নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তালিবানৰ স্বীকৃতি

আন্তর্জাতিক পর্যায়ত আফগানিস্তানৰ নতুন তালিবান চৰকাৰৰ স্বীকৃতি এটা জটিল প্রশ্ণ হিচাপে চর্চিত হৈছে৷ ৰাষ্ট্রসংঘৰ নিষিদ্ধঘোষিত সন্ত্রাসবাদী সংগঠন তালিবানে ২০ বছৰৰ মূৰকত আফগানিস্তানত পুনৰ নিজৰ দখলদাৰিত্ব প্রতিষ্ঠা কৰে৷ তালিবানে আফগানিস্তানত অন্তর্ৱর্তীকালীন চৰকাৰ গঠন কৰাৰ পিছতেই বিশ্বৰ দেশসমূহৰ মাজত এই চৰকাৰখনৰ স্বীকৃতি দিবনে নিদিব, তাক লৈ ব্যাপক চর্চা হৈছে৷ সন্ত্রাসবাদীৰ চৰকাৰখনক স্বীকৃতি প্রদান কৰিবলৈ পাকিস্তানে বিশ্ব সমুদায়ক আহ্বান জনাই থকাৰ পূর্বেই চীনে তালিবানৰ সৈতে সম্পর্ক স্থাপন কৰিছে৷ আফগানিস্তান দখল কৰাৰ লগে লগেই চীনে তালিবানৰ সৈতে সম্পর্ক ৰক্ষা কৰিম বুলি ঘোষণা কৰাৰ আঁৰত নিহিত হৈ আছে আমেৰিকা যুক্তৰাষ্ট্রৰ প্রতি থকা চীনৰ বিদ্বেষ ভাব৷ আমেৰিকা যুক্তৰাষ্ট্র আৰু চীন দুয়োখন প্রতিদ্বন্দ্বী দেশ৷ আফগানিস্তানৰ পৰা ২০ বছৰৰ মূৰত আমেৰিকা যুক্তৰাষ্ট্রই সেনা প্রত্যাহাৰ কৰাৰ পিছতেই দেশখনত তালিবানৰ সৈতে চীনে সম্পর্ক গঢ়াৰ বাবে অত্যুৎসাহী হয়৷ চীনে আফগানিস্তানৰ তালিবান চৰকাৰৰ সৈতে সম্পর্ক ৰক্ষা কৰাৰ আঁৰত আফগানিস্তানৰ ভৌগোলিক পৰিসীমাৰ সহায়ত নিজৰ স্থিতি অঞ্চলটোত আৰু অধিক শক্তিশালী কৰিব বিচাৰে৷ আমেৰিকাই বিগত ২০ বছৰে দেশখনত যি কৰিব নোৱাৰিলে, তাক উদঙাই দি নিজৰ আধিপত্য বিস্তাৰৰ মন মেলিছে৷ ইপিনে, পাকিস্তানৰ আহ্বানক বিশ্বৰ প্রায়বোৰ দেশেই অস্বীকাৰ কৰিছে৷ ভাৰতে তালিবানৰ সৈতে কাটাৰত এক আলোচনাত মিলিত হৈছিল যদিও ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আফগানিস্তানৰ নতুন তালিবান চৰকাৰক স্বীকৃতি দিয়াৰ ক্ষেত্রত বিশ্ব সম্প্রদায়ক সজাগ হ’বলৈ আহ্বান জনাইছে৷ কার্যতঃ ভাৰতে পাকিস্তানৰ আহ্বানক প্রত্যাহ্বান জনাই বিশ্ব সম্প্রদায়ক তালিবানৰ স্বীকৃতি চিন্তনীয় বুলি পৰোক্ষভাৱে প্রকাশ কৰিছে৷ ইপিনে, দেশখন এৰি যোৱা আমেৰিকা যুক্তৰাষ্ট্রই তালিবানক লৈ সম্প্রতি বিশেষ সন্তুষ্ট নহয়৷ কিয়নো অফগানিস্তানত আমেৰিকাৰ বাবে ভয়াৱহ শত্রু আইছিছ আৰু আল–কায়দাই শক্তিশালী সাংগঠনিক স্থিতি গঢ়ি তোলাৰ পূর্ণ সম্ভাৱনা আছে৷ প্রশ্ণ উত্থাপিত হৈছে ৰাষ্ট্রসংঘক লৈ৷ ৰাষ্ট্রসংঘই ইতিমধ্যে অফগানিস্তানত মানৱীয়তাৰ সংকট আহি পৰা বুলি বিশ্বৰ দেশসমূহৰ পৰা আর্থিক সাহায্য বিচাৰিছে৷ অৱশ্যে ৰাষ্ট্রসংঘই তালিবান চৰকাৰৰ স্বীকৃতিক লৈ এতিয়াও আনুষ্ঠানিকভাৱে একো প্রকাশ কৰা নাই৷
তালিবানে ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদৰ সন্মিলনত অংশ লোৱাৰ বাবে আবেদন জনাইছিল যদিও সর্বোচ্চ সংস্থাটোৱে নাকচ কৰিছে৷ ই তালিবান চৰকাৰৰ একপ্রকাৰ বিফল কূটনীতি৷ লক্ষণীয় যে আমেৰিকা যুক্তৰাষ্ট্রই কাটাৰত তালিবানৰ সৈতে শান্তি চুক্তি সম্পন্ন কৰি আফগানিস্তান এৰাৰ পথ মুকলি কৰি লৈছিল৷ ইয়াৰ পিছতেই তালিবানে আমেৰিকা যুক্তৰাষ্ট্রৰ সেনাবিহীন আফগান চৰকাৰৰ বাহিনীক সহজতে পৰাভূত কৰি দেশখন নিজৰ হাতলৈ আনে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ সৈতে তালিবানৰ শান্তি চুক্তিৰ মূল হৈছে কাটাৰ৷ কাটাৰত থাকিয়েই তালিবানৰ জ্যেষ্ঠ নেতাসকলে আফগানিস্তান দখলৰ পথ মুকলি কৰি লয়৷ এনে ক্ষেত্রত তালিবানৰ স্বীকৃতিত কাটাৰ কাৰক হ’ব পাৰে বুলি চর্চাত আছে৷ কাটাৰে বিশ্বৰ আন দেশসমূহক তালিবান চৰকাৰৰ স্বীকৃতিৰ বাবে বাধ্য কৰাব পাৰিবনে নাই, সেয়া অনিশ্চয়তাৰ মাজত আছে৷ কাটাৰে তালিবানৰ সৈতে সম্পূর্ণ যোগাযোগ ৰাখি সঠিক কূটনীতিৰে আগবাঢ়িছে যদিও পশ্চিমীয়া দেশসমূহক কাটাৰে তালিবান চৰকাৰক স্বীকৃতি দিয়াব পাৰিবনে৷ আনপিনে ৰাছিয়ায়ো সম্প্রতি তালিবান চৰকাৰক স্বীকৃতি দিয়াৰ ক্ষেত্রত আনুষ্ঠানিকভাৱে একো প্রকাশ কৰা নাই৷ কার্যতঃ তালিবান চৰকাৰে স্বীকৃতিৰ বাবে বহু অপেক্ষা কৰিবলগীয়া হ’ব পাৰে৷ তালিবানৰ বাবে ইতিবাচক খবৰ এটাই যে চীনে তেওঁলোকৰ চৰকাৰখনক প্রায় আঁকোৱালি লৈছে৷ পশ্চিমীয়া দেশসমূহে আমেৰিকা যুক্তৰাষ্ট্রৰ প্রভাৱৰ পৰা কিমানদূৰ আঁতৰি থাকিব সেয়া চিন্তনীয়৷ এই কথা ক’ব লাগিব যে একাংশ ইছলামিক দেশ তালিবানৰ প্রতি নৰম৷ যাৰ পৰিপ্রেক্ষিতত আফগানিস্তানৰ নতুন চৰকাৰখনক স্বীকৃতি দিয়াৰ সম্ভাৱনা একেবাৰে নুই কৰিব নোৱাৰি৷ অর্থনৈতিকভাৱে বিধ্বস্ত তালিবানক ৰাষ্ট্রসংঘই আর্থিক সাহায্য প্রদান কৰাৰ ক্ষেত্রত আন দেশসমূহৰ সহায় লৈও কূটনৈতিকভাৱে চৰকাৰখনক স্বীকৃতিত সহায় যে কৰিব পাৰিব তাত দ্বিধা আছে৷ গুৰুত্বপূর্ণ যে তালিবান চৰকাৰত ৰাষ্ট্রসংঘৰ দ্বাৰা ঘোষিত নিষিদ্ধ সন্ত্রাসবাদী অংশীদাৰ হিচাপে দায়িত্ব গ্রহণ কৰি থকাটো স্বীকৃতিৰ ক্ষেত্রত প্রতিবন্ধক হৈ পৰাটো নিশ্চিত৷

You might also like