নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বি.১.১৫২৯

বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকৰ পৰা দিছপুৰলৈ ওভতনি যাত্রাত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই ২৫ নৱেম্বৰত অসমবাসীৰ বাবে এটা আশাৰ বাতৰি শুনাইছে৷ ওভতনি যাত্রাত বজালী জিলা ভ্রমণ কৰি তেওঁ সাংবাদিকৰ আগত কৈছিল, ‘অহা দুই–তিনি মাহৰ ভিতৰত অসম ক’ভিডমুক্ত হ’ব৷’ বিগত প্রায় তিনি বছৰ ধৰি মহামাৰী ভাইৰাছটোৰ আতংকত ভুগি থকা ৰাজ্যখনৰ বাবে ইয়াতকৈ আশাৰ খবৰ আৰু কি হ’ব পাৰে ভাইৰাছটোৱে বিশ্বজুৰি জনসাধাৰণৰ স্বাভাৱিক জীৱন আঁজুৰি নিছে৷ সংক্রমণৰ পৰা ৰক্ষা পাবলৈ মানুহক শৃংখলিত জীৱন যাপন কৰিবলৈ বাধ্য কৰিছে৷ ৰাজহুৱা জীৱন বুলিবলৈ যেন একোৱেই নোহোৱা হৈছে৷ উৎসৱ, সভা–সমিতি, বিনোদন সকলোতে এছ অ’ পিৰ বাধ্যবাধকতা৷ সমগ্র বিশ্বতে অর্থনীতি মন্দাৰ গ্রাসত পৰিছে৷ এই অৱস্থাত ক’ভিডমুক্ত ভূমি এডোখৰ যিকোনো মানুহৰ বাবে স্বপ্ণ আৰু পৰম হেঁপাহৰ৷ কিন্তু মন্ত্রী কেশৱ মহন্তৰ সেই আশাৰ বাটত হেঙাৰ হৈ থিয় দিছে ভাইৰাছটোৰ নতুন অৱতাৰ এটা৷ ভাইৰোলজীৰ পৰিভাষাত ইয়াৰ নাম বি.১.১৫২৯৷ ক’ৰোনাৰ এই নতুন অৱতাৰটো ইতিমধ্যে বিশ্বৰ বাবে ত্রাসৰ কাৰণ হৈ পৰিছে৷ প্রকৰণটোৰ সন্ধান পোৱাৰ লগে লগে বিশ্বজুৰি শ্বেয়াৰ বজাৰত পতন দেখা গৈছে৷ আমেৰিকাৰ পৰা ইউৰোপ, দক্ষিণ এছিয়া, ভাৰতলৈকে শ্বেয়াৰ বজাৰৰ সূচকাংক নিম্নমুখী হৈছে৷ ২৬ নৱেম্বৰৰ পুৱা ভাৰতত শ্বেয়াৰ বজাৰ মুকলিৰ লগে লগে পতন আৰম্ভ হয়৷ ছেনছেক্স প্রায় ১,৪০০ পইণ্ট নামে৷ নিফটীৰো প্রায় ৪০০ পইণ্ট সৰি পৰে৷ দেখা যায় যে গাডী, বেংক, শক্তিক্ষেত্রৰ শ্বেয়াৰৰ সবাতোকৈ অধিক দাম কমে৷ নিফটীৰ ব্লু শ্বিপ শ্বেয়াৰসমূহৰ ভিতৰত ৰিলায়েঞ্চ ইণ্ডাষ্ট্রিজৰ শ্বেয়াৰৰ দাম সর্বাধিক কমে৷ দাম কমে এইচ ডি এফ চি, এছ বি আই, ইনফোছিছৰ দৰে নামী শ্বেয়াৰৰো৷ মাথোঁ কেইঘণ্টামানৰ ভিতৰতে শ্বেয়াৰ বজাৰৰ পৰা বিনিয়োগকাৰীৰ প্রায় ৬.৫ লাখ কোটি টকা উধাও হৈ যায়৷ ইয়াৰ পৰা বুজাত অকণো অসুবিধা নহয় যে ক’ৰোনাৰ নতুন অৱতাৰটো কিমান ভয়াৱহ আৰু প্রভাৱশালী৷ শ্বেয়াৰ বজাৰৰ পতনৰ মূলতে আছিল, ক’ৰোনাৰ নতুন ৰূপটোৱে মানুহৰ ৰোগ প্রতিৰোধ ক্ষমতাক নষ্ট কৰি পেলায় বুলি ওলোৱা কথাষাৰ৷ কথাষাৰ বিজ্ঞানীৰ মুখৰ পৰা ওলোৱা৷ ইংলেণ্ডকে ধৰি অনেক দেশে দক্ষিণ আফ্রিকা ভ্রমণৰ পৰা বিৰত থাকিবলৈ নিজ দেশৰ জনগণক আহ্বান জনাইছে৷
অসম তথা ভাৰতবর্ষত শেহতীয়াকৈ ক’ৰোনা ভাইৰাছৰ সংক্রমণ যথেষ্ট হাৰত হ্রাস পাইছে৷ ভাইৰাছটোত আক্রান্ত হৈ চিকিৎসাধীন লোকৰ সংখ্যাও দেশখনত আশাব্যঞ্জকভাৱে কমিছে৷ ইয়াৰ বিপৰীতে ডেল্টাৰ ৰূপত মহামাৰীটোৱে ইউৰোপত নতুনকৈ সন্ত্রাসৰ সৃষ্টি কৰিছে৷ মহাৰাষ্ট্রৰ স্বাস্থ্যমন্ত্রীগৰাকীয়্ ডিচেম্বৰত ভাৰতত ক’ৰোনাৰ তৃতীয় লহৰ আৰম্ভ হ’ব বুলি দাবী কৰিছে৷ এই সকলোবোৰৰ মাজতে বৎছোৱানাত ক’ৰোনাৰ নতুন অৱতাৰটোৰ সন্ধান পোৱা যায়৷ ইয়াৰ পিছত দক্ষিণ আফ্রিকা আৰু হংকঙত ক’ৰোনাৰ ‘অধিক ভয়ংকৰ’ ৰূপটোৰ অস্তিত্ব ওলায়৷ বিশেষজ্ঞৰ মতে, কমেও ৩২ বাৰ স্পাইক প্র’টিন সলনি কৰি জন্ম হয় ক’ৰোনাৰ নতুন অৱতাৰটোৰ৷ ই অতি মাৰাত্মক৷ এতিয়ালৈকে ইউৰোপ বা বিশ্বৰ আন অংশত ইয়াৰ অস্তিত্ব ওলোৱা নাই যদিও অতি সংক্রমণপ্রৱণ নতুন ৰূপটোৱে বিশ্বজুৰি ত্রাসৰ সৃষ্টি কৰিবলৈ বেছি পৰ নালাগে৷ শেহতীয়াকৈ বিশ্বত ভাইৰাছটোক লৈ চৰকাৰী বিধি–নিষেধ যথেষ্টখিনি শিথিল কৰি দিয়া হৈছে৷ দুপালি ভেকচিনে বিমান যাত্রা, ভিছাপ্রাপ্তি আদিত থকা বাধা বহুখিনি হ্রাস কৰিছে৷ এখন দেশৰ পৰা আনখন দেশলৈ যাত্রা, ভ্রমণ বহুলাংশে সহজ হৈ পৰিছে৷ অৱশ্যে ভাইৰাছটোৰ মাৰক ক্ষমতা আৰু সংক্রমণ প্রৱণতালৈ চাই কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে শেহতীয়াকৈ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ চৰকাৰসমূহক সতর্ক কৰি পত্র প্রেৰণ কৰিছে৷ পত্রখনত ভাইৰাছটোৰ নতুন ৰূপৰ সন্ধান ওলোৱা দেশসমূহৰ পৰা ভাৰতলৈ অহা লোকৰ স্ক্রিনিং, ক’ৰোনা পৰীক্ষা আদি কৰিবলৈ নির্দেশ দিয়া হৈছে৷ তদুপৰি, তেওঁলোকৰ সংস্পর্শলৈ অহা লোকৰ ওপৰতো নজৰ ৰাখিবলৈ কোৱা হৈছে৷ স্বাস্থ্য মন্ত্রালয়ৰ সচিব ৰাজেশ ভূষণে প্রেৰণ কৰা পত্রখনত কোৱা হৈছে যে ক’ৰোনাৰ নতুন ৰূপটো জিনৰ চৰিত্র সলনিৰ ‘অতি বিৰল সমাৱেশ’৷ নতুন ৰূপটোত বহুবাৰ জিনৰ বিন্যাস সলনি হৈছে৷ ভাৰতবর্ষত এনে ভয়ংকৰ ৰূপটোৰ প্রৱেশ ঘটক, সেইটো কোনেও কামনা নকৰে৷ দেশখন লাহে লাহে সুস্থিৰতাৰ দিশলৈ যাব ধৰিছে৷ ভগ্ণ অর্থনীতিয়ে ধীৰে ধীৰে গতি লাভ কৰিছে৷ এনে অৱস্থাত ক’ৰোনাৰ নতুন ৰূপটোৱে আহি আক্রমণ কৰিলে দেশখনৰ অর্থনীতি, জনস্বাস্থ্য আদিত সহজে কঁকাল পোন কৰিব নোৱাৰাকৈ আঘাত হানিব৷ সেয়ে চৰকাৰী সংস্থাসমূহে বহিঃৰাষ্ট্রৰ পৰা অহা লোকৰ ওপৰত চোকা নজৰ ৰখা ভাল৷ ক’ৰোনাৰ দ্বিতীয় লহৰে দেশখনৰ কোনো কোনো অংশত কি অৱস্থাৰ সৃষ্টি কৰিছিল, সেয়া সকলোৱে দেখিছে৷ অক্সিজেন, বিছনাৰ অভাৱত বহু লোকৰ অকালতে মৃত্যু হৈছিল৷ এতিয়া দেশখন সেই আন্তঃগাঁথনিগত দুৰৱস্থাৰ পৰা বহুখিনি ওপৰলৈ আহিছে৷ কিন্তু পর্যাপ্ত বা আশ্বস্ত হৈ থাকিব পৰা স্তৰলৈ যোৱা নাই৷ ক’ৰোনাক লৈ সতর্ক হৈ থকাটোৱেই উত্তম পথ৷

You might also like