নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐতিহাসিক লৰ্ডছ-ত আজি ইতিহাস ৰচিবনে টীম ইণ্ডিয়াই

ৱাশ্চিংটন সুন্দৰৰ লগতে যশপ্রীত বুমৰাহ আৰু মহম্মদ চিৰাজৰ দুর্দান্ত বলিঙৰ সন্মুখত ইংলেণ্ডে মাত্র ১৯২ ৰানত দ্বিতীয় ইনিংছ সামৰিবলৈ বাধ্য হয়

লর্ডছ টেষ্টত জয়ৰ গোন্ধ পাইছে টীম ইণ্ডিয়াই৷ ঘৰুৱা দল ইংলেণ্ডে লর্ডছত চলি থকা তৃতীয়খন টেষ্টত জয়ৰ বাবে ভাৰতীয় দলক ১৯৩ ৰানৰ লক্ষ্য বান্ধি দিছে৷

ইংৰাজ বাহিনীয়ে তৃতীয়দিনা কোনো উইকেট নেহেৰুওৱাকৈ কৰা ২ ৰানৰ পৰা ইনিংছ মুকলি কৰিবলৈ আহি ভাৰতীয় দলটোৰ সুনিয়ন্ত্রিত বলিঙৰ সন্মুখত বেটিং বিপর্যয়ৰ সন্মুখীন হয়৷ ৱাশ্চিংটন সুন্দৰৰ লগতে যশপ্রীত বুমৰাহ আৰু মহম্মদ চিৰাজৰ দুর্দান্ত বলিঙৰ সন্মুখত ইংলেণ্ডে মাত্র ১৯২ ৰানত দ্বিতীয় ইনিংছ সামৰিবলৈ বাধ্য হয়৷

আগদিনাৰ অপৰাজিত বেটাৰদ্বয় জেক ক্র’লি আৰু বেন ডাকেটে ঘৰুৱা দলটোক সুন্দৰ আৰম্ভণি দিয়াত ব্যর্থ হয়৷ দলীয় স্ক’ৰ ২২ ৰানত ডাকেটৰ ৰূপত প্রথমটো উইকেট হেৰুৱায় ইংলেণ্ডে৷ ডাকেটে ১২ ৰান কৰি বিদায় লয়৷ ডাকেট আউট হোৱাৰ পিছতে ঘৰুৱা দলটোৱে বিপর্যয়ৰ সন্মুখীন হয় আৰু ইটোৰ পিছত সিটো উইকেট হেৰুৱাবলৈ ধৰে৷

জেক ক্র’লিয়ে ২২ ৰান কৰি বিদায় লয়৷ ইপিনে অ’লি প’পে মাত্র ৪ ৰানত পেভিলিয়নমুখী হয়৷ দলটোৰ হৈ জ’ ৰুটে সর্বাধিক ৪০ ৰানৰ অৱদান আগবঢ়ায়৷ অধিনায়ক বেন ষ্ট’কছে ৩৩ আৰু হেৰী ব্রুকে ২৩ ৰান কৰি বিদায় লয়৷ ৰুট আৰু অধিনায়ক ষ্ট’কছৰ মাজত পঞ্চম উইকেটত সর্বাধিক ৬৭ ৰান সংগ্রহ হয়৷ ইফালে জেমি স্মিথে বিশেষ উন্নত প্রদর্শন দাঙি ধৰাত ব্যর্থ হয়৷ মাত্র ৮ ৰান কৰি ৱাশ্চিংটন সুন্দৰৰ বলত ব’ল্ড আউট হয়৷

ক্রিছ ৱ’কছে ১০ ৰানৰ অৰিহণা আগবঢ়ায়৷ ভাৰতীয় দলটোৰ হৈ ৱাশ্চিংটন সুন্দৰে সর্বাধিক ৪টা উইকেট লাভ কৰাৰ লগতে যশপ্রীত বুমৰাহ আৰু মহম্মদ চিৰাজ উভয়ে দুটাকৈ তথা নীতিশ কুমাৰ ৰেড্ডী আৰু আকাশদীপ উভয়ে এটাকৈ উইকেট লাভ কৰে৷ ইপিনে ১৯৩ ৰানৰ জয়ৰ লক্ষ্যৰে ইনিংছ মুকলি কৰিবলৈ আহি চতুর্থ দিনাৰ অন্তত ভাৰতীয় দলটোৱে ১৭.৪ অভাৰত চাৰিটা উইকেট হেৰুৱাই ৫৮ ৰান সংগ্রহ কৰিছে৷

অ’পেনাৰ লোকেশ ৰাহুলে ৩৩ ৰানত অপৰাজিত হৈ থকাৰ বিপৰীতে অধিনায়ক গিল, যশস্বী জয়ছোৱাল, কৰুণ নায়াৰ আৰু আকাশদ্বীপ আউট হয়।

Niyomiya Barta Desk, 14 July, 2025

You might also like