নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রত্যাশাৰ বর্ষ

ইতিহাসৰ পৃষ্ঠাত সংযোজিত হ’ল আৰু এটা বছৰ৷ বহু উত্থান–পতনৰ মাজেৰে আমি বিদায় দিলোঁ ২০২১ বর্ষক৷ ইংৰাজী নৱবর্ষ ২০২২ৰ ৰৌদ্দোজ্জ্বল প্রভাতত দেশ–জাতি–মানুহৰ কুশল মংগল কামনাৰে প্রার্থনা জনাইছোঁ৷ ২০২১ বর্ষটো আছিল অসমৰ বাবে উত্থান–পতনৰ বর্ষ৷ এই বর্ষৰ আৰম্ভণিতে ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি মিত্রজোঁটৰ চৰকাৰখনৰ ওপৰত অর্পিত হয় ৰাজ্যৰ শাসনভাৰ৷ বিগত তিনিটা দশকজুৰি অসমৰ ৰাজনীতিত শক্তিশালী উত্থান ঘটা আৰু সুদৃঢ় খোজেৰে আগবঢ়া ড০ হিমন্ত বিশ্ব শর্মাৰ দৰে তীক্ষ্ণ মেধাসম্পন্ন আৰু কর্মঠ তথা গতিশীল ৰাজনীতিকৰ ওপৰত ৰাজ্য শাসনৰ দায়িত্ব অর্পিত হোৱাত স্বাভাৱিকতে চৰকাৰখনৰ ওপৰত অসমবাসীৰ প্রত্যাশা বৃদ্ধি পাইছে৷ চৰকাৰখনৰ ওপৰত আছে জনতাৰ হিমালয়সম আশা৷ বিগত সময়ছোৱাত অসমৰ ৰাজনীতি তথা প্রশাসনত দেখা দিয়া স্থবিৰতাই ক্রমাৎ গতি লাভ কৰিছে মুখ্যমন্ত্রীৰ নেতৃত্বত৷ ইতিমধ্যে চৰকাৰৰ ৯ মহীয়া কাম–কাজে জনসাধাৰণৰ প্রত্যাশা অধিক বৃদ্ধি কৰিছে৷ নতুন চৰকাৰখনে দায়িত্বভাৰ গ্রহণ কৰিয়ে সামাজিক দায়বদ্ধতাৰ পৰিচয় দি যিসমূহ পদক্ষেপ গ্রহণ কৰিছে সেই পদক্ষেপে চৰকাৰৰ জনমুখী চৰিত্র স্পষ্ট কৰি তুলিছে৷ চৰকাৰে দায়িত্ব লৈয়ে সামাজিক ব্যাধিস্বৰূপ ড্রাগ্ছৰ বিৰুদ্ধে যি কঠোৰ স্থিতি লৈছে সেয়া সমাজৰ সর্বজন সমাদৃত পদক্ষেপ হিচাপে চিহ্ণিত হৈছে৷ ইতিমধ্যে ড্রাগ্ছবিৰোধী অভিযানত কোটি কোটি টকাৰ ড্রাগ্ছ জব্দ হোৱাৰ পাছত ড্রাগ্ছৰ দৰে বৰবিহে আমাৰ ৰাজ্যখনত কেনেদৰে শিপা মেলিছিল সেয়া পোহৰলৈ অহাৰ পাছত সকলোৰে চকু মেল খাইছে৷ এই পদক্ষেপ অসমৰ নতুন প্রজন্মৰ বাবে এটা আশাৰ বতৰা, ধ্বংসৰ গৰাহত পৰা এটা প্রজন্ম উদ্ধাৰৰ এক মহৎ প্রচেষ্টাৰূপে বিবেচিত হৈছে৷ ইয়াৰ উপৰি নতুন চৰকাৰখনে মাইক্র’ফাইনেন্সৰ ঋণৰ পাকচক্রত সর্বস্বান্ত হোৱা গাঁৱৰ মহিলাসকলক সকাহ দিয়াৰ বাবে গ্রহণ কৰা ঋণ ৰেহাইৰ আঁচনিখনো বিশেষভাৱে সমাদৃত হৈছে৷ উল্লেখ্য যে নির্বাচনী প্রচাৰৰ সময়ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এবছৰত ১ লাখ নিবনুৱাক নিযুক্তি দিব বুলি প্রতিশ্রুতি আগবঢ়াইছিল৷ ইতিমধ্যে এই প্রতিশ্রুতি পূৰণৰ পথত অগ্রসৰ হৈছে ৰাজ্য চৰকাৰ৷ অহা ১০ মে’ৰ ভিতৰত এই নিযুক্তি প্রক্রিয়া সম্পূর্ণ কৰিব বুলি মুখ্যমন্ত্রীয়ে ঘোষণা কৰিছে৷ ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে এই বছৰটো হ’ব গভীৰ প্রত্যাশাৰ বছৰ৷ বহু নিবনুৱাৰ বাবে চৰকাৰৰ এনে পদক্ষেপে কঢ়িয়াই আনিছে আশাৰ বতৰা৷
ৰাজ্যৰ সামগ্রিক বিকাশৰ বাবে ইতিমধ্যে নতুন চৰকাৰখনে বিভিন্ন আঁচনি ঘোষণা কৰিছে৷ এই আঁচনিসমূহ সঠিক ৰূপত ৰূপায়ণ হ’লে ৰাজ্যৰ বিকাশৰ যাত্রাই এক নতুন গতি লাভ কৰিব বুলি আশা কৰা হৈছে৷ উন্নয়নৰ এনে গতিয়ে ৰাজ্যখনৰ অর্থনৈতিক বিকাশৰ ধাৰাকো ত্বৰান্বিত কৰাটো স্বাভাৱিক৷ ইতিমধ্যে ক’ৰোনা সংক্রমণৰ ফলত বিশ্বজুৰি যি ভয়াৱহ আর্থিক সংকটৰ সৃষ্টি হৈছে তাৰ প্রভাৱ অসমতো পৰিছে৷ এনে পৰিপ্রেক্ষিতত ৰাজ্যৰ অর্থনীতি টনকিয়াল কৰি তোলাটো ৰাজ্য চৰকাৰৰ বাবে এতিয়া সবাতোকৈ বৃহৎ প্রত্যাহ্বান৷ অর্থনৈতিক মন্দাৱস্থাৰ বাবে লাখ লাখ লোক কর্মসংস্থাপনহীন হৈছে৷ লাখ লাখ ক্ষুদ্র ব্যৱসায়ী সর্বস্বান্ত হৈছে৷ এনে নিম্ন মধ্যবিত্ত পৰিয়ালসমূহৰ মুখলৈ এচেৰেঙা হাঁহি অনাৰ ক্ষেত্রত চৰকাৰখনৰ সন্মুখত আছে সকলোৰে গভীৰ প্রত্যাশা৷ এনে প্রত্যাশাৰ পটভূমিতে আশা কৰা হৈছে এই বছৰটোতে ৰাজ্য চৰকাৰে অর্থনীতি সুদৃঢ় কৰাৰ বাবে এক দীর্ঘম্যাদী পদক্ষেপ গ্রহণ কৰিব৷ ইতিমধ্যে ৰাজ্য চৰকাৰে ভূমি সংস্কাৰৰ বাবে বসুন্ধৰা নামেৰে এক গুৰুত্বপূর্ণ আঁচনি গ্রহণ কৰি কাম–কাজ আৰম্ভ কৰিছে৷ এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ দীর্ঘদিনীয়া ভূমি সমস্যাসমূহ দূৰ হ’ব বুলি আশা কৰা হৈছে৷ তদুপৰি নতুন চৰকাৰখনে কার্যভাৰ গ্রহণ কৰিয়ে ছিপাঝাৰৰ গৰুখুঁটিত বেদখলকৃত ভূমি উচ্ছেদ কৰি খিলঞ্জীয়া যুৱক–যুৱতীৰ সংস্থাপনৰ বাবে গৰুখুঁটিত কৃষি প্রকল্প স্থাপনৰ কাম পূর্ণগতিত আৰম্ভ কৰিছে৷ এই প্রকল্পটো মুখ্যমন্ত্রীয়ে ৰাজ্য চৰকাৰৰ সপোনৰ প্রকল্প বুলি অভিহিত কৰিছে৷ আশা কৰা হৈছে গৰুখুঁটি প্রকল্পৰ সফলতাই অসমৰ কৃষিভিত্তিক অর্থনীতিক সবল কৰাই নহয়, এই প্রকল্পটোৰ আর্হিত ৰাজ্যৰ বিভিন্ন প্রান্তত আৰু বহু কৃষিভিত্তিক প্রকল্প স্থাপন কৰিবলৈ ৰাজ্য চৰকাৰ আগ্রহী হৈ উঠিব৷ যি প্রকল্পই অসমৰ খিলঞ্জীয়া যুৱক–যুৱতীসকলক্ কৃষিৰ জৰিয়তে সংস্থাপিত হোৱাৰ এক নতুন আদর্শ স্থাপন কৰিব৷ এনে এক সুদূৰপ্রসাৰী আদর্শ স্থাপন কৰাৰ বাবে এই বর্ষটোৱে হ’ব সবাতোকৈ গুৰুত্বপূর্ণ বর্ষ৷ অসমবাসীৰ বাবে ২০২২ বর্ষটো এনে বহু ৰঙীন প্রত্যাশাৰে আগুৱাই যোৱাৰ সময়৷

You might also like