নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম্যানমাৰত সেনাৰ পাশৱিকতা

ম্যানমাৰৰ সামৰিক চৰকাৰৰ পাশৱিকতাক লৈ পুনৰ বিশ্বত সৃষ্টি হৈছে চাঞ্চল্য৷ যোৱা ফেব্রুৱাৰী মাহত দেশখনৰ গণতান্ত্রিকভাৱে নির্বাচিত চৰকাৰখনক অভ্যুত্থানৰ জৰিয়তে উৎখাত কৰি সেনাই শাসন কাঢ়ি লোৱাৰ পিছৰে পৰা অবাধ ৰক্তপাত চলি আছে দেশখনত৷ অভ্যুত্থানৰ জৰিয়তে গণতান্ত্রিকভাৱে নির্বাচিত চৰকাৰখনক ক্ষমতাচ্যুত কৰাই নহয়, দেশখনৰ শীর্ষ নেত্রী আং চাং চ্যু কীকে ধৰি নেচনেল লীগ ফৰ ডেমক্রেছী (এনএলডি)ৰ সাংসদ তথা ৰাজনীতিকসকলক বন্দীও কৰিছে সেনাই৷ কিন্তু এনে স্বৈৰাচাৰী ব্যৱস্থাক লৈ সন্তুষ্ট নহয় ম্যানমাৰৰ জনসাধাৰণ৷ গতিকে অভ্যুত্থানৰ বিৰুদ্ধে প্রতিদিনে দেশখনত সংঘটিত হৈছে বিক্ষোভ৷ সেনা আৰু আৰক্ষীয়ে বর্বৰতাৰ নতুন নিদর্শন সৃষ্টি কৰি নিৰীহ লোকসকলক গুলীয়াই হত্যা কৰিছে৷ বৃদ্ধি পাইছে পাশৱিক আতিশয্য৷ কিন্তু অভ্যুত্থানবিৰোধী বিক্ষোভৰ স্ফুলিংগ প্রত্যন্ত অঞ্চললৈ বিয়পি পৰিছে৷ লক্ষণীয়ভাৱে বিশ্বৰ গৰিষ্ঠসংখ্যক দেশেই ম্যানমাৰৰ সামৰিক চৰকাৰক গণতন্ত্রৰ প্রতি সন্মান প্রদর্শন কৰি নির্বাচিত চৰকাৰখনক পুনৰ ক্ষমতা হস্তান্তৰ কৰিব লাগে বুলি দাবী জনাই আহিছে৷ কিন্তু চ্যু কী তথা এনএলডিৰ জ্যেষ্ঠ নেতাসকলৰ বিৰুদ্ধে এটাৰ পিছত এটা অভিযোগ উত্থাপন কৰি আহিছে সামৰিক চৰকাৰে৷ এতিয়ালৈকে অভ্যুত্থানবিৰোধী প্রতিবাদত অংশগ্রহণ কৰা প্রায় ৭০০ লোক নিহত হোৱাৰ উপৰি কেইবা হাজাৰৰো অধিক লোকৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ৷ পোতাশালত নিক্ষেপ কৰা হৈছে গণতন্ত্রৰ দাবীত সৰৱ হোৱা বহু আন্দোলনকাৰীক৷ শেহতীয়াকৈ সংবাদ সংস্থা বিবিচিয়ে চলোৱা এক তদন্তত পোহৰলৈ আহিছে সামৰিক চৰকাৰৰ আতিশয্যৰ শিহৰণকাৰী তথ্য৷ বিবিচিৰ প্রতিবেদন অনুসৰি বিগত সময়ছোৱাত ৪০গৰাকী নিৰীহ লোকক নৃশংসভাৱে হত্যা কৰি সেনাই তেওঁলোকৰ মৃতদেহ অৰণ্যৰ গণকবৰত ৰাখিছে৷ ইতিমধ্যে গণকবৰত উদ্ধাৰ হৈছে নিখোজ হৈ থকা বহু লোকৰ মৃতদেহ৷ এই লোকসকলক লৈ কোনো ধৰণৰ বিবৃতি সামৰিক চৰকাৰে প্রকাশ কৰা নাই যদিও অভ্যুত্থানবিৰোধী প্রতিবাদত অংশগ্রহণ কৰা বাবেই এই লোকসকলক সেনাই হত্যা কৰি এনেদৰে গণকবৰত ৰাখিছিল বুলি প্রতিবেদনত উল্লেখ কৰিছে বিবিচিয়ে৷ বিবিচিৰ এই প্রতিবেদনক লৈ বিশ্বজুৰি আলোড়ন চলি থকা সময়তে যোৱা সপ্তাহত দেশখনৰ কায়াহ প্রদেশত হিংস্রতাৰ চূড়ান্ত নিদর্শন দাঙি ধৰে ম্যানমাৰৰ সেনাই৷
আন্তর্জাতিক দাতব্য সংস্থা ‘ছেভ দ্য চিলড্রেন’ৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি অভ্যুত্থানবিৰোধী বিক্ষোভত জড়িত থকাৰ অভিযোগত সেনাই নির্বিচাৰভাৱে গুলীয়াই হত্যা কৰে ৩৮গৰাকী শৰণার্থীক৷ এই শৰণার্থীসকলৰ ভিতৰত আছে শিশু আৰু মহিলাও৷ লক্ষণীয়ভাৱে পাশৱিক হত্যাকাণ্ডৰ তথ্য গাপ দিবলৈ কেইবাখনো বাহনত মৃতদেহবোৰ ভৰাই লৈ তাত অগ্ণিসংযোগ কৰে সেনাই৷ ‘ছেভ দ্য চিলড্রেন’য়ে এই তথ্য প্রকাশ কৰাৰ পিছতে সন্ত্রাসবাদীৰ বিৰুদ্ধে সেনাই অভিযান চলাইছিল বুলি এক বিবৃতি প্রকাশ কৰিছে৷ কিন্তু চৰকাৰৰ এই বিবৃতিত নিহত লোকসকল যে সন্ত্রাসবাদী আছিল সেই সন্দর্ভত কোনো প্রামাণিক তথ্য প্রকাশ কৰিব পৰা নাই৷ ‘ছেভ দ্য চিলড্রেন’ৰ দুগৰাকী কর্মীকো সেনাই গুলীয়াই হত্যা কৰা বুলি সংস্থাটোৰ তৰফৰ পৰা সদৰী কৰা হৈছে৷ অকল সেয়াই নহয়, ৰাষ্ট্রসংঘ তথা আন্তর্জাতিক মানৱাধিকাৰ সংগঠনসমূহক তাৎক্ষণিকভাৱে ম্যানমাৰৰ সেনাৰ এই পাশৱিক হত্যাকাণ্ডৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ সংস্থাটোৱে দাবী জনাইছে৷ ম্যানমাৰত গণতন্ত্রৰ কণ্ঠস্বৰ চিৰদিনৰ কাৰণে স্তব্ধ কৰিবলৈ দেশখনৰ সেনাই কি পাশৱিক পদক্ষেপ গ্রহণ কৰিব পাৰে কায়াহ প্রদেশৰ ঘটনাই তাক স্পষ্ট কৰি দিছে৷ দশকৰ পিছত দশক ধৰি দেশখনত বাক্ স্বাধীনতাৰ বিৰুদ্ধে সেনাই চলাই আহিছিল আতিশয্য৷ আনকি গণতান্ত্রিক আন্দোলনৰ নেত্রী ন’বেল শান্তি বঁটা বিজয়ী আং চাং চ্যু কীক বছৰৰ পিছত বছৰ ধৰি গৃহবন্দী কৰি ৰাখিছিল ম্যানমাৰৰ সামৰিক চৰকাৰে৷ সামৰিক চৰকাৰৰ আতিশয্যৰ বাবে দেশখনৰ পৰা পলায়ন কৰিছিল হাজাৰ হাজাৰ গণতান্ত্রিক সংগঠনৰ কর্মীয়ে৷ আনকি ভাৰততো আহি আশ্রয় লৈছিল গণতান্ত্রিক আন্দোলনৰ সপক্ষত সৰৱ হোৱা বহু যুৱক–যুৱতী৷ কিন্তু ম্যানমাৰত সামৰিক চৰকাৰে পাশৱিকতাৰ অৱসান ঘটাই গণতান্ত্রিক ব্যৱস্থাক সন্মান জনোৱাৰ ইংগিত দিছিল৷ এইক্ষেত্রত সামৰিক চৰকাৰে সঁহাৰি প্রদর্শন কৰি গণতান্ত্রিক নির্বাচন অনুষ্ঠিত কৰাৰ অনুমতি প্রদান কৰিছিল৷ এই নির্বাচনৰ জৰিয়তেই দেশখনত প্রতিষ্ঠা হৈছিল গণতান্ত্রিক চৰকাৰ৷ চ্যু কীৰ প্রভাৱত থকা এই চৰকাৰখন পৰৱর্তী সময়ত সামৰিক নেতৃত্বৰ দৃষ্টিত হৈ পৰে মহা শত্রু৷ লক্ষণীয়ভাৱে চৰকাৰৰ ওপৰত থকা সেনাৰ প্রভাৱ দেশখনৰ পৰা ক্রমান্বয়ে নাইকিয়া হৈ আহিছিল৷ ইয়াৰ মাজতেই পুনৰ নির্বাচনত এনএলডিয়ে নতুন অভিলেখ সৃষ্টি কৰি জয়লাভ কৰে৷ লগে লগে চৰকাৰৰ বিৰুদ্ধে আৰম্ভ হয় সামৰিক বাহিনীৰ ষড়যন্ত্র৷ এই ষড়যন্ত্রৰেই অংশ আছিল ফেব্রুৱাৰী মাহৰ অভ্যুত্থান৷ কিন্তু এই অভ্যুত্থানৰ বিৰুদ্ধে দেশখনত বিক্ষোভ–প্রতিবাদ যিমানেই শক্তিশালী হৈ পৰিছে, সিমানেই সেনাৰ বর্বৰতাই নতুন মাত্রা লাভ কৰিছে৷ কায়াহ প্রদেশৰ ঘটনাই শেহতীয়াকৈ তাক উদঙাই দিছে, যাক লৈ হতচকিত সমগ্র বিশ্ব৷

You might also like