নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঊর্ধ্বমুখী ক’ভিড গ্রাফ

শেহতীয়াকৈ দেশৰ কেইবাখনো ৰাজ্যত প্রতিদিনে ঊর্ধ্বমুখী হৈ গৈ আছে ক’ভিড গ্রাফ৷ হঠাতে মহামাৰী ন’ভেল ক’ৰোনা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত স্বাভাৱিকতে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয় উদ্বিগ্ণ হৈ পৰিছে৷ আশংকা কৰা হৈছে যে যদিহে জনসাধাৰণে সামাজিক ব্যৱধান ৰক্ষা, মাক্স পৰিধানকে ধৰি ক’ভিড বিধি কঠোৰভাৱে পালন নকৰে, তেন্তে ভাৰতক ক’ৰোনাৰ দ্বিতীয়টো ঢ়ৌৱে গ্রাস কৰিব পাৰে৷ বুধবাৰে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে দিয়া তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দেশত ১৪,৯৮৯জন লোক নতুনকৈ ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ইয়াৰ লগে লগে সামগ্রিকভাৱে ভাৰতত ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা ১,১১,৩৯,৫১৬জনলৈ বৃদ্ধি পালে৷ এটা সময়ত দেশত এক্টিভ কেছৰ সংখ্যা প্রায় ১.৩৫ লাখলৈ হ্রাস পাইছিল যদিও শেহতীয়া পৰিস্থিতিত এই সংখ্যা ১,৭০,১২৬জনলৈ বৃদ্ধি পাইছে৷ মহামাৰী ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰিণতিত সমগ্র বিশ্বৰ লগতে ভাৰততো যোৱা বছৰটোত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ অকল জনস্বাস্থ্যলৈ ভাবুকি অহাই নহয়, মহামাৰী প্রতিৰোধকল্পে বলৱৎ কৰা লকডাউনৰ পৰিণতিত কৃষি, উদ্যোগ, বাণিজ্য, পর্যটনকে ধৰি সকলো উৎপাদনক্ষেত্র স্থবিৰ হৈ পৰিছিল৷ যাৰ ফল ভুগিবলগীয়া হৈছে ভাৰতৰ দৰে উন্নয়নশীল ৰাষ্ট্র এখনৰ অর্থনীতিয়ে৷ বিশেষজ্ঞসকলে ইতিপূর্বে কৰা ভৱিষ্যদ্বাণী অনুসৰি দেশৰ অর্থনীতিত ক’ৰোনাৰ এই প্রকোপ দীর্ঘদিনীয়া হ’ব৷ যদিহে ভাৰতত ক’ৰোনাৰ দ্বিতীয়টো ঢ়ৌৰ সৃষ্টি হয়, তেন্তে পর্যায়ক্রমে লকডাউন শিথিল কৰি দিয়াৰ পিছত কিছু গতি লাভ কৰা অর্থনীতি পুনৰ স্থবিৰ হৈ পৰাটো নিশ্চিত৷ আশাৰ বতৰাটো হ’ল যে ইতিমধ্যে দেশত ক’ভিড–১৯ৰ গণ টিকাকৰণ আৰম্ভ হৈছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি দেশত ইতিমধ্যে মুঠ ১,৫৬,২০,৭৪৯জন স্বাস্থ্যকর্মী, প্রথম শাৰীৰ যোদ্ধা আৰু জ্যেষ্ঠ নাগৰিকক প্রতিষেধক প্রদান কৰা হৈছে৷
প্রতিষেধক প্রদানৰ লগে লগে চলিত বর্ষটোতেই মহামাৰীৰ প্রকোপ একেবাৰে নাইকিয়া হৈ যাব বুলি ভবা হৈছিল৷ কিন্তু ৰাষ্ট্রসংঘৰ তৰফৰ পৰা যোৱা সোমবাৰে দিয়া এক সতর্ক বার্তাই এই কথা সম্পূর্ণ অমূলকৰূপে প্রতিপন্ন কৰিছে৷ ৰাষ্ট্রসংঘৰ সঞ্চালক (জৰুৰীকালীন) মাইকেল ৰাইনাই স্পষ্টভাৱে কৈছে যে চলিত বছৰৰ শেষ ভাগত ক’ভিড–১৯ৰ সংক্রমণ সম্পূর্ণৰূপে নাইকিয়া হৈ যাব বুলি ভবাটো একেবাৰে অপৈণত ধাৰণা৷ মই ভাবো এনে চিন্তা অবাস্তৱো৷ মহাৰাষ্ট্র, তামিলনাডু, কেৰালা, পঞ্জাব আদি ৰাজ্যত শেহতীয়াকৈ যি হাৰত ক’ভিড–১৯ আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাব ধৰিছে, তালৈ চাই ৰাষ্ট্রসংঘৰ এই সতর্ক বার্তাক সকলোৱে গুৰুত্ব দিয়া উচিত৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল ক’ভিড কালতে অনুষ্ঠিত হ’ব অসম, পশ্চিমবংগ, তামিলনাডু, কেৰালা আৰু পুডুচেৰী বিধানসভাৰ নির্বাচন৷ নির্বাচন আয়োগে ইতিমধ্যে প্রচাৰ অভিযান আৰু ভোটদানৰ সমছোৱাত ক’ভিড বিধি কঠোৰভাৱে পালন কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষলৈ নির্দেশনা জাৰি কৰিছে৷ এই নির্দেশনা বাস্তৱত কার্যকৰী হোৱাৰ ওপৰত নির্বাচন আয়োগে কঢ়া নজৰ ৰাখিব লাগিব৷ অন্যথা নির্বাচনী বতৰত ব্যাপক হাৰত মহামাৰী সংক্রমণৰ আশংকা নুই কৰিব নোৱাৰি৷

You might also like