নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শংকিত বিশ্বঃ দক্ষিণ আফ্রিকাত ক’ভিড–১৯ৰ নতুন প্রকৰণ

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ দক্ষিণ আফ্রিকাত মাৰাত্মক ক’ভিড–১৯ৰ নতুন প্রকৰণ চিনাক্ত হোৱাৰ পিছতে শংকিত বিশ্ব৷ ক’ভিড–১৯ৰ নতুন প্রকৰণটোক লৈ উদ্বিগ্ণ বিজ্ঞানী৷ দক্ষিণ আফ্রিকাৰ লগতে আফ্রিকাৰ দেশসমূহত নতুন প্রকৰণ বি.১.১.১৫২৯ চিনাক্ত হোৱাৰ লগে লগে এই ভাইৰাছটোৰ অতি ৰূপান্তৰিত বৈশিষ্ট্যৰ বাবে উদ্বিগ্ণ বিজ্ঞানীয়ে পূর্বৰ ক’ভিড–১৯ প্রকৰণতকৈ নতুনকৈ চিনাক্ত হোৱা প্রকৰণটো ভয়াৱহ হ’ব বুলি ইংগিত দিছে৷ গভীৰ উদ্বিগ্ণতাৰ বিষয় হৈ পৰা ক’ভিড–১৯ৰ নতুন প্রকৰণটোৰ নাম ৰখা হৈছে নু–ভি (এন ইউ–ভি)৷ ইয়াৰ পূর্বে ক’ভিড–১৯ৰ প্রকৰণক আলফা বিটা, গামা আৰু ডেল্টা হিচাপে নামকৰণ কৰা হৈছিল৷ আফ্রিকাৰ দেশ বটছৱানাত প্রথম চিনাক্ত হোৱা এই নু–ভি প্রকৰণটোক লৈ উদ্বিগ্ণতা প্রকাশ কৰি বিশ্ব স্বাস্থ্য সংস্থাই জৰুৰী বৈঠক অনুষ্ঠিত কৰিছে৷

আফ্রিকাৰ দেশত নতুনকৈ চিনাক্ত নু–ভিক লৈ বিশ্ব স্বাস্থ্য সংস্থাই সূক্ষ্ম পর্যবেক্ষণ কৰাৰ লগতে সংস্থাটোৱে নু–ভি চিনাক্ত হোৱাৰ পিছত বিশ্বৰ দেশসমূহক বিপদ আধাৰিত দৃষ্টিকোণেৰে ভ্রমণ সম্পর্কীয় পদক্ষেপ গ্রহণ কৰিবলৈ আহ্বান জনাইছে৷ এই নতুন প্রকৰণটোৰ সম্পূর্ণ বৈশিষ্ট্য নজনালৈকে বিপদ আধাৰিত দৃষ্টিকোণৰ লগতে বৈজ্ঞানিক পদক্ষেপেৰে দেশসমূহক সজাগ হ’বলৈ আহ্বান জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই৷ দক্ষিণ আফ্রিকাৰ এপিডেমিক ৰেছপণ্ডছ এণ্ড ইন’ভেচন কেন্দ্রৰ সঞ্চালক টুলি’ দ্য অলিভেৰীয়াই প্রকাশ কৰা মতে, ক’ভিড–১৯ৰ নতুন প্রকৰণ নু–ভি অতি দ্রুতগতিত সংক্রমিত হয়৷ ডেল্টা প্রকৰণতকৈ অধিক দ্রুতগতিত সংক্রমিত হোৱা এই নতুন প্রকৰণটোৱে দুসপ্তাহতকৈ কম সময়তে পূর্বৰ সকলো সংক্রমণৰ হাৰক অতিক্রম কৰিব পাৰে৷ এতিয়ালৈকে দক্ষিণ আফ্রিকাত নতুন প্রকৰণটোত আক্রান্তৰ সংখ্যা ৮২জন হৈছে৷ দক্ষিণ আফ্রিকাৰ পৰা সম্প্রসাৰণ হৈ হংকঙতো এজন লোক এই প্রকৰণটোত আক্রান্ত হোৱাটো নিশ্চিত হৈছে৷

You might also like