নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত ব্ৰাউন ছুগাৰসহ তিনি সৰবৰাহকাৰী আটক

নিয়মীয়া বাৰ্তা, ২৯ মেঃ  নজৰ ফকীৰ, নেমু, চবেৰ আলীৰ দৰে কুখ্যাত ড্ৰাগছ মাফিয়াই শিৱসাগৰ আৰু ইয়াৰ উপকন্ঠ অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই থকাৰ সময়তেই আজি শিৱসাগৰ আৰক্ষীৰ অতৰ্কিত অভিযানত জালত পৰিল তিনিটাকৈ ড্ৰাগছ সৰবৰাহকাৰী ৷ লক্ষণীয়ভাৱে শিৱসাগৰ সদৰ আৰক্ষীৰ এই সফল অভিযানত আৰক্ষীৰ জালত পৰা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীকেইটাৰ মাজত কুখ্যাত গাড়ী চোৰ ৰাজু আলীও থকা ঘটনাই আন এক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ স্মৰ্তব্য যে বিগত এটা দশক ধৰি শিৱসাগৰ, ডিব্ৰুগড় আৰু যোৰহাট জিলাত চুৰি ডকাইতি আৰু ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই থকা মষ্ট ৱান্টেড ৰাজু আলী ড্ৰাগছ সৰবৰাহৰ গোচৰত এইবাৰকে ধৰি মুঠ ৪বাৰ আৰক্ষীৰ জালত পৰিছে ৷ ইয়াৰ বিপৰীতে গাড়ী, বাইক, সোণৰ গহনা, মবাইল চুৰিৰ গোচৰত পূৰ্বতে কুৰিবাৰতকৈও অধিক উজনিৰ আটাইকেইখন কাৰাগাৰৰ আলহী হৈছে ৷ প্ৰাপ্ত বাতৰি মতে, শিৱসাগৰ সদৰ আৰক্ষীৰ এটা দলে গোপন সুত্ৰৰ পম খেদি চলাইছিল এই সফল অভিযান ৷ আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়া মতে শিৱসাগৰ নগৰৰ পশ্চিম যমুনা ৰোডৰ নিবাসী হামিদুৰ ৰহমানৰ ঘৰত ভাড়াতীয়া হিচাপে থকা ৰাফিক হুছেইন নামৰ এজন যুৱকে চুবুৰীয়া এজন ব্যক্তিৰ ঘৰৰ কিছু মূল্যৱান সামগ্ৰী চুৰি কৰা বুলি এক তথ্য লাভ কৰিছিল ৷এই তথ্যৰ ভিত্তিতেই আজি বিয়লিৰ ভাগত শিৱসাগৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত অহা এটা আৰক্ষীৰ দলে এই চুৰি সামগ্ৰীসহ ৰাফিক হুছেইনক আটক কৰিবলৈ সক্ষম হয় ৷ আনহাতে সেই সময়ত ৰাফিকৰ ঘৰৰ ভিতৰত আত্মগোপন কৰি থকা দুজন যুৱকে আৰক্ষীৰ দলটোক দেখি পলায়ন কৰে যদিও আৰক্ষীৰ দলটোৱে খেদি খেদি দুয়োজন যুৱকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ আটকাধীন দুয়োজন যুৱকক তালাচী চলোৱাৰ সময়তেই মফিদুল ইছলাম (২৯) নামৰ যুৱকজনৰ জেপৰ পৰা .২০ গ্ৰাম ওজনৰ ব্ৰাউন ছুগাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ ইফালে মফিদুলৰ লগত একেলগে আটক কৰা আনজন যুৱক বহু অপৰাধজনিত গোচৰৰ অন্যতম অভিযুক্ত জয়সাগৰ তিনিআলিৰ ৰাজু আলী (৩৭) বুলি জানিব পৰা গৈছে ৷ আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী মফিদুল আৰু ৰাফিকৰ ঘৰ নগাঁৱত বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে ধৃত তিনিজনেই মাৰাত্মক ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত ৷ আৰক্ষীয়ে অধিক তথ্য উদ্ধাৰৰ বাবে তিনিও সৰবৰাহকাৰীক পৃথকে জেৰা চলাই আছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান 

You might also like