত এটা ইনিংছত সর্বাধিক ৰানৰো গৰাকী হ’ল মুল্ডাৰ৷ ইমানৰ পিছতো তেওঁ কিয় লাৰাৰ সর্বাধিক ৰানৰ অভিলেখ ভঙাৰ দুৱাৰডলিত উপনীত হোৱাৰ পিছতো কিয় যুঁজৰ পৰা আঁতৰি আহিল? বিশ্বৰ ক্রিকেট অনুৰাগীক বিস্মিত কৰা মুল্ডাৰৰ এই সিদ্ধান্তৰ কাৰণ অৱশ্যে পলমকৈ পোহৰলৈ আহিল৷ মেচখনৰ অন্তত মুল্ডাৰে ইয়াৰ কাৰণ সদৰী কৰি কয় যে লাৰাৰ প্রতি সন্মান প্রদর্শনৰ বাবেই তেওঁ মহান বেটছমেনগৰাকীৰ অভিলেখ ভঙাৰ চেষ্টা নকৰিলে৷
ইনিংছ সমাপ্তি ঘোষণা সম্পর্কে তেওঁ কয়– প্রথমতে মই ভাবিছিলোঁ আমাৰ ৰান যথেষ্ট হৈছে৷ এইবাৰ আমি বলিং কৰা উচিত৷ দ্বিতীয়তে ব্রায়ান লাৰা এজন কিংবদন্তি৷ তেওঁৰ দৰে এগৰাকী মহান ক্রিকেটাৰৰ ওচৰত যোগ্যভাৱেই এই অভিলেখ থকা উচিত৷ এনে সুযোগ পুনৰ মোৰ হাতলৈ আহিলে আকৌ সেই কামেই কৰিম৷ দলৰ প্রশিক্ষক সুকৰি কনডাৰৰ সৈতেও মই এই বিষয়ে কথা পাতিছিলোঁ৷ তেৱোঁ একে কথাকেই কৈছিল৷ তেওঁ কৈছিল যে লাৰাৰ দৰে কিংবদন্তি ক্রিকেটাৰৰ নামৰ লগতে এই অভিলেখ থকা উচিত৷ এনে ইতিবাচক সিদ্ধান্তবোৰৰ বাবেই সফলতাৰ শিখৰত উপনীত হৈছে মুল্ডাৰ৷ জীৱনৰ কঠিন সময়ত দক্ষিণ আফ্রিকা ক্রিকেট ব’ৰ্ডৰ সাহায্য লাভৰ কথাও স্বীকাৰ কৰিছে তেওঁ৷ দক্ষিণ আফ্রিকাৰ হৈ খেলিবলৈ আৰম্ভ কৰাৰ সময়ত একেবাৰে ভাল ক্রিকেটাৰ নাছিল তেওঁ৷ ব’র্ডে যথেষ্ট সুযোগ দিছে তেওঁক৷ প্রাক্তন ক্রিকেটাৰসকলৰ পৰামর্শ অনুসৰি নিজৰ খেল অধিক নিখুঁত কৰিছে মুল্ডাৰে৷ পৰৱর্তী সময়ত ইংলেণ্ডলৈ গৈ ক্রিকেটৰ টেকনিকেল দিশসমূহৰো উন্নতি ঘটাবলৈ পৰিশ্রম কৰিছে৷ ইয়াৰ পিছতে লাহে লাহে এজন শক্তিশালী ক্রিকেটাৰৰূপে প্রতিষ্ঠা লাভ কৰিছে৷ দক্ষিণ আফ্রিকাৰ ক্রিকেটাৰসকলৰ ভিতৰত সর্বাধিক ৰানৰ ইনিংছ, বিদেশৰ মাটিত সর্বাধিক ৰানৰ ইনিংছ আদি অসংখ্য অভিলেখেৰে তেওঁ এগৰাকী বিশ্বৰ আগশাৰীৰ ক্রিকেটাৰ হিচাপে প্রতিষ্ঠা লাভৰ পিছত এগৰাকী মানুহ হিচাপেও নিজৰ মহানুভৱতাক দাঙি ধৰিলে বিশ্ব মঞ্চত৷ যাৰ বাবে এটি বিৰল বিশ্ব অভিলেখ গঢ়াৰ সুযোগ লাভ কৰিও তাক হেলাৰঙে এৰি দিলে৷ স্মর্তব্য যে এবাৰ মার্ক টেইলৰেও এনে মহানুভৱতাৰ পৰিচয় দিছিল৷ ১৯৯৮ চনত পেছোৱাৰত পাকিস্তানৰ বিৰুদ্ধে ৩৩৪ ৰানত অপৰাজিত থকা সময়তে ইনিংছ সমাপ্তি ঘোষণা কৰিছিল৷ ছাৰ ডন ব্রেডমেনৰ প্রতি সন্মান জনাবলৈকে টেইলৰে এই সিদ্ধান্ত লৈছিল৷ কিয়নো ব্রেডমেনৰো টেষ্টত সর্বাধিক ৰান আছিল ৩৩৪৷ এনে সিদ্ধান্তবোৰে এহাতে যিদৰে মহান ক্রিকেটাৰসকলক সন্মানিত কৰিলে, আনহাতে নিজেও সন্মানিত হ’ল টেইলৰ আৰু মুল্ডাৰ৷ প্রাক্তন ৰাষ্ট্রপতি আব্দুল কালামে কোৱাৰ দৰে- Is Like a mirror the more you show it to other people, the more they will reflect it back.