নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিদুৱাৰত ডাইনীৰ সন্দেহত বৃদ্ধক আক্ৰমণ

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ শোণিতপুৰৰ চাৰিদুৱাৰ থানাৰ অন্তৰ্গত ঔজুলি ৰঙাগড়াত ডাইনীৰ সন্দেহত বৃদ্ধক আক্ৰমন গঞা ৰাইজৰ। ডাইনীৰ সন্দেহত আক্ৰমন চক্ৰধৰ স্বৰ্গীয়াৰী নামৰ এজন বৃদ্ধক । গাওঁখনৰ এগৰাকী বোৱাৰী দীৰ্ঘদিনধৰি ৰোগত আক্ৰান্ত হৈ থকাত চক্ৰধৰ স্বৰ্গীয়াৰী নামৰ এই বৃদ্ধজনক নিশা ডাইনী সন্দেহত একাংশ গঞা ৰাইজে লাঠি বাহেঁৰে উপৰ্যুপৰি প্ৰহাৰ কৰে। তেনেসময়তে গাওঁখনৰ একাংশ লোকৰ তৎপৰাত চাৰিদুৱাৰ আৰক্ষীৰ সহযোগত লোকজনৰ কথমপি প্ৰানৰক্ষা পৰে।ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষী থানত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

You might also like