লৰ্ডছ-ত বুমৰাহৰ ৫টা উইকেট, দ্বিতীয় দিনৰ অন্তত ৰাহুলৰ অৰ্ধশতকেৰে ভাৰতৰ ১৪৫/৩
আগদিনা ৩৯ ৰানত বেটিং কৰি থকা অধিনায়ক বেন ষ্ট’কছে আজি মাত্র ৫ ৰানহে কৰে৷ ব্যক্তিগত ৪৪ ৰানত বুমৰাহৰ চিকাৰ হয় ষ্ট’কছ৷
টীম ইণ্ডিয়াৰ বিপক্ষে লর্ডছ -ত খেলি থকা তৃতীয় টেষ্টত সন্মানজনক স্থিতিত উপনীত হৈছে ঘৰুৱা দল ইংলেণ্ড৷ তাৰকা বেটাৰ জ’ ৰুটৰ দর্শনীয় শতক তথা জেমি স্মিথ আৰু ব্রাইডন কার্ছৰ দুর্দান্ত অর্ধশতকৰ সহায়ত ইংৰাজ বাহিনীয়ে দ্বিতীয় দিনা ৩৮৭ ৰানত প্রথম ইনিংছ সামৰে৷
প্রথম দিনা ৪ উইকেটত কৰা ২৫১ ৰানৰ পৰা ইনিংছ মুকলি কৰিবলৈ আহি দলীয় স্ক’ৰত ১৩৬ ৰান সংযোগ কৰি বাকীকেইটা উইকেট হেৰুৱাই ঘৰুৱা দলটোৱে৷ দ্বিতীয় দিনাৰ ইনিংছ আৰম্ভণি সুখকৰ নাছিল ইংলেণ্ডৰ৷ আগদিনা ৩৯ ৰানত বেটিং কৰি থকা অধিনায়ক বেন ষ্ট’কছে আজি মাত্র ৫ ৰানহে কৰে৷ ব্যক্তিগত ৪৪ ৰানত বুমৰাহৰ চিকাৰ হয় ষ্ট’কছ৷
অৱশ্যে আগদিনা ১ ৰানৰ বাবে শতকৰ আঁতৰত থকা ৰুটে আজি ১০৪ ৰান কৰি পেভিলিয়নমুখী হয়৷ মন কৰিবলগীয়া যে টীম ইণ্ডিয়াৰ বিপক্ষে ৰুটৰ এয়া আছিল একাদশসংখ্যক শতক৷ ষ্ট’কছ আৰু ৰুট আউট হোৱাৰ ক্ষন্তেক পিছতে ক্রিছ ৱ’কছে কোনো ৰান নকৰাকৈ বিদায় লয়৷ সেই সময়ত ইংৰাজ বাহিনীৰ স্ক’ৰ আছিল ৭ উইকেটত ২৭১ ৰান৷ অৱশ্যে জেমি স্মিথ আৰু ব্রাইডন কার্ছে দুর্দান্ত বেটিং প্রদর্শন দাঙি ধৰি দলটোক শক্তিশালী স্থিতিত উপনীত কৰায়৷
দুয়োৱে অষ্টম উইকেটত ৮৪ ৰান সংগ্রহ কৰে৷ জেমি স্মিথে মাত্র ৫৬টা বলত ৬টা বাউণ্ডেৰীৰে ৫১ ৰান কৰি বিদায় লয়৷ ইফালে, ব্রাইডনে ৮৩টা বলত ৬টা চাৰি আৰু এটা ছয়েৰে ৫৬ ৰানৰ গুৰুত্বপূর্ণ অৰিহণা আগবঢ়ায়৷ ভাৰতীয় দলটোৰ হৈ বুমৰাহে সর্বাধিক ৫টা উইকেট লাভ কৰাৰ লগতে মহম্মদ চিৰাজ আৰু নীতিশ কুমাৰ ৰেড্ডী উভয়ে দুটাকৈ তথা ৰবীন্দ্র জাদেজাই এটা উইকেট লাভ কৰে৷
ইপিনে, প্রথম ইনিংছ মুকলি কৰিবলৈ আহি বিপর্যয়ৰ সন্মুখীন হৈছে টীম ইণ্ডিয়া৷ আজি দ্বিতীয় দিনৰ খেলৰ অন্তলৈকে ভাৰতে ৩ উইকেটত ১৪৫ ৰান সংগ্রহ কৰিছে৷ দিনান্তত লোকেশ ৰাহুলে ৫৩ আৰু ঋষভ পণ্টে ১৯ ৰান কৰি ক্রিজত আছে৷ জয়ছোৱালে ১৩, কৰুণ নায়াৰে ৪০ আৰু অধিনায়ক গিলে ১৬ ৰান কৰি বিদায় লয়৷
Niyomiya Barta Desk, 12 July, 2025