নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪৮৬ লোকৰ বিৰুদ্ধে গোচৰ ৰুজু

পথ দুর্ঘটনা ৰোধৰ পদক্ষেপ পৰিবহণ বিভাগৰ

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ নৱবর্ষক আদৰাৰ নামত সুৰাপান কৰি বাহন চলাই যাতে দুর্ঘটনা সংঘটিত কৰিব নোৱাৰে, তাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সকলো কর্তৃপক্ষকে আহ্বান জনাইছে৷ মুখ্যমন্ত্রীৰ আহ্বানৰ প্রতি সঁহাৰি জনাই মহানগৰ জিলা পৰিবহণ বিভাগ আৰু মহানগৰ আৰক্ষীয়ে বিগত এসপ্তাহ ধৰি সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে৷ যান–বাহন শাখাৰ আৰক্ষী আৰু পৰিবহণ বিভাগৰ অভিযানত বিগত এটা সপ্তাহত সুৰাপান কৰি বাহন চলোৱা ৪৮৬জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷ সুৰাপান কৰি বাহন চলোৱাৰ অপৰাধত ৪৮৬জন লোকৰ লাইচেঞ্চ নিলম্বন কৰা হৈছে বুলি পৰিবহণ বিভাগৰ শীর্ষ সূত্রই জানিবলৈ দিছে৷ সুৰাপায়ীৰ বিৰুদ্ধে এই অভিযান ৩১ ডিচেম্বৰলৈ অব্যাহত থাকিব৷

You might also like