নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীন–জাপান–দক্ষিণ কোৰিয়াৰ শীর্ষ সন্মিলন

আমেৰিকালৈ কিমৰ ভাবুকিৰ মাজতে গুৰুত্বপূর্ণ বৈঠক

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ সৈতে উত্তৰ কোৰিয়াৰ শীর্ষ নেতা কিম জং–উনৰ ভিয়েটনামৰ বৈঠক ব্যর্থ হোৱাৰ পিছৰে পৰা সঘনে অস্ত্রৰ পৰীক্ষা চলাই সমগ্র কোৰিয়া উপদ্বীপত উত্তেজনা বৃদ্ধি কৰিছে উত্তৰ কোৰিয়াই ৷ দেশখনে এই যুযুধান ৰূপ ধাৰণ কৰাৰ সময়তে চীনৰ ৰাজধানী বেইজিঙত অনুষ্ঠিত হৈছে জাপান, দক্ষিণ কোৰিয়াৰ শীর্ষ নেতৃত্বৰে দেশখনৰ ৰাষ্ট্রপতি ঝি জিনপিঙৰ গুৰুত্বপূর্ণ বৈঠক ৷ উল্লেখনীয় যে ১৫ মাহ পিছত জিনপিং দক্ষিণ কোৰিয়াৰ শীর্ষ নেতা মুন জী–ইন আৰু জাপানৰ প্রধানমন্ত্রী শ্বিনজো আবেৰ সৈতে মিলিত হৈছে এই সন্মিলনত ৷

স্মর্তব্য যে আমেৰিকাৰ সৈতে চীনৰ কূটনৈতিক ক্ষেত্রত মতানৈক্য চলি থকা সময়তে হোৱাইট হাউছৰ বিশ্বস্ত সহযোগী হিচাপে চিহ্ণিত জাপান আৰু দক্ষিণ কোৰিয়াৰ শীর্ষ নেতাদ্বয়ৰে ৰাষ্ট্রপতি ঝি জিনপিং আলোচনাত মিলিত হোৱা বিষয়টোক হোৱাইট হাউছেও গুৰুত্ব সহকাৰে লৈছে ৷ দুয়োগৰাকী বিদেশী নেতা বেইজিঙত উপস্থিত হোৱাৰ পিছত দক্ষিণ–পশ্চিম প্রান্তৰ চহৰ চেংডুত মিলিত হৈছে সন্মিলনত ৷ লক্ষণীয়ভাৱে উত্তৰ কোৰিয়াই আমেৰিকাক ‘বৰদিনৰ উপহাৰ’ প্রদান কৰিব বুলি কটাক্ষ কৰি পুনৰ অস্ত্র পৰীক্ষাৰ হুংকাৰ দিয়া সময়তে চীন, দক্ষিণ কোৰিয়া আৰু জাপানৰ তিনিওগৰাকী শীর্ষ নেতাই কোৰিয়া উপদ্বীপৰ উত্তেজনা প্রশমিত কৰিবলৈ প্রচেষ্টা চলাব বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে ৷ এইক্ষেত্রত সকলো নির্ভৰ কৰিছে ঝি জিনপিঙৰ ওপৰত ৷

You might also like