নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৰি থকা বিমানৰ ককপিটত হঠাতে আৱিৰ্ভাৱ মেকুৰীৰ, উৎপাতত ৰ’ব নোৱাৰি জৰুৰী অৱতৰণ

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ বিভিন্ন কাৰণত বিমানৰ জৰুৰীকালীন অৱতৰণ কৰোৱা হয়। কেতিয়াবা কাৰিকৰী কাৰণত, কেতিয়াবা চৰাইৰ আক্ৰমণত বা বেয়া বতৰৰ বাবে। কিন্তু এইবাৰ মেকুৰীৰ আক্ৰমণৰ বাবে উৰণৰ কিছু সময় পিছতে ছুদানৰ এখন বিমানৰ জৰুৰী অৱতৰণ কৰিব লগা হয়।

ছুদানৰ ৰাজধানী খাৰ্তুম বিমানবন্দৰ পাৰ হোৱাৰ পিছতে পাইলটক আক্ৰমণ কৰে মেকুৰীটোৱে। মেকুৰীৰ উৎপাতৰ তীব্ৰতা দেখি পাইলটজনে বিমানখনৰ জৰুৰী অৱতৰণ কৰিবলৈ বাধ্য হয়।

ছুদানৰ স্থানীয় মিডিয়া হাউছ আল-ছুদানীৰ এক প্ৰতিবেদন অনুসৰি, যোৱা বুধবাৰে খাৰ্তুম আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা টাৰ্কো এয়াৰলাইনছৰ বিমান কাটাৰলৈ ৰাওনা হৈছিল। প্ৰায় আধা ঘণ্টা আকাশত উৰাৰ পিছত এটা মেকুৰী হঠাতে বিমানৰ ককপিটত প্ৰত্যক্ষ কৰা যায়।

মেকুৰীটোৱে ভয়ৰ বাবে আক্ৰমণাত্মক হৈ পৰিছিল। কেবিন ক্ৰুৰ সদস্যসকলে মেকুৰীটোক চম্ভালিবলৈ বহুত চেষ্টা কৰে যদিও তেওঁলোক বিফল হয়। মেকুৰীৰ আক্ৰমণত কোনেও আহত হোৱা নাছিল, কিন্তু মেকুৰীৰ আক্ৰমণাত্মক ৰূপত সকলো আতংকিত হৈ পৰিছিল। এতিয়া মেকুৰীটো কেনেকৈ বিমানত উঠিছিল, তাৰ তদন্ত চলাই থকা হৈছে।

You might also like