নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পদক্ষেপৰ গৃহ-পুথিভঁৰাল দিৱস পালন

নিয়মীয়া বাৰ্তা, ১৫ নৱেম্বৰঃ মাজুলীৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক সংগঠন পদক্ষেপ মাজুলীয়ে কালি বিভিন্ন কাৰ্যসূচীৰে গৃহ-পুথিভঁৰাল দিৱস পালন কৰে ৷ এই উপলক্ষে উজনি মাজুলীৰ পানীখাটী গাঁৱৰ অনিল বৰাৰ বাসগৃহত অনুষ্ঠিত হোৱা সভাত সভাপতিত্ব কৰে বিশিষ্ট সমাজকৰ্মী পদুম সিং ৰাজপুতে ৷ সভাত গৃহ-পুথিভঁৰাল প্ৰতিষ্ঠাকৰণ আৰু তাৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ সম্পৰ্কে বিস্তৃতভাৱে নিজৰ ভাষণত দাঙি ধৰে প্ৰধান বক্তা হিচাপে লেখক, শিক্ষক প্ৰবীণ কুমাৰ দত্তই ৷ সভাত পানীখাটী গাঁৱৰ তিনিখন ঘৰত ক্ৰমে ‘অভিজ্ঞান গৃহ-পুথিভঁৰাল’, ‘নৱজ্যোতি গৃহ-পুথিভঁৰাল’ আৰু ‘সপোনৰ ডেউকা’ নামৰ আন তিনিটা গৃহ-পুথিভঁৰাল প্ৰতিষ্ঠাকৰণৰ আনুষ্ঠানিকতা কৰা হয় ৷ উক্ত সভাতেই পদক্ষেপ চলন্ত পুথিভঁৰালৰপৰা তিনিটা গ্ৰন্থটোপোলা তিনিগৰাকী ইচ্ছুক মহিলা পাঠিকাৰ হাতত অধ্যয়নৰ বাবে তুলি দিয়া হয় ৷

উল্লেখ্য যে পদক্ষেপ মাজুলীৰ চলন্ত পুথিভঁৰালৰ বাবে এইবেলি মুকলি কৰি দিয়া গ্ৰন্থসম্ভাৰত আছিল জ্যোতিপ্ৰসাদ ৰচনাৱলী, বেজবৰুৱাৰ বাচকবনীয়া ৰচনাৱলী, হোমেন বৰগোহাঞি, চৈয়দ আব্দুল মালিক আৰু লক্ষ্মীনন্দন বৰাৰ গ্ৰন্থৰ দৰে ভালেমান আপুৰুগীয়া গ্ৰন্থ ৷ স্মৰ্তব্য যে পদক্ষেপ মাজুলীৰ গ্ৰন্থ আন্দোলনৰ সহায়ক হোৱাকৈ এনে ভালেমান গ্ৰন্থ আগবঢ়াইছিল বিশিষ্ট প্ৰকৃতিকৰ্মী অৱসৰী অভিযন্তা সত্যেন লাহন আৰু কবি ৰজনীকান্ত বৰদলৈয়েও ৷ পানীখাটী গাঁৱৰ শিশু আৰু মহিলাসকলে গীতে-মাতে ৰসাল কৰা সভাখনত বন্তি প্ৰজ্বলন কৰে শংকৰ মাধৱ হাইস্কুলৰ শিক্ষয়িত্ৰী পদ্মা কোঁচ বৰাই আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে পদক্ষেপ মাজুলীৰ সম্পাদক কুলেন্দ্ৰনাথ ডেকাই ৷

You might also like