নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ শর্মা চৰকাৰৰ এমাহ

নতুন চৰকাৰ এখনৰ খতিয়ান লোৱাৰ বাবে এমহীয়া কার্যকাল উপযুক্ত সময় নহয়৷ সাধাৰণতে এগৰাকী নতুন মুখ্যমন্ত্রীয়ে ৰাজ্যৰ শাসনভাৰ গ্রহণ কৰাৰ পিছত দুই–তিনি মাহলৈ বিজয় উৎসৱ অথবা শুভেচ্ছা–ভিনন্দনৰ মাজতে ব্যস্ত থকা দেখা যায়৷ ক’ভিডসৃষ্ট বিভীষিকাৰ মাজত ৰাজ্যৰ পঞ্চদশ মুখ্যমন্ত্রী ৰূপে কার্যভাৰ গ্রহণ কৰা ড০ হিমন্ত বিশ্ব শর্মাই আজি তেওঁৰ চৰকাৰৰ এমাহ সম্পূর্ণ কৰিলে৷ সমস্যাজর্জৰ ৰাজ্যখনৰ সর্বসাধাৰণ ৰাইজে মুখ্যমন্ত্রী ড০ শর্মাৰ ওপৰত দুর্বাৰ আশা–প্রত্যাশা পুহি ৰাখিছে৷ ছবছৰীয়া অসম আন্দোলনৰ পৰিসমাপ্তিত অসম চুক্তি স্বাক্ষৰৰ পিছত ১৯৮৫ চনত প্রফুল্ল কুমাৰ মহন্ত অসমৰ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হোৱাৰ সময়তো সমস্যাৰাজি সমাধানৰ ক্ষেত্রত ৰাজ্যবাসীৰ সীমাহীন প্রত্যাশা আছিল৷ অৱশ্যে সেই সময়ত প্রফুল্ল মহন্ত ছাত্র নেতাৰ পৰা মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হৈছিল৷ চৰকাৰ পৰিচালনাৰ কোনো অভিজ্ঞতা নথকাকৈয়ে অসমবাসীৰ প্রত্যাশাৰ মূল ভেটি আছিল আৱেগ৷ সুদীর্ঘ ৩৫ বছৰ পিছত মুখ্যমন্ত্রী ড০ শর্মাৰ ওপৰত অসমবাসীৰ আস্থা আৰু বিকাশৰ মূল ভেটি কোনো কাৰণতে আৱেগিক নহয়৷ বিগত দশকত মন্ত্রী তথা এগৰাকী ৰাষ্ট্রীয় পর্যায়ৰ নেতা ৰূপে ড০ শর্মাই দেখুওৱা সফলতাৰ বাবেই সর্বশ্রেণীৰ লোকে ৰাজ্যখনৰ জ্বলন্ত সমস্যাৰাজিৰ সমাধানৰ পথ প্রশস্ত হ’ব বুলি আশা কৰিছে৷ মুখ্যমন্ত্রী শর্মাই শাসনভাৰ গ্রহণ কৰিয়েই এমাহৰ ভিতৰতে কেইবাটাও যুগান্তকাৰী সিদ্ধান্ত গ্রহণ কৰাই নহয়, সেয়া ৰূপায়ণৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ ক্ষমতালৈ অহা এসপ্তাহৰ ভিতৰতে ৰাজ্যজুৰি বৰবিহ ড্রাগ্ছৰ বিৰুদ্ধে যি অভিযান আৰম্ভ হৈছে, তাক লৈ সর্বশ্রেণীৰ লোকে আদৰণি জনাইছে৷ ড্রাগ্ছৰ সাম্রাজ্যখনত অভিযান চলাই এমাহৰ ভিতৰতে ২২৯জন লোকক গ্রেপ্তাৰ কৰাৰ উপৰি ১১৭টা গোচৰ পঞ্জীয়ন কৰা হৈছে৷ বৰবিহৰ ক’লা বজাৰখনৰ স’তে আন্তর্জাতিক পর্যায়ৰ এক প্রভাৱশালী চক্র জড়িত হৈ আছে৷ এই চক্রটোত উত্তৰ–পূর্বাঞ্চলৰ উগ্রপন্থী সংগঠন, ৰাজনৈতিক নেতা, মাফিয়া, আৰক্ষীৰ একাংশ লোক জড়িত৷ নৱপ্রজন্মক মৃত্যুৰ দুৱাৰমুখলৈ ঠেলি দিয়া ড্রাগ্ছৰ সাম্রাজ্যখনত নতুন চৰকাৰখনে ধাৰাবাহিকভাৱে যি অভিযান চলাইছে, সেয়া নিশ্চিতভাৱে আদৰণীয়৷ একেদৰে বছৰ বছৰ ধৰি ৰাজ্যখনত চলি থকা গৰুৰ চোৰাং বেহা আৰু বাংলাদেশলৈ সৰবৰাহ বন্ধ কৰিবলৈ নতুন চৰকাৰখনে বলিষ্ঠ ভূমিকা লোৱা দেখা গৈছে৷ ইতিমধ্যে উক্ত অবৈধ বেহাৰ স’তে জড়িত কেইবাজনো মাফিয়াক গ্রেপ্তাৰ কৰা হৈছে৷ জালত পৰিছে আৰক্ষী বিষয়াও৷
আলফাৰ স’তে আলোচনাৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই গ্রহণ কৰা পদক্ষেপে ৰাজ্যখনৰ শান্তি আৰু বিকাশৰ বাট নতুনকৈ মুকলি কৰিছে৷ আলফাৰ দ্বাৰা অপহূত হৈ ম্যানমাৰত বন্দী হৈ থকা অ’এনজিচিৰ কর্মচাৰী ৰিতুল শইকীয়াক মুখ্যমন্ত্রীৰ আহ্বান ক্রমে মুক্তি দিয়াৰ পিছতে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ স’তে আলোচনাৰ পথ প্রশস্ত হৈছে৷ অনাগত দিনবোৰত এক ফলপ্রসূ আলোচনাৰ জৰিয়তে ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ মাজত সৃষ্টি হোৱা নিৰাপত্তাহীনতা দূৰ হ’ব বুলি আশা কৰিব পাৰি৷ এইক্ষেত্রত দুয়োপক্ষই শীঘ্রে ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়ি অহা উচিত৷ শাসনভাৰ লৈয়ে ড০ শর্মাই নুমলীগড় শোধনাগাৰত ৰাজ্য চৰকাৰৰ অংশীদাৰিত্ব ১২.৩৫ শতাংশৰ পৰা ২৬ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে৷ শোধনাগাৰটোত ৰাজ্য চৰকাৰৰ বিনিয়োগ হ’ব ২,১৮৭ কোটি টকা৷ নুমলীগড় শোধনাগাৰত এনে সর্ববৃহৎ বিনিয়োগ নিশ্চিতভাৱে ৰাজ্যখনৰ বাবে এক যুগান্তকাৰী সিদ্ধান্ত ৰূপে পৰিগণিত হ’ব৷ প্রশাসনীয় সংস্কাৰ আৰু কর্মসংস্কৃতিত নতুন যাত্রা আৰম্ভ কৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই গ্রহণ কৰিছে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত৷ ২৪ ঘণ্টাই মুখ্যমন্ত্রীৰ কার্যালয়ক কার্যক্ষম কৰা, প্রতি বুধবাৰে মন্ত্রীসভাৰ কেবিনেট বৈঠক অনুষ্ঠিত কৰা, ৰাজ্যখনৰ প্রতিটো সমষ্টিক সামৰি উন্নয়নৰ ক্ষেত্রত মন্ত্রীসকলক দায়িত্ব অর্পণ কৰা আদি কার্য পূর্বৰ কোনো চৰকাৰে গ্রহণ কৰা নাছিল৷ এখন বানমুক্ত অসম নির্মাণৰ প্রতিশ্রুতিৰে ক্ষমতালৈ অহা নতুন চৰকাৰখনে এমাহৰ ভিতৰতে ২৮টা ভগা মথাউৰি যুদ্ধকালীন তৎপৰতাৰে মেৰামতি কৰিছে৷ এয়া নিশ্চিতভাৱে এক আশাপ্রদ বার্তা৷ একেদৰে ৰাজ্যখনৰ ১ লাখ নিবনুৱাক এবছৰৰ ভিতৰতে নিযুক্তি দিয়াৰ বাবে নতুন চৰকাৰখনে হাতে–কামে লাগিছে৷ এইক্ষেত্রত চৰকাৰখনে দেখুওৱা তৎপৰতাই ৰাজ্যখনৰ প্রায় ২৫ লাখ নিবনুৱাক এক আশাৰ বার্তা দিছে৷ ইয়াৰ উপৰি বিভিন্ন আঁচনি–যোজনাৰ অধীনত পেন্সন লাভ কৰি থকা প্রায় ২৫ লাখ লোকক প্রতিমাহৰ ১০ তাৰিখে পেন্সন মুকলিৰ বাবে নতুন চৰকাৰখনে যি পদক্ষেপ লৈছে, সেয়া আদৰণীয়৷ উল্লেখ্য যে শ্বহীদ কুশল কোঁৱৰ সার্বজনীন বৃদ্ধ পেন্সন আঁচনিৰ অধীনত ২০ লাখৰ অধিক, ইন্দিৰা মিৰি সার্বজনীন বিধৱা পেন্সন আঁচনিৰ অধীনত প্রায় ৩ লাখ, দীনদয়াল দিব্যাংগ আঁচনিৰ অধীনত ডেৰ লক্ষাধিক হিতাধিকাৰীয়ে পেন্সন লাভ কৰি আছে৷ এই হিতাধিকাৰীসকলে পেন্সন কেতিয়া লাভ কৰে, তাৰ কোনো ভৰসা নাছিল৷ কেতিয়াবা ছমাহৰ মূৰতো লাভ কৰিছিল পেন্সনৰ ধন৷ এতিয়া প্রতিমাহে নির্ধাৰিত দিনত পেন্সন লাভ কৰাৰ ফলত ৰাজ্যখনৰ দুখীয়া হিতাধিকাৰী জ্যেষ্ঠ লোকসকল উপকৃত হ’ব৷ ইয়াৰ উপৰি বেদখল উচ্ছেদ, নার্ছিং হোমসমূহক নিয়ন্ত্রণ কৰাৰ ক্ষেত্রতো নতুন চৰকাৰখনে কঠোৰ সিদ্ধান্ত লৈছে৷ ৰাজ্যখনৰ সমস্যাৰাজি সমাধানৰ ক্ষেত্রত গ্রহণ কৰা এনে পদক্ষেপে ড০ শর্মা নেতৃত্বাধীন চৰকাৰখন যে কিছু পৃথক হ’ব, তাৰ ইংগিত দিছে এমাহৰ ভিতৰতে৷ এয়া অসমবাসীৰ বাবে এক আশাৰ বতৰা৷

You might also like