নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ ষড়যন্ত্র

ভাৰত ভূখণ্ডত ৰঙা চীনৰ আগ্রাসী মনোভাব অব্যাহত আছে৷ লাডাখৰ পৰা অৰুণাচল প্রদেশলৈ ৩,৪৮৮ কিলোমিটাৰ দৈর্ঘ্যৰ প্রকৃত নিয়ন্ত্রণ ৰেখা, চমুকৈ এল এ চি উলংঘনৰ ব্যাপক তৎপৰতা তথা ষড়যন্ত্র চলাই আহিছে চুবুৰীয়া ৰাষ্ট্রখনৰ সেনাবাহিনী পিপলছ লিবাৰেচন আর্মীয়ে৷ ইতিমধ্যে ড্রেগন বাহিনীৰ এনে ষড়যন্ত্রমূলক তৎপৰতাৰ বিভিন্ন তথ্য ভাৰতীয় সেনাৰ হাতত পৰিছে৷ ইয়াৰ মাজতে আমেৰিকাই প্রকাশ কৰা এক প্রতিবেদন অতি উদ্বেগজনক ৰূপে চিহ্ণিত হৈছে ভাৰতৰ বাবে৷ এই প্রতিবেদনত চীনৰ ভাৰতবিৰোধী ষড়যন্ত্রৰ কেতবোৰ গুৰুত্বপূর্ণ তথ্য উদঙাই দিয়া হৈছে৷ ডোকলামৰ ৰক্তক্ষয়ী সংঘর্ষৰ পাছত উত্তৰ–পূর্বাঞ্চল সংলগ্ণ অৰুণাচল প্রদেশৰ এন এ চিত আন্তঃগাঁথনি নির্মাণ আৰু সৈন্য সমাৱেশেৰে সামৰিক কৌশলগতভাৱে তৎপৰতা অব্যাহত ৰখা বেইজিং প্রশাসনে ভাৰত ভূমিত এখন গাঁও গঢ়ি তোলা বুলি দাবী কৰিছে পেণ্টাগনে৷ প্রতিবেদনখনত মার্কিন প্রশাসনে উল্লেখ কৰা অনুসৰি এল এ চি উলংঘন কৰি ১০১টা ঘৰ নির্মাণেৰে এই গাঁওখন গঢ়ি তোলা হৈছে৷ নিজ দাবীৰ সপক্ষে যুক্তি দর্শাবলৈ গৈ পেণ্টাগনে প্রতিবেদনখনত দুখনকৈ উপগ্রহীয় আলোকচিত্রও সন্নিৱিষ্ট কৰিছে৷ ইয়াৰে এখন ছবি ২০২০ চনৰ ১ নৱেম্বৰৰ আৰু আনখন ২০১৯ চনৰ ২৬ আগষ্টৰ৷ ২০২০ চনৰ ১ নৱেম্বৰৰ আলোকচিত্রখনত শাৰী শাৰী ঘৰসহ গাঁওখন পৰিলক্ষিত হোৱাৰ বিপৰীতে ২০১৯ চনৰ ২৬ আগষ্টৰ আলোকচিত্রখনত ঘন জংঘলৰ মাজত কোনো ধৰণৰ জনবসতিৰ চিন–চাব নাই৷ পেণ্টাগনে নিজ প্রতিবেদনত চীনে এইদৰে এল এ চিৰ ভিতৰলৈ সোমাই আহি অৰুণাচল প্রদেশৰ মাটিত গাঁও গঢ়ি তোলাৰেই দাবী কৰা নাই৷ ইয়াতকৈও আন কেতবোৰ উদ্বেগজনক তথ্যও প্রতিবেদনখনত সন্নিৱিষ্ট কৰিছে৷ পেণ্টাগনৰ প্রতিবেদনৰ উদ্ধৃতিৰে সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি বেইজিং প্রশাসনে ভাৰতক লক্ষ্য কৰি লৈয়ে পাৰমাণৱিক অস্ত্রৰ সংখ্যা বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে৷ কোৱা হৈছে যে ২০২৭ চনৰ ভিতৰত ৭০০তকৈ অধিক পাৰমাণৱিক অস্ত্রৰ গৰাকী হ’ব চীন৷ ইয়াৰ তিনি বছৰ পাছত অর্থাৎ ২০৩০ চনত এই সংখ্যা এহেজাৰ হ’বগৈ৷ অমেৰিকাৰ প্রতিৰক্ষা তথা চোৰাংচোৱা বিভাগে প্রস্তুত কৰা এই প্রতিবেদনত দাবী কৰা অনুসৰি ভাৰতক চাপত ৰখাৰ উদ্দেশ্যেই বেইজিং প্রশাসনে দীর্ঘম্যাদী আৰু সুনির্দিষ্ট পৰিকল্পনাৰে সামৰিক কৌশলগত দিশত অগ্রসৰ হৈছে৷
পেণ্টাগনৰ এই প্রতিবেদনত সন্নিৱিষ্ট তথ্য যদিহে সঁচা হয়, তেন্তে ই ভাৰতৰ বাবে সঁচাকৈয়ে চিন্তনীয় বিষয়৷ কিয়নো ১৯৬২ চনত ড্রেগন বাহিনীয়ে টাৱাং অতিক্রম কৰি অসমৰ তেজপুৰৰ দিশে অগ্রসৰ হৈছিল৷ বেইজিং প্রশাসনে বিগত সময়ছোৱাত কোনো কাৰণতে অৰুণাচল প্রদেশক ভাৰতৰ অন্তর্ভুক্ত বুলি মানি লোৱা নাই৷ আনকি এই সম্পর্কত চীনে আনুষ্ঠানিকভাৱে মন্তব্য কৰি আহিছে৷ এই দিশলৈ চায়েই চুবুৰীয়া ৰাষ্ট্রখনে অৰুণাচল প্রদেশৰ মাটিত বাৰম্বাৰ আগ্রাসন চলাই অহাটো নিশ্চিত বুলি ক’ব পাৰি৷ আনকি শেহতীয়াভাৱে বেইজিং প্রশাসনে অৰুণাচল প্রদেশ সংলগ্ণ এল এ চিত বুলেট ট্রেইন চলোৱা, পথ নির্মাণ আদিকে ধৰি বিভিন্ন ধৰণৰ আন্তঃগাঁথনি গঢ়ি তুলিছে৷ ইয়াৰ সমান্তৰালভাৱে এল এ চিত অধিকসংখ্যক সেনা–ত্যাধুনিক অস্ত্র মোতায়েন কৰি ব্যাপক সমৰসজ্জাও অব্যাহত ৰাখিছে৷ যিকোনো পৰিস্থিতিত ড্রেগন বাহিনীক প্রত্যুত্তৰ দিবলৈ ভাৰত চৰকাৰে এল এ চিত সেনাৰ সংখ্যা বৃদ্ধি কৰাৰ সমান্তৰালভাৱে ৰে’ল–বিমান–জলপথেৰ যোগাযোগ গঢ়ি তোলাৰ বিভিন্ন প্রকল্প গ্রহণ কৰিছে৷ লগতে ১,৩৪৬ কিলোমিটাৰ দৈর্ঘ্যৰ চীন–ৰুণাচল প্রদেশ সীমান্তত নজৰ ৰখাৰ বাবে অত্যাধুনিক প্রযুক্তিসম্পন্ন পৰিকাঠামো গঢ়ি তোলা হৈছে৷ কিন্তু অটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– কিদৰে চীন–ভাৰতৰ সীমা সংঘাতৰ বিষয়টো নিৰাময় হ’ব৷ চীনক প্রতিৰোধৰ বাবে এল এ চিত সমৰসজ্জা গঢ়ি তোলাৰ সমান্তৰালভাৱে ভাৰত চৰকাৰে এইক্ষেত্রত অধিক মনোনিৱেশ কৰাটোহে সম্প্রতি সময়ৰ দাবী হৈ পৰিছে৷ ইয়াৰ অন্যথা দুয়োখন দেশৰ সংঘাত অধিক দীর্ঘম্যাদী হৈ গৈ থাকিব৷

You might also like