নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যান–জঁট এৰাই চলিবলৈ ফ্রান্সে আৰম্ভ কৰিব উৰন্ত টেক্সিসেৱা

নিয়মীয়া বাৰ্তা, ১২ নৱেম্বৰ: যান–জঁটত ঘণ্টাৰ পিছত ঘণ্টা ধৰি আবদ্ধ হৈ থকাৰ সময় এতিয়া কাৰো নাই৷ মুহূর্তৰ ভিতৰতে গন্তব্যস্থান পাবলৈ যাত্রা আৰম্ভ কৰাৰ লগে লগে প্রতিগৰাকী লোকৰ মনত জাগ্রত হয় হেঁপাহ৷ এনে পৰিস্থিতিত টেক্সিখন যদি আকাশেৰে উৰি যায়, তেন্তে কেনে হ’ব পাৰে এতিয়া এনে চিন্তা অবাস্তৱ নহয়৷ কাৰণ শীঘ্রে বজাৰলৈ আহিব উৰন্ত টেক্সি৷ কেইবাটাও বেচৰকাৰী সংস্থাৰ দৰে জার্মানীৰ ‘ভোলোকপ্ঢাৰ’ সংস্থাই নির্মাণ কৰা উৰন্ত টেক্সিৰ পৰীক্ষামূলক অভিযান আৰম্ভ কৰিছে৷ দেখিবলৈ ড্রোনৰ দৰে এই উৰন্ত টেক্সিৰ সফল পৰীক্ষা সম্পন্ন হোৱাৰ লগে লগে বিশ্বজুৰি বিষয়টোক লৈ সৃষ্টি হৈছে চর্চা৷ কালি ফ্রান্সৰ পেৰিছ চহৰৰ পার্শ্বৱর্তী অঞ্চলত এই টেক্সি উৰুওৱাৰ পিছত নির্মাণ সংস্থা ভোলোকপ্ঢাৰৰ পৰা জনোৱা হৈছে যে ২০২৪ চনৰ পৰাই আৰম্ভ হ’ব এই উৰন্ত টেক্সিৰ সেৱা৷ উল্লেখনীয় যে ফ্রান্সত গ্রীষ্মকালীন অলিম্পিক অনুষ্ঠিত হোৱাৰ সময়তে এই উৰন্ত টেক্সিৰ সেৱা আৰম্ভ কৰা হ’ব দেশখনত৷ আগন্তুক ১৮ মাহৰ ভিতৰত এই টেক্সিসেৱা মুকলিৰ বাবে চৰকাৰৰ পৰা অনুমতি লাভ কৰাৰ চেষ্টা চলালে সংস্থাটোৱে৷ ইয়াৰ উপৰি আন্তঃগাঁথনি দিশৰ পৰা এই উৰন্ত টেক্সিত ভৱিষ্যতে কিছু সলনি হ’ব পাৰে বুলি সংস্থাটোৰ চিই’ ডার্ক হোকে কালি উল্লেখ কৰিছে৷

You might also like