নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহনক্ষম ক্ষমতাৰ প্রতিবেদনত অসমৰ দুখলগা অৱস্থাঃ শ্রেষ্ঠ ৰাজ্যলৈ উন্নীতকৰণৰ পৰিকল্পনা

-শ্যামকানু মহন্ত

নিটি আয়োগৰ বহনক্ষম ক্ষমতাৰ প্রতিবেদনত অসমৰ যোৱা বছৰৰ পাৰদর্শিতা অতি দুখলগা৷ একদম শেষৰ ফালে, কেৱল ঝাৰখণ্ড আৰু বিহাৰৰ আগত অসমৰ স্থান৷ তাকে লৈ ব্যাপক চর্চা হৈছে আৰু এই কথাখিনি এইবাবেই অধিক চর্চালৈ আহিছে যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই শাসনভাৰ লৈয়েই বা বহু সময়ত অসমখনক দেশৰ পাঁচখন শ্রেষ্ঠ ৰাজ্যৰ ভিতৰৰ এখনলৈ ৰূপান্তৰ কৰাৰ সপোনৰ কথা কৈ আহিছে৷ সেই সপোনটো অহা এটা দশকত সম্পন্ন হোৱাটো আমি সকলোৱে অন্তঃকৰণেৰে বিচাৰোঁ৷ কিন্তু পৰিসংখ্যাই আমাক এখন ছবি দেখুৱাইছে, এতিয়া দৰকাৰ হ’ব সুনির্দিষ্ট পৰিকল্পনা আৰু ৰূপায়ণ কৰি অসমৰ স্থান উন্নত কৰাৰ৷
মোৰ দৃষ্টিত এখন ৰাজ্যৰ অর্থনীতি বা মূল্যাংকৰণ কেৱল এইখিনি সূচাংকৰ দ্বাৰাই নির্ধাৰিত নহয়৷ অন্যান্য বহুখিনি সূচাংক আছে, ক্ষেত্র আছে৷ যাৰ কিছু ক্ষেত্রত অসমে বহুখিনি ভাল কৰি আছে আৰু কিছু ক্ষেত্রত বেয়া৷ বহনক্ষম ক্ষমতাৰ এই প্রদর্শনৰ পিছতো মোৰ দৃষ্টিত এই বিভিন্ন ক্ষেত্রবোৰ ঊর্ধ্বগামী কৰিব পৰা যায়৷ কাৰণ পাঁচটামান ক্ষেত্রতহে আমাৰ প্রদর্শন বেয়া হৈ আছে, বহু ক্ষেত্রত৷ অসমে আগতকৈ ভাল কৰিছে৷ বিশেষকৈ শিশু বা প্রসূতিৰ মৃত্যু, পুষ্টিহীনতা বা বিদ্যালয় আধাতে সামৰা নাইবা মহিলাৰ বিপক্ষে অপৰাধ ইত্যাদিত আৰু বহু ভাল কৰিব লাগিব৷ এইখিনি কথা, সমস্যা গুৰুত্বসহকাৰে লৈ কাম কৰিব পৰা যায়৷ মই ভাবোঁ এটা ন’ডেল বিভাগ সৃষ্টি কৰিব লাগে৷ যি এইখিনি সূচাংক উন্নতিকৰণৰ চেষ্টাত পৰিকল্পিতভাৱে আগবাঢ়িব আৰু বিভিন্ন সংশ্লিষ্ট বিভাগৰ লগত সমন্বয় ৰাখিব৷ ভালদৰে লাগি থাকিলে আগন্তুক বছৰবোৰত অসম নিশ্চয়কৈ এইক্ষেত্রত আগবাঢ়িব৷ তাৰ লগতে কি কৰিলে অসম দেশৰ পাঁচখন ৰাজ্যৰ এখনত পৰিণত হ’ব, এই সম্পর্কে ব্যাপক আলোচনাৰ দৰকাৰ৷
প্রথমতে কি কি সূচাংকত আমি দেশৰ অগ্রজ ৰাজ্য হ’ব পাৰোঁ, এই সম্পর্কে এটা সিদ্ধান্ত হ’ব লাগে৷ মোৰ দৃষ্টিত জনমূৰি আয় এটা মূল সূচাংক৷
স্বৰাজোত্তৰ কালত অসমৰ অর্থনীতি যথেষ্ট আশাব্যঞ্জক অৱস্থাত আছিল৷ ১৯৫১ চনত অবিভক্ত অসমৰ জনমূৰি আয় আছিল দেশৰ ভিতৰতে পঞ্চম স্থানত৷ যোৱা ৭০ বছৰে অসমৰ জনমূৰি আয়ৰ পৰিমাণ কমি কমি এতিয়া দেশৰ ভিতৰতে প্রায় ২২নং স্থানত৷ অতি দৰকাৰী মানৱ সম্পদ উন্নয়নৰ ক্ষেত্রত অসম একেবাৰেই পিছৰ ফালে৷
অসমৰ জনমূৰি আয়ৰ প্রায় ৪৪ শতাংশ সেৱা খণ্ডৰ পৰা, ৩৯ শতাংশ উদ্যোগ ক্ষেত্রৰ পৰা আৰু ১৭ শতাংশ কৃষি ক্ষেত্রৰ পৰা আহে৷ এতিয়া সেৱা খণ্ড বুলি ক’লে অসমত চৰকাৰী চাকৰিৰ ভূমিকাই বেছি৷ বাকী পর্যটন, স্বাস্থ্য ইত্যাদি সেৱা খণ্ডত আৰু বহু কৰিব লগা আছে৷ এইখিনি হ’লে সেৱা খণ্ডৰ অৱদান বাঢ়িব৷
কৃষিৰ ক্ষেত্রত দেখা যায়, অসমত প্রায় ৪০ লাখ হেক্টৰ ভূমিত খেতি কৰা হয়৷ অসমৰ বেছিভাগ ভূমিত বছৰটোত এবাৰেই খেতি কৰা হয়৷ কৃষিৰ ক্ষেত্রত উৎপাদিকা শক্তি কম৷ বিশেষকৈ উজনি আৰু উত্তৰ অসমত কৃষি উৎপাদিকা শক্তি বঢ়োৱাৰ লগতে কৃষি আন্তঃগাঁথনি, জলসিঞ্চনৰ ক্ষেত্রত বহু কৰিবলগীয়া আছে৷ বজাৰ সৃষ্টি আৰু অসমৰ জৈৱিক সামগ্রীসমূহৰ ব্যাপক প্রচাৰ হ’ব লাগে৷ গুণগত মানদণ্ড আৰু বজাৰ সৃষ্টি কৰিব পাৰিলে কৃষিক্ষেত্রৰ অৱদান বহু বাঢ়িব৷
উদ্যোগ–বাণিজ্যৰ ক্ষেত্রত অসমত বিনিয়োগ বহু কম হ’ল৷ চাহ বা তৈলক্ষেত্রত যিমানখিনি বিনিয়োগ হ’ল সেয়া পূর্বৰেই৷ বাকী ক্ষেত্রত বিনিয়োগ নহ’ল৷ কৃষি আৰু উদ্যোগ ক্ষেত্রত বিনিয়োগ নোহোৱা বাবে বাকী সেৱা খণ্ডত অসম পিছপৰি ৰ’ল৷ সাতে–সোতৰই মিলি অসম এতিয়া দেশৰ বিভিন্ন ঠাইতকৈ পিছপৰি ৰ’ল৷ পর্যটন ক্ষেত্রত চৰকাৰে ভাল আন্তঃগাঁথনি কৰিব পাৰিলে অসমে বহু ভাল কৰিব৷ শিক্ষা, স্বাস্থ্য খণ্ডত আৰু চৰকাৰৰ বিত্তীয় অৱস্থাৰ উন্নতি কৰিব পাৰিলে জনমূৰি আয় বহু বৃদ্ধি পাব৷
গোৱা আৰু ছিকিম এতিয়া প্রথম তিনিটা স্থানত আছে৷ এই দুয়োখন ৰাজ্য অধ্যয়ন কৰিলে অসমৰ সমস্যা সম্পর্কে বহু কথা ওলাই পৰে৷ দুয়োখন ৰাজ্যতে পর্যটনৰ ব্যাপক অৱদান আছে, দুয়োখনতে উদ্যোগ ক্ষেত্রত ব্যাপক বিনিয়োগ হৈছে, ছিকিমৰ জৈৱিক খেতিয়ে ব্যাপক সুফল দিছে আৰু জনমূৰি আয় প্রতিবছৰে বৃদ্ধি পাইছে৷ আৰু এটা অতি গুৰুত্বপূর্ণ কথা দুয়োখন ৰাজ্যৰ আইন–শৃংখলাৰ পৰিস্থিতি যথেষ্ট ভাল৷ চান্দা, জোৰ–জুলুম নাই, চৰকাৰৰ সহযোগ ভাল আৰু সেইবাবে বিনিয়োগকাৰী যাবলৈ ভাল পায়৷
আমাৰ অসমত বিনিয়োগ কম হোৱাৰ কাৰণ কি? ব্যক্তিগতভাৱে মই এই কথাষাৰ বিভিন্ন মাধ্যমত বহুবাৰ কৈছেছা৷ আমি নিজেই বহু দিন ধৰি অসমলৈ উদ্যোগ আনিবলৈ চেষ্টা কৰি আছিলোঁ৷ অসমত থকা কেইবাটাও উদ্যোগ অনাৰ ক্ষেত্রত আমি আগভাগ লৈছিলোঁ৷ চৰকাৰেও যোৱা ৫ বছৰত উদ্যোগ–বাণিজ্য অনাৰ ক্ষেত্রত যথেষ্ট আগভাগ লৈছে৷ কিন্তু আমাৰ সকলোৰে একেই অভিজ্ঞতা৷ অসমলৈ বিনিয়োগকাৰী আহিব নিবিচাৰে৷
প্রথম কথা হ’ল বজাৰ সৰু, যোগাযোগৰ অসুবিধাৰ বাবে অসমত বহু উদ্যোগ নহয়৷ দ্বিতীয়তে ওড়িশা, ঝাৰখণ্ড ইত্যাদি বহু ৰাজ্য অসমতকৈ বেছি আকর্ষণীয় বিনিয়োগকাৰীৰ বাবে, মহাৰাষ্ট্র, তামিলনাডুৰ কথা বাদেই দিলোঁ৷
আমাৰ পৰিৱেশটোৰ বাবে বিভিন্ন বিনিয়োগকাৰীসকল আহিব নিবিচাৰে৷ বিনিয়োগকাৰীসকলক বহু সংগঠনে লুণ্ঠনকাৰী বুলি অভিহিত কৰে৷ বাকী ডাবি–ধমকি, অসম বন্ধ, চান্দা প্রথা আছেই৷ সেইবাবেই বিনিয়োগ নহয়৷ কিছু আন্তঃগাঁথনিক সমস্যা আছে৷ এইক্ষেত্রত চৰকাৰ জবাবদিহি হ’ব লাগে৷ পর্যাপ্ত পৰিমাণে মাটি আৰু ২৪ ঘণ্টাই বিজুলী শক্তিৰ যোগান ধৰিব লাগে৷ এই সকলোখিনি মিলি অসমত বিনিয়োগ হ’ব পাৰে৷ অসমত উদ্যমী সংস্কৃতি নাই৷ আজিকালি বহু বাঢ়িছে৷ অসমত উদ্যোগীসকলক সন্মান দিয়া নহয়, যিমানখিনি সন্মান শিল্পী–সাহিত্যিকসকল্ দিয়া হয়৷ এই সকলোখিনি মিলি অসমত বিনিয়োগৰ এটা পৰিৱেশ সৃষ্টি হোৱা নাই৷
বহনক্ষম ক্ষমতাৰ ক্ষেত্রত যি নিম্নগামী পৰিসংখ্যা, সেইখিনি ভাল কৰাত সমাজৰ অধিক দায়িত্ব আছে৷ ইয়াত দুটা কথা আহে৷ এটা চৰকাৰৰ বিফলতা আনটো আমাৰ নিজৰ৷ বিশেষকৈ মহিলাৰ বিপক্ষে যি অপৰাধ বা শিশু বা প্রসূতিৰ মৃত্যুৰ হাৰ বা বিভিন্ন অপৰাধজনিত ঘটনাই এখন সমাজক প্রতিফলিত কৰে৷ বিশেষকৈ চাহ জনগোষ্ঠীয় অঞ্চলত প্রসূতি বা শিশুৰ মৃত্যুৰ হাৰ বহু বেছি৷ চৰ অঞ্চলত মহিলাৰ ক্ষেত্রত বিভিন্ন সূচাংকৰ হাৰ অতি নিম্নগামী৷ চৰ অঞ্চলত অপৰাধজনিত ঘটনাৰ হাৰ অতিশয় বৃদ্ধি পাইছে৷ বিশেষকৈ ড্রাগ্ছ বা চোৰ–ডকাইতিৰ ঘটনাৰ অধিকসংখ্যকেই চৰ অঞ্চলৰ৷ এই সকলো ঘটনাৰ এটা সমাধান সূত্রৰ প্রয়োজন৷ বিশেষকৈ চাহ জনগোষ্ঠীয় বা চৰ অঞ্চলৰ প্রতিনিধিসকলে বুজা উচিত যে ইমান দিনে ৰাজনীতি বহু হ’ল৷ এতিয়া শিক্ষা, স্বাস্থ্য ইত্যাদি বিভিন্ন ক্ষেত্রত কাম হ’ব লাগে৷ চৰ অঞ্চলৰ লোকে প্রশ্ণ কৰিব লাগে, ইমান দিনে ভোট দিয়াৰ পিছতো কিয় উন্নয়ন দেখা নগ’ল? সমাজৰ মাতব্বৰী অৱস্থা, মহিলাৰ মর্যাদাহীনতা, ভয়ংকৰ অপৰাধপ্রৱণতা আৰু জনসংখ্যা বিস্ফোৰণৰ বাবে কোন দোষী? চৰকাৰ নে সংখ্যালঘু সমাজ৷
এইখিনি কথা প্রশ্ণ কৰাৰ সময় আহি পৰিছে৷
মুখ্যমন্ত্রী মহোদয়ৰ সপোন যথেষ্ট আশাব্যঞ্জক৷ সপোন দেখিলেহে কাম কৰিব পৰা যাব৷ ৫ বছৰ নহ’লেও অনাগত ১০ বছৰৰ ভিতৰত নিম্নগামী সূচাংকৰ মান উন্নত হ’ব বুলি আশা কৰিব পাৰি৷ ইতিমধ্যে স্বাস্থ্যখণ্ডত প্রসূতি আৰু নৱজাত শিশুৰ মৃত্যুৰ ক্ষেত্রত অসমে লাহে লাহে ভাল কৰিছে৷ ভাল কৰাৰ পিছতো সূচাংকত দেশৰ শেষতেই আছে৷ অর্থাৎ সমস্যাটো বহু পুৰণি৷ খাদ্যাভ্যাস বা সামাজিক কিছু কাৰণত বহু বছৰ ধৰি অসমত এইবোৰ সূচাংক নিম্নগামী হৈ আছে৷ বাকী সমাজৰ মাজত ব্যাপক জনজাগৰণ সৃষ্টি কৰিব লাগিব৷ মহিলাৰ বিপক্ষে যিবোৰ অপৰাধজনিত ঘটনা, অন্ধবিশ্বাস, কুসংস্কাৰ এইবোৰ দূৰ কৰাৰ ক্ষেত্রত সমাজৰ গুৰুত্বপূর্ণ ভূমিকা আছে৷ তাৰ লগতে চৰকাৰৰো বহু দায়িত্ব আছে৷ ডাইনী হত্যা বা বিভিন্ন কুসংস্কাৰসমূহ কিদৰে দূৰ কৰিব পাৰি ইত্যাদি৷ বিশেষকৈ মহিলাক সন্মান নকৰিলে এখন সমাজৰ উন্নতি হ’ব নোৱাৰে৷ মহিলাৰ ক্ষেত্রত থকা সূচাংকত অসম দুখলগা ধৰণেৰে পিছপৰি আছে৷ এইবোৰ সমস্যা উজনি বা উত্তৰ অসমতকৈ চৰ অঞ্চলত বেছি হৈছে৷
ইমানদিনে পূর্ববংগীয় মুছলমান অধ্যুষিত অঞ্চলসমূহত ৰাজনীতি বহু হ’ল৷ মাতব্বৰিতা, অন্ধবিশ্বাস, কুসংস্কাৰ খুব বেছি৷ সেই অঞ্চলসমূহৰ উন্নয়নৰ বাবে সুদীর্ঘ পৰিকল্পনাৰ প্রয়োজন৷ যোৱা ৭০ বছৰে তেওঁলোকে বিশেষ এটা দুটা দলক ভোট দিলে৷ যোৱা কেইবাটাও নির্বাচনত বিশেষকৈ বিধানসভা নির্বাচনত তেওঁলোকে মিত্রজোঁটক অলপো ভোট দিয়া নাই, হিতাধিকাৰীৰ বিভিন্ন সুবিধাখিনি ভালকৈ পোৱাৰ পিছতো৷ সেই প্রেক্ষাপটত এই অঞ্চলসমূহত এইখন চৰকাৰে কাম কৰিবনে সেইটো এটা ডাঙৰ প্রশ্ণ? কিন্তু ৰাজ্যখনৰ সর্বাংগীণ উন্নতিৰ বাবে চৰকাৰখনে সকলোকে লগত লৈ আগবাঢ়িব লাগিব৷ সংখ্যালঘু সমাজেও উপলব্ধি কৰিব লাগিব যে এটা ভোটবেংক হ’ল, কিন্তু তেওঁলোকৰ কোনো উন্নয়ন নহ’ল৷ নির্বাচনৰ সময়ত বহু কথা কোৱা হয়৷ ৰাজ্যখনৰ সর্বাংগীণ উন্নয়নৰ স্বার্থত চৰকাৰেও সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত কাম কৰা উচিত৷
জনসংখ্যাৰ বিস্ফোৰণৰ বাবেই চৰ অঞ্চলত অপৰাধজনিত কাম বাঢ়িছে৷ অলপতে ড্রাগ্ছৰ বিপক্ষে ধৰা পৰা অপৰাধী বেছিভাগেই চৰ অঞ্চলৰ৷ বাকী অঞ্চলসমূহতো ঘটনা ঘটে, কিন্তু সচৰাচৰ ৭০ শতাংশ অপৰাধীয়েই চৰ অঞ্চলৰ মানুহ৷ এইখিনি কথা সংখ্যালঘু সমাজে বুজা অতিশয় দৰকাৰ৷ তাত এক ধৰণৰ সামাজিক পৰিৱর্তনৰ প্রয়োজন, সংখ্যালঘু সমাজৰ নেতৃস্থানীয় লোকসকলে আগভাগ ল’ব লাগিব৷ চৰকাৰে সেই অঞ্চলসমূহত জনসংখ্যা নিয়ন্ত্রণৰ ব্যাপক প্রচেষ্টা ল’ব লাগে৷ জনসংখ্যা বিস্ফোৰণ অসমৰ বিভিন্ন সমস্যাৰ এক মূল কাৰণ৷
ঠিক একেদৰে চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলসমূহত সমাজৰ নেতৃস্থানীয় ব্যক্তিসকলে চৰকাৰৰ সৈতে সহযোগিতাত অসমৰ সর্বাংগীণ উন্নয়নৰ বাবে সুদৃঢ় পৰিকল্পনা ল’ব লাগিব৷ ঠিক তেনেকৈ ঘৰে ঘৰে পানী যোগান, বিশুদ্ধ পানীৰ সমস্যা, পুষ্টিকৰণ ইত্যাদিকে ধৰি মানৱ সম্পদ উন্নয়নৰ এই সমস্যাবোৰ সমাধান কৰিব লাগিব, বহনক্ষম ক্ষমতাৰ সূচাংকসমূহ আমি ভাল কৰিব পাৰিম৷
কিন্তু এই কথাও সঁচা যে বহনক্ষম ক্ষমতাৰ প্রতিবেদনত যদিও অসমৰ স্থান শেষৰ ৩টাৰ ভিতৰত, তথাপি এইখিনিয়ে এখন ৰাজ্যৰ সামগ্রিক পৰিৱেশ নুবুজায়৷ অসমৰ সমাজ ব্যৱস্থা যথেষ্ট সুস্থিৰ৷ আমি সচৰাচৰ দেখা পাওঁ এজন ব্যক্তি অসমলৈ আহিলে থাকি যাব খোজে৷ কাৰণ অসমৰ প্রকৃতি, সামাজিক পৰিৱেশ ভাল, সুস্থিৰ সমাজ ব্যৱস্থা, হিন্দী বলয়ৰ বেছিভাগতকৈ ভাল৷ স্বাস্থ্যখণ্ডত অসমৰ যিখিনি আন্তঃগাঁথনি সেয়া দেশৰ বহু ৰাজ্যতকৈ ভাল অৱস্থাত আছে৷ ক’ভিড মেনেজমেণ্টৰ ক্ষেত্রত অসমে অন্যান্য বহু ৰাজ্যতকৈ যথেষ্ট অগ্রগতি লাভ কৰিছে৷ কৃষিজাত সামগ্রীৰ উৎপাদনৰ ক্ষেত্রত অসমৰ পৰিসংখ্যা যথেষ্ট ভাল বা অৰণ্যাবৃত অঞ্চলৰ পৰিসংখ্যাত অসম বাকী বহু ঠাইতকৈ আগবঢ়া৷
এটা কথা ক’ব লাগিব যে অসমৰ সাংস্কৃতিক ভেটি যুগ যুগ ধৰি শংকৰদেৱৰ আদর্শৰ ভিত্তিত প্রতিপালিত হোৱা বাবে সমাজ ব্যৱস্থাৰ মান বহু উন্নত৷ বিগত নির্বাচন এক ধর্মভিত্তিক, মেৰুকেন্দ্রিক নির্বাচন আছিল৷ তথাপি অসমত একো গণ্ডগোল নহ’ল৷ যদিও বহনক্ষম ক্ষমতাৰ পৰিসংখ্যাত অসম পিছপৰা৷ কিন্তু সমাজ ব্যৱস্থা, অসমৰ জীৱন নির্বাহৰ মান বাকী বহু ৰাজ্যতকৈ যথেষ্ট আগবঢ়া, যি এইবোৰ সূচাংকত নাহে৷
বিভিন্ন সূচাংকত অসমৰ স্থান নিম্নগামী হোৱাত শক্তিশালী ৰাজনৈতিক নেতৃত্বৰ বিফলতা, চৰকাৰী ব্যৱস্থাটোৰ দুর্বলতাও বহুলাংশে দায়ী৷ আমাৰ ৰাজনৈতিক দলসমূহে কংগ্রেছ বা বিজেপি যিয়েই নহওক তেওঁলোকে বুজিব লাগিব যে শাসনভাৰ চলাবলৈ কিছুসংখ্যক যোগ্য ব্যক্তিৰ প্রয়োজন৷ যি চৰকাৰ তথা প্রশাসন ব্যৱস্থাটো ভালদৰে চলাব পাৰে৷ আমোলাতান্ত্রিক ব্যৱস্থাটোক অধিক উন্নতি কৰিব লাগিব৷ বহু বছৰ ধৰি অসমত ভাল কাম হৈ আছে, কিন্তু সমাজৰ প্রতিটো স্তৰলৈ কামবোৰ যোৱা নাই৷ সেৱা আগবঢ়োৱাৰ ক্ষেত্রত, ছার্ভিচ ডেলিভাৰীৰ ক্ষেত্রত অসমে অধিক জোৰ দিব লাগিব৷
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা অতিশয় যোগ্য ব্যক্তি৷ কাম কৰিবলৈ যোগ্যতাৰ লগতে তেখেতৰ পৰিশ্রম কৰাৰ অভাৱনীয় শক্তি আৰু মনৰ দৃঢ়তা আছে৷ বাকী মন্ত্রী, আমোলা তথা সমগ্র সমাজখনেই এইক্ষেত্রত সকলোৱে তেখেতক সহযোগিতা কৰিব লাগিব৷ এয়া এক দীঘলীয়া যাত্রা হ’ব৷ ৫ বছৰত হয়তো এয়া সম্ভৱ নহ’ব পাৰে, কিন্তু অহা ১০ বা ১৫ বছৰৰ ভিতৰত আমাৰ জীৱন কালতে অসমখন প্রথম ৫খন ৰাজ্যৰ এখন হিচাপে দেখাটো আমাৰ কাম্য৷ এই যাত্রা সহজ নহ’ব, কিন্তু অসম্ভৱ একেবাৰেই নহয়৷ সকলোতে এটা আৰম্ভণিৰ প্রয়োজন৷ নতুন চৰকাৰৰ বিভিন্ন কামৰ আৰম্ভণিটো খুব ভাল হৈছে৷ মুখ্যমন্ত্রী শর্মাই অতি বুদ্ধিমত্তাৰে অত্যধিক গতিশীলতাৰে ৰাজ্যখন আগুৱাই নিয়াৰ প্রচেষ্টা লৈছে৷
অসমৰ বর্তমানৰ অৱস্থাটোও বিভিন্ন সূচাংকৰ ছবিখনো ঠিক নহয়৷ ৭০ বছৰৰ পিছতো আমি ইমান পিছপৰি ৰোৱাৰ কাৰণ কি, সকলোৱে বুজি উঠাটো প্রয়োজনীয় হৈ পৰিছে৷
পূর্বতে যি হ’ব লগা আছিল হৈ গ’ল৷ ভুলবোৰ সামৰি আগবাঢ়ি যাব লাগিব৷ তাৰ বাবে আটাইতকৈ প্রয়োজনীয় আমাৰ সকলোৰে এটা উন্নয়নমুখী মন, এটা পৰিৱেশ আৰু সুদৃঢ় নেতৃত্বৰ৷ আশা কৰোঁ সুদক্ষ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত, অসমপ্রেমী সংগঠন, ৰাইজ সকলোৰে সহযোগত আমাৰ ৰাজ্যখন সঠিক স্থানলৈ ঊর্র্ধ্বগামী হ’ব৷

You might also like