নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হঠাৎ নিম্নগামী পাৰাস্তম্ভ; পুহমহীয়া জাৰত কঁপিছে ৰাজ্যবাসী

  • ঘন কুঁৱলীয়ে ঢ়াকিছে চৌদিশ
  • ঠায়ে ঠায়ে পাতলীয়া বৰষুণ
  • সময় সালসলনি হৈছে বিমানৰ

 

নিয়মীয়া বাৰ্তা, ৩০ডিচেম্বৰ: দুদিন পূর্বে ডিব্রুগড়ৰ মৰাণসহ উজনি অসমৰ বিস্তীর্ণ অঞ্চলত হোৱা শিলাবৃষ্টিৰ পাছত হঠাৎ সলনি হৈছে ৰাজ্যৰ বতৰ৷ বিভিন্ন স্থানত হোৱা পাতলীয়া বৰষুণ আৰু ফেৰফেৰীয়া বতাহে হ্রাস কৰিছে পাৰাস্তম্ভ৷ পুহমহীয়া জাৰে ৰাজ্যবাসীক কঁপাই তুলিছে৷ ৰাজ্যৰ প্রায় প্রতিটো প্রান্ততে ডাঠ কুঁৱলীৰ আচ্ছাদন আৰু প্রচণ্ড ঠাণ্ডাই জনজীৱন ব্যাহত কৰি তুলিছে৷ বতৰ বিজ্ঞান কেন্দ্রৰ তথ্য অনুসৰি বৃহস্পতিবাৰৰ দিনটোত গুৱাহাটীত ২১.৬ ডিগ্রী চেলছিয়াছ, শিলচৰত ২২.৪ ডিগ্রী চেলছিয়াছ, গোৱালপাৰাত ২০.৫১ ডিগ্রী চেলছিয়াছ, গোলাঘাটত ১৪.২ ডিগ্রী চেলছিয়াছ, যোৰহাটত ২০.২ ডিগ্রী চেলছিয়াছ আৰু উত্তৰ লখিমপুৰত ১৯.২ ডিগ্রী চেলছিয়াছলৈ তাপমাত্রা হ্রাস পাইছে৷

বতৰৰ আগজাননী অনুসৰি আগন্তুক দুদিনলৈ ডাঠ কুঁৱলীয়ে ৰাজ্যৰ আকাশ ঢ়াকি ৰাখিব৷ তদুপৰি অহা ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত ঠায়ে ঠায়ে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনাও বতৰ বিজ্ঞান কেন্দ্রই প্রকাশ কৰিছে৷ যাৰ বাবে আগন্তুক দিনসমূহত ৰাজ্যত তাপমাত্রা অধিক হ্রাস পোৱাৰ সম্ভাৱনা আছে৷ মৰাণসহ বিভিন্ন অঞ্চলত শিলাবৃষ্টি আৰু ৰাজ্যৰ ভিন্ন প্রান্তত বৰষুণৰ পাছত নামি অহা শীতৰ প্রকোপৰ পৰা বাচিবলৈ ৰাজ্যবাসীয়ে জুইৰ আশ্রয় লোৱাও পৰিলক্ষিত হৈছে৷ ৰাস্তা–ঘাট, চৰকাৰী–বেচৰকাৰী কার্যালয় আৰু শিক্ষানুষ্ঠানসমূহত উপস্থিতি হ্রাস পোৱা দেখা গৈছে৷ দিনৰ ভাগতো সেমেকা পৰিৱেশে বিৰাজ কৰিছে৷ মুঠৰ ওপৰত মাঘ বিহুৰ পূর্বে ৰাজ্যত শীতে স্বাভাৱিক জীৱন–যাত্রা ব্যাহত কৰা পৰিলক্ষিত হৈছে৷ অসমৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ আন ৰাজ্যকেইখনতো শীতৰ প্রকোপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ বিশেষকৈ অৰুণাচল প্রদেশৰ বিভিন্ন স্থানত শীতকালৰ প্রথমতো তুষাৰপাতে মনোমোহা কৰি তুলিছে৷ অসম–অৰুণাচল সীমান্তৱর্তী মায়’ডিয়াত প্রথম তুষাৰপাতৰ পাছত সমগ্র অঞ্চলটো বৰফৰ শুভ্র দলিচাই ঢাকি পেলাইছে৷

নামনি দিবাং উপত্যকা জিলাৰ মায়’ডিয়াত বৰষুণ আৰু তুষাৰপাতৰ পৰা ৰয়িঙৰ পৰা মায়’ডিয়া পাছ হৈ অ’নিনিলৈ যোৱা পথত যান–বাহন চলাচল ব্যাহত হৈ পৰিছে৷ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি নামনি দিবাং উপত্যকা জিলা প্রশাসনে স্থানীয় লোক আৰু পর্যটকসকলক পথ সংযোগ পুনৰ স্থাপন নোহোৱালৈকে মায়’ডিয়া পাছৰ দিশে যাবলৈ বাধা আৰোপ কৰিছে৷ অৱশ্যে বৰফৰ বৰষুণে আকর্ষণীয় কৰি মায়’ডিয়াত পর্যটকে শীতৰ আমোদ ল’বলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে ডাঠ কুঁৱলীৰ বাবে ৰাজ্যৰ বিভিন্ন বিমানবন্দৰৰ পৰা বিমান চলাচলৰ ক্ষেত্রত অসুবিধাৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে গুৱাহাটীৰ বৰঝাৰিস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা কেইবাখনো বিমানৰ সময় সূচী সলনি কৰিবলগীয়া হৈছে৷ সেই ধৰণে বিমানবন্দৰটোলৈ দেশৰ ভিন্ন প্রান্তৰ পৰা আগমন হোৱা বিমানৰো সময় সালসলনি কৰা হৈছে৷

You might also like