নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবাৰতে ১০টা শিশু জন্ম দি অভিলেখ সৃষ্টি দক্ষিণ আফ্রিকাৰ মহিলা ছিথলৰ

নিয়মীয়া বাৰ্তা ১০ জুনঃ দক্ষিণ আফ্রিকাত এগৰাকী মহিলাই এবাৰতে ১০টা শিশু জন্ম দি অভিলেখ সৃষ্টি কৰিছে৷ ৩৭ বছৰীয়া এই মহিলাগৰাকীয়ে এবাৰতে জন্ম দিছে তিনি কন্যা আৰু ৭ পুত্রক৷ জন্মৰ পিছত আটাইকেইটা শিশুৱেই সুস্থ আছে বুলি চিকিৎসকে ঘোষণা কৰিছে৷ গছিয়ামে থামাৰা ছিথল নামৰ মহিলাগৰাকীয়ে একেলগে ১০টা শিশু জন্ম দিয়াৰ পিছত বিশ্বৰ সংবাদ মাধ্যমত বিষয়টোক লৈ ব্যাপক চর্চা চলিছে৷

ইফালে, চিকিৎসকসকলৰ মাজতো ইয়াক লৈ সৃষ্টি হৈছে আলোড়ন৷ ছবছৰ পূর্বে যমজ সন্তান জন্ম দিছিল ছিথলে৷ ছিজাৰিয়ান পদ্ধতিৰে চিকিৎসকে ছিথলৰ এই ১০টা শিশুৰ প্রসৱ কৰায়৷ ছিথলৰ ১০টা শিশুকে নিৰাপদে প্রসৱ কৰোৱা হয় প্রিট’ৰিয়াৰ এখন হাস্পতালত৷ লক্ষণীয়ভাৱে চিকিৎসকে ছিজাৰিয়ান পদ্ধতিৰে এই শিশুকেইটিক প্রসৱ কৰোৱাৰ সময়ত হাস্পতালতৰ স্বাস্থ্যকর্মীসকলৰ মাজত বিষয়টোক লৈ সৃষ্টি হয় তীব্র কৌতূহলৰ৷ ছিথলৰ টেব’হো ছটেটচিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি একেলগে এই ১০টি শিশুৰ পিতৃ হৈ তেওঁ অত্যন্ত সুখী৷ উল্লেখ্য যে সাত মাহ সাত দিনৰ গর্ভৱতী অৱস্থাতেই চিকিৎসকে ছিজাৰিয়ান পদ্ধতিৰে ছিথলৰ সন্তান প্রসৱ কৰায় যোৱা ৭ নৱেম্বৰত৷

You might also like