গাজা -ত নিৰীহৰ নৰক যাত্রা
যুদ্ধত থানবান হৈ পৰা গাজা এতিয়া মানৱতাৰো বধ্যভূমি৷ ইজৰাইলে পেলেষ্টাইনী সশস্ত্র স্বাধীনতাপন্থী সংগঠন হামাছক নিঃশেষ কৰাৰ বাবে গাজাত চলাই থকা যুদ্ধই অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ ইতিমধ্যে প্রায় ৫৫ হাজাৰ নিৰীহ পেলেষ্টাইনীৰ প্রাণ কাঢ়িছে এই নৃশংস যুদ্ধই৷ ইয়াৰ পাছতো গাজাত হিংস্রতাৰ ন ন পৰিচয় দাঙি ধৰিছে ইজৰাইলী সেনাই৷ বিগত ১১ দিন ধৰি পেলেষ্টাইনৰ দুর্গত লোকসকলৰ বাবে আন্তর্জাতিক সংস্থাই প্রেৰণ কৰা সাহায্য সামগ্রী গাজাত প্রৱেশৰ ক্ষেত্রত বাধা প্রদান কৰি আহিছিল ইজৰাইলে৷ ইয়াৰ ফলত ভয়াৱহ খাদ্য সংকটৰ কবলত পৰা গাজাৰ পেলেষ্টাইনী লোকসকলৰ মাজত নতুন সমস্যাৰ সৃষ্টি হৈছে৷ দীর্ঘদিন ধৰি অনাহাৰ–অপুষ্টিৰ কবলত থকা পেলেষ্টাইনী শিশুসকলে তিলতিলকৈ মৃত্যুক আদৰি ল’বলগীয়া হৈছে৷ ইজৰাইলৰ এনে অমানৱীয় কার্যক লৈ সৰৱ হৈছে ৰাষ্ট্রসংঘ৷ বিশ্বৰ সর্বোচ্চ সংস্থাটোৰ তৰফৰ পৰা আশংকা প্রকাশ কৰা হৈছে যে গাজাত তাৎক্ষণিকভাৱে পর্যাপ্ত সাহায্য সামগ্রী প্রেৰণৰ ব্যৱস্থা নকৰিলে ৪৮ ঘণ্টাৰ ভিতৰত চৈধ্য হাজাৰ বুভুক্ষ শিশুৱে মৃত্যুক আদৰি ল’ব লাগিব৷ ৰাষ্ট্রসংঘৰ মানৱীয় সংস্থাৰ মুৰব্বী টম ফ্লেছাৰে দাবী কৰা অনুসৰি, এই মুহূর্তত গাজাত দুর্গত লোকসকল ভয়াৱহ খাদ্য সংকটৰ কবলত পৰিছে৷ দীর্ঘদিন ধৰি অপুষ্টিৰ সৈতে যুঁজি থকা শিশুসকলে লাভ কৰা নাই চিকিৎসা সাহায্য৷ পৰিণতিত মুহূর্তৰ ভিতৰতে গাজা হৈ পৰিব পাৰে অন্য এক নৰক৷ এনে পৰিস্থিতিত ইজৰাইলে হামাছৰ বিৰুদ্ধে অভিযানৰ দোহাই দি গাজালৈ সাহায্য সামগ্রী প্রৱেশৰ পথ বন্ধ কৰি দিয়া বিষয়টোক লৈ সৰৱ হৈছে ইউৰোপৰো কেইবাখনো দেশ৷ অৱশ্যে আন্তর্জাতিক চাপৰ মুখত পৰি শেহতীয়াকৈ ইজৰাইলে গাজাৰ দুর্গত লোকসকলৰ বাবে বিভিন্ন আন্তর্জাতিক সংস্থাই প্রেৰণ কৰা সাহায্য সামগ্রী পৰিবহণকাৰী ট্রাক প্রৱেশৰ ক্ষেত্রত অনুমতি দিছে৷ মঙলবাৰে আন্তর্জাতিক চাপৰ মুখত পৰি ইজৰাইলে গাজাত সাহায্য কঢ়িওৱা পাঁচখন ট্রাক প্রৱেশৰ অনুমতি দিয়ে৷ কিন্তু এই সাহায্য মহাসাগৰৰ বুকুত এটুপি পানীৰ দৰে বুলি বিভিন্ন দেশে ইজৰাইলক সমালোচনা কৰাৰ পাছত পৰহি নিশাৰ ভিতৰত ১০০ ট্রাক গাজাত প্রৱেশৰ অনুমতি দিবলৈ বাধ্য হৈছে ইজৰাইল চৰকাৰে৷ মানৱীয় সাহায্য পৰিৱেশন কৰা এই ট্রাকসমূহত আছে খাদ্য, খোৱাপানী, ঔষধ তথা অত্যাৱশ্যকীয় সামগ্রী৷
লক্ষণীয়ভাৱে গাজাৰ এই ভয়াৱহ পৰিস্থিতি গাপ দি ৰাখি পাশ্চাত্যৰ কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে ইজৰাইল৷ ব্রিটেইন, ফ্রান্স, কানাডাসহ কেইবাখনো দেশে ইজৰাইলক এনে কার্যৰ বাবে ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ব লাগিব বুলি হুংকাৰ দিছে৷ আনকি ব্রিটেইনে ইজৰাইলৰ পৰা কূটনীতিকক ওভতাই নিয়া হ’ব বুলি হুংকাৰ দিছে৷ মানৱতাৰ বধ্যভূমিত পৰিণত হোৱা গাজাত তিলতিলকৈ মানুহক মৃত্যুমুখলৈ ঠেলি দিয়াৰ বাবে ইজৰাইল চৰকাৰক বিশ্বৰ মানৱ অধিকাৰ সংগঠনসমূহেও কঠোৰ সমালোচনা কৰিছে৷ ইজৰাইলৰ বোমা–ক্ষেপণাস্ত্রত গাজাত যিমানসংখ্যক লোক নিহত হৈছে, তাতকৈ অধিক লোকে মৃত্যুমুখলৈ গতি কৰিছে খাদ্য সংকটৰ বাবে৷ চিকিৎসা অবিহনে গাজাত বহু শিশুৱে এতিয়ালৈকে মৃত্যুক আদৰি ল’বলগীয়া হৈছে৷ এনে পৰিস্থিতিৰ বাবে হামাছ নহয়, ইজৰাইল জগৰীয়া বুলি বিভিন্ন দেশে অভিযোগ তুলিছে৷ ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলত হামাছে চলোৱা আক্রমণৰ পাছৰে পৰা গাজা ভূখণ্ড হৈ পৰে ভয়াৱহ যুদ্ধৰ কেন্দ্র৷ হামাছৰ বিৰুদ্ধে ইজৰাইলে সামৰিক অভিযান চলালেও ইয়াৰ মূল্য ভৰিবলগীয়া হৈছে নিৰীহ পেলেষ্টাইনী লোকসকলে৷ হামাছে পণবন্দী কৰি ৰখা ইজৰাইলী নাগৰিকসকলৰ মুক্তিৰ বাবে যোৱা ১৫ জানুৱাৰীত সাময়িক যুদ্ধবিৰতিৰ প্রতি উভয় পক্ষ সন্মত হৈছিল৷ প্রথম পর্যায়ৰ যুদ্ধবিৰতিৰ পাছতে পুনৰ মার্চ মাহত গাজাত ইজৰাইলে আৰম্ভ কৰে সামৰিক অভিযান৷ এই অভিযান পূর্বতকৈ অধিক হিংস্র হৈ পৰে৷ পৰিণতিত গাজাত দ্বিতীয় পর্যায়ৰ ইজৰাইলী অভিযানত নিৰীহৰ মৃত্যুৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰে৷ ইয়াৰ মাজতে ৰাষ্ট্রসংঘই ইজৰাইলৰ শেহতীয়া কাম–কাজক লৈ কঠোৰ সমালোচনা আগবঢ়াইছিল৷ এইক্ষেত্রত ইউৰোপীয় দেশসমূহে এইবাৰ ৰাষ্ট্রসংঘৰ আশংকাক গুৰুত্বসহকাৰে লৈ ইজৰাইললৈ সকীয়নি বার্তা দিয়াটো লক্ষণীয় বিষয় হিচাপে চিহ্ণিত হৈছে৷ ৰাষ্ট্রসংঘৰ প্রতিবেদন অনুসৰি, গাজাত বাস কৰা ২০ লাখ পেলেষ্টাইনীৰ অধিকসংখ্যকেই এতিয়া ভয়াৱহ অপুষ্টিৰ স্বীকাৰ৷ পৰিস্থিতিৰ পৰিৱর্তন নহ’লে গাজাত শীঘ্রে পাইকাৰী হাৰত নিৰীহ লোকে প্রাণ হেৰুৱাবলগীয়া হ’ব বুলি দাবী কৰিছে ৰাষ্ট্রসংঘই৷