নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনত প্ৰিয় অনুষ্ঠান কি আছিল অভিনেত্ৰী দীপিকাৰ?

নিয়মীয়া বার্তা, ২১ ফেব্রুৱাৰীঃ সামাজিক মাধ্যমত এইকেইদিন খুবেই সক্ৰিয় দেখা গৈছে বলীউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনক। অভিনেত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁৰ অনুৰাগীৰ বিভিন্ন প্ৰশ্নৰ উত্তৰৰ বাবে সাজু বুলি উল্লেখ কৰিছিল আৰু তাৰ পিছতে বহু অনুৰাগীয়ে অভিনেত্ৰীগৰাকীক বিভিন্ন প্ৰশ্ন কৰা দেখা গৈছিল। তাৰ ভিতৰত এটা ভিডিঅ’ৰ জৰিয়তে অভিনেত্ৰী গৰাকীয়ে তেওঁৰ স্বামী ৰণবীৰ সিঙৰ সৈতে লকডাউনৰ সময়ত চোৱা বিভিন্ন অনুষ্ঠানৰ বিষয়ে অৱগত কৰে।

ভিডিঅ’টোত তেওঁ অনুৰাগীসকলক কোৱা দেখা গৈছে কেনেদৰে স্বামীৰ সৈতে অনুষ্ঠান বাচনি কৰাকলৈ তেওঁলোকৰ মাজত হৈছিল আলোচনা। তেওঁ উল্লেখ কৰিছে যে অপৰাধমূলক ব্লকবাষ্টাৰ নাটক মানি হেইষ্ট শৃংখলাৰ সকলো খণ্ড তেওঁ চোৱা নাই।

ভিডিঅ’টোৰ পিছৰ ফালে হাঁহি হাঁহি অভিনেত্ৰীগৰাকীয়ে সুৰক্ষিত উত্তৰ বুলি বিবেচনা কৰি ‘দ্যা ক্ৰাউন’ৰ কথা উল্লেখ কৰে। ভিডিঅ’টোৰ শেষৰ ফালে ‘স্কুবি ডু’ তেওঁৰ প্ৰিয় অনুষ্ঠান হিচাপে স্বীকাৰ কৰা দেখা যায়। চাৰিলাখৰো অধিক অনুৰাগীয়ে পচন্দ কৰা ভিডিঅ’টোত অভিনেত্ৰীগৰাকীয়ে অনুৰাগীৰ পৰা বিভিন্ন অনুষ্ঠানৰ পৰামৰ্শ বিচাৰিছিল। বহু অনুৰাগীয়ে ব্যাংগাত্মক অনুষ্ঠান উল্লেখ কৰা দেখা গৈছে ।

You might also like