নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগত দুই আল–কায়দাৰ সদস্যক গ্রেপ্তাৰ

বিশেষ বাৰ্তা, ১৯ আগষ্টঃ বিশ্বত্রাস সন্ত্রাসবাদী সংগঠন আল–কায়দাৰ ভাৰত উপ–মহাসাগৰীয় গোট (আল–কায়দা ইন ইণ্ডিয়ান ছাবকণ্টিনেণ্ট, চমুকৈ এ কিউ আই এছ) গোটৰ সাংগঠনিক স্থিতি পশ্চিমবংগত শক্তিশালী হৈছে৷ ৰাজ্যখনৰ দক্ষিণ ২৪ পৰগণা জিলাত পশ্চিমবংগ আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চ (এছ টি এফ)–এ অভিযান চলাই দুটা দুর্ধর্ষ সদস্যক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ যোৱানিশা এছ টি এফৰ দলে দক্ষিণ ২৪ পৰগণা জিলাৰ ছাছন আৰক্ষী থানাৰ খৰিবাৰীত অভিযান চলাই দুটা আল–কায়দা সন্ত্রাসবাদীক গ্রেপ্তাৰ কৰে৷ সন্ত্রাসবাদী সংগঠনটোৰ হৈ বিভিন্ন কূটাঘাতমূলক ঘটনাত জড়িত হৈ থকা সন্ত্রাসবাদী দুটাৰ এটাক দক্ষিণ দিনাজপুৰ জিলাৰ গংগাৰামৰ বাসিন্দা হিচাপে চিনাক্ত কৰাৰ বিপৰীতে আনজনক হুগলি জিলাৰ আৰমবাগৰ বুলি আৰক্ষীয়ে প্রকাশ কৰিছে৷ অভিযানৰ সময়ত সন্ত্রাসবাদী দুটাৰ পৰা ভাৰতবিৰোধী বিভিন্ন তথ্য জব্দ কৰিবলৈ সক্ষম হৈছে৷ ধৃত আল–কায়দাৰ সদস্যদ্বয়ে সোধা–পোছাৰ সময়ত অঞ্চলটোত অতি কমেও ১৭ এ কিউ আই এছৰ সদস্য সক্রিয় হৈ আছে বুলি স্বীকাৰোক্তি দিছে৷ উল্লেখ্য যে আল–কায়দাৰ গোট এ কিউ আই এছে পাকিস্তান, আফগানিস্তান, ভাৰত, ম্যানমাৰ আৰু বাংলাদেশক সাঙুৰি লৈ এখন ইছলামিক ৰাষ্ট্র গঢ়াৰ লক্ষ্যৰে সংগঠনটোৰ সাংগঠনিক স্থিতি সম্প্রসাৰণ কৰি আছে৷ ভাৰতৰ জম্মু–কাশ্মীৰৰ পৰা পশ্চিমবংগলৈকে এ কিউ আই এছৰ সাংগঠনিক স্থিতি সম্প্রসাৰণ কৰি ইছলামিক ৰাষ্ট্র গঠনৰ অভিযান অব্যাহত ৰাখিছে৷ পশ্চিমবংগৰ উপৰি অসমতো নিষিদ্ধ সংগঠনটোৰ কার্যকলাপ লাহে–ধীৰে বৃদ্ধি পাই আহিছে৷ অর্থাৎ অসমৰ নামনি অঞ্চলত সংগঠনটোৱে সাংগঠনিক স্থিতি সম্প্রসাৰণ কৰাৰ অভিযান চলাই আছে৷

You might also like