নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলকানত পুনৰ যুদ্ধৰ আশংকা

ইউক্রেইন–ৰাছিয়াৰ যুদ্ধৰ মাজতে উত্তৰ আফ্রিকান ৰাষ্ট্র ছুডানত গৃহযুদ্ধই ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ সেনা আৰু অর্ধ সেনাৰ মাজত চলা যুদ্ধত এতিয়ালৈকে কেইবাশও লোক নিহত হোৱাৰ উপৰি গৃহহীন হৈছে হাজাৰ হাজাৰ অসামৰিক লোক৷ আনকি বিদেশৰ নাগৰিকসকলক স্থানান্তৰৰ প্রক্রিয়াও চলি আছে দেশখনত৷ যুদ্ধৰ অৱসান ঘটাবলৈ বাৰে বাৰে চেষ্টা চলোৱা হৈছে যদিও পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে ছুডানত৷ এনে যুদ্ধৰ সংঘাতে পৃথিৱীৰ বিভিন্ন প্রান্তত ৰক্তপ্লাৱনৰ সৃষ্টি কৰা সময়তে ছার্বিয়াত আৰম্ভ হৈছে যুদ্ধৰ প্রস্তুতি৷ যোছেফ ব্রজ টিট’ৰ স্বপ্ণৰ যুগোশ্লাভিয়া এতিয়া নাই৷ ৯০ৰ দশকত ভাগি থানবান হৈছে যুগোশ্লাভিয়া সাম্রাজ্য৷ যুগোশ্লাভিয়া থানবান হৈ যোৱাৰ পিছতো ৰক্তাক্ত সংঘাতৰ স্মৃতি সজীৱ হৈ আছে বলকান অঞ্চলত৷ এতিয়াও হিংসাৰ দাৱানলে মাজে সময়ে যুদ্ধৰ আশংকাক সজীৱ কৰি তোলে৷ এইবাৰ কছ’ভোত বসবাস কৰা সংখ্যালঘু ছার্বসকলৰ ওপৰত নির্যাতনৰ অভিযোগ তুলি যুদ্ধৰ প্রস্তুতি চলাইছে ছার্বিয়াই৷ ইতিমধ্যে ছার্বিয়া চৰকাৰে সেনাক হাই এলার্ট কৰিছে৷ ৰাষ্ট্রপতি আলেকজেণ্ডাৰ ভুছিচৰ অভিযোগ যে ছার্ব নাগৰিকসকলক এতিয়াও দ্বিতীয় শ্রেণীৰ লোক হিচাপে গণ্য কৰি অহা হৈছে৷ অকল সেয়াই নহয়, কছ’ভোত ছার্ব নাগৰিকসকলৰ ওপৰত আতিশয্য চলাই ছার্বিয়াক যুদ্ধৰ বাবে প্রৰোচিত কৰি অহা বুলি দেশখনৰ চৰকাৰে অভিযোগ কৰিছে৷ পৰিস্থিতি এনে পর্যায়লৈ গৈছে যে কছ’ভো সীমান্তত ইতিমধ্যে মোতায়েন কৰা হৈছে বৃহৎসংখ্যক ছার্বিয়ান সেনাক৷ মুহূর্তৰ ভিতৰতে জাননী পালে কছ’ভোৰ বিৰুদ্ধে যুদ্ধত জঁপিয়াই পৰিবলৈ সাজু হৈ আছে ছার্বিয়ান বাহিনী৷ ইফালে, দেশখনৰ প্রতিৰক্ষামন্ত্রী মাইল’ছ ভুছেভিচে সংবাদ মাধ্যমক জনাইছে যে ছার্বিয়া যুদ্ধৰ প্রস্তুতিৰ সর্বোচ্চ পর্যায়ত আছে৷ কছ’ভো সীমান্তত ইতিমধ্যে সেনাই যুদ্ধৰ বাবে অৱস্থান গ্রহণ কৰা বুলিও প্রতিৰক্ষামন্ত্রীগৰা ঘোষণা কৰিছে৷ প্রতিৰক্ষামন্ত্রী ভুছেভিচৰো একেই অভিযোগ যে কছ’ভোত প্রবল সন্ত্রাসৰ সন্মুখীন হৈছে ছার্ব বাসিন্দাসকল৷ ইফালে পূর্বৰ যুগোশ্লাভিয়া ভাগি জন্ম হোৱা ছার্বিয়াৰ এনে সিদ্ধান্তক লৈ উদ্বেগ প্রকাশ কৰিছে ইউৰোপীয় সংঘই৷
ছার্বিয়াৰ বিক্ষোভ আৰু বেলগ্রেডৰ সেনা তৎপৰতাই কছ’ভোৰ পৰিস্থিতি অধিক জটিল কৰি তুলিছে৷ আভ্যন্তৰীণ শান্তি বিঘ্ণিত হোৱাৰ উপৰি প্রতিবেশী ছার্বিয়াৰ সম্ভাব্য আক্রমণ– এই দুয়োটা আশংকাৰ সন্মুখীন হৈছে কছ’ভোৰ ৰাষ্ট্রপতি ভিয়োছা ওছমানি৷ কিন্তু ছার্বিয়াৰ তৰফৰ পৰা আহিব পৰা যিকোনো আক্রমণক প্রত্যাহ্বান জনাবলৈ কছ’ভোৰ সেনাও সাজু হৈ থকা বুলি মন্তব্য কৰিছে ৰাষ্ট্রপতি ওছমানিয়ে৷ লক্ষণীয় বিষয়টো হৈছে ইউৰোপৰ ক্ষুদ্র দেশ কছ’ভোৰ জনসংখ্যা মাত্র ১৮ লাখ৷ নাগৰিকসকলৰ প্রায় ৯০ শতাংশই আলবেনিয়ান মুছলমান৷ ৫ শতাংশ খ্রীষ্টান ছার্ব৷ এই ছার্বসকলেই সঘনে অভিযোগ কৰি আহিছে যে সংখ্যাগুৰু আলবেনিয়ান মুছলমানসকলে প্রতি মুহূর্ততে তেওঁলোকৰ ওপৰত নির্যাতন চলায়৷ আনকি সংখ্যাগুৰু আলবেনিয়ান মুছলমানসকলৰ নিয়ন্ত্রণত আছে প্রশাসন৷ গতিকে সংখ্যালঘুৰ অধিকাৰ কাঢ়ি লোৱা হৈছে দেশখনত৷ আৰম্ভণিৰে পৰা কছ’ভো আৰু ছার্বিয়াৰ মাজত এই বিষয়টোক লৈ দ্বন্দ্ব চলি আহিছে৷ যুগোশ্লাভিয়া সাম্রাজ্যৰ পতনৰ পিছত ক্ষুদ্র ক্ষুদ্র দেশত ভাগ হৈ পৰা বৃহৎ ইউৰোপীয় অঞ্চলটোত সংখ্যালঘু আৰু সংখ্যাগুৰুৰ বিবাদেই সৃষ্টি কৰি আহিছে ৰক্তক্ষয়ী সংঘর্ষৰ৷ এই সংঘর্ষত ইখন দেশে সিখন দেশৰ বিৰুদ্ধে সেনা মোতায়েন কৰি আহিছে৷ গতিকে সংঘর্ষই যিকোনো মুহূর্ততে যুদ্ধৰ ৰূপ ধাৰণ কৰে৷ এইবাৰো একেই পৰিস্থিতিৰ সৃষ্টি হৈছে৷ শেহতীয়াকৈ কছ’ভোত ছার্ব অধ্যুষিত জেকান চহৰৰ মেয়ৰ নির্বাচনক কেন্দ্র কৰি সৃষ্টি হয় সংঘাত৷ নির্বাচনত জয়লাভ কৰা আলবেনিয়ান মুছলমান পার্টীক কার্যালয়ত প্রৱেশ কৰিবলৈ যোৱাৰ সময়ত বাধা দিয়ে ছার্ব বাসিন্দাসকলে৷ তাৰ পিছতে আৰক্ষীৰ সৈতে সংঘর্ষত লিপ্ত হয় প্রতিবাদকাৰীসকল৷ প্রসংগক্রমে উল্লেখনীয় যে ২০০৮ চনত ছার্বিয়াৰ পৰাই বিচ্ছিন্ন হৈ স্বাধীনতা ঘোষণা কৰিছিল কছ’ভোৱে৷ আমেৰিকা আৰু ইউৰোপৰ দেশবোৰে কছ’ভোৰ স্বাধীনতাক স্বীকৃতি দিলেও ছার্বিয়াই এতিয়ালৈকে সেই স্বীকৃতি প্রদান কৰা নাই৷ গতিকে বলকান অঞ্চলৰ সংঘাতৰ বাৰুদ সদায় সজীৱ হৈ আছে৷ বিগত ডেৰ দশক ধৰি আমেৰিকা আৰু ইউৰোপে চেষ্টা কৰিও কছ’ভো আৰু ছার্বিয়াৰ সংঘাতৰ অৱসান ঘটাব পৰা নাই৷ এইবাৰ পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকা কৰিছে ইউৰোপ–আমেৰিকাই৷

You might also like