নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰিয়ান খানৰ ড্রাগ্ছ গোচৰৰ দায়িত্ব এনচিবি দিল্লীৰ

নিয়মীয়া বার্তা, ৭ নৱেম্বৰ:  ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্র আৰিয়ান খান জড়িত বিলাসী জাহাজৰ ৰেভ পার্টী ড্রাগ্ছ গোচৰসহ ছটা গোচৰৰ তদন্তৰ দায়িত্ব এনচিবি দিল্লী গোটৰ হাতত অর্পণ কৰা হৈছে৷ আৰিয়ান খানৰ গোচৰক লৈ মুম্বাই এনচিবিৰ জ’নেল ডাইৰেক্টৰ সমীৰ ৱাংখেড়ে বিতর্কৰ মাজত সোমাই পৰাৰ পিছতেই মুম্বাই গোটে নতুন দিল্লীৰ এনচিবিৰ বিশেষ অনুসন্ধান দলক এই গোচৰৰ তদন্তৰ দায়িত্ব দিয়ে৷

সেইমর্মে আজি জ্যেষ্ঠ আইপিএছ বিষয়া তথা এনচিবিৰ মুখ্য কার্যালয়ত অপাৰেচনৰ ডিডিজি সঞ্জয় কুমাৰ সিং মুম্বাইত দলসহ উপস্থিত হয়৷ মুম্বাইৰ এনচিবিৰ কার্যালয়ত উপস্থিত হোৱাৰ পিছত ডিডিজি সঞ্জয় কুমাৰ সিঙক আৰিয়ানসহ বাকী গোচৰকেইটাৰ দায়িত্ব আনুষ্ঠানিকভাৱে চমজাই দিয়ে৷ উল্লেখ্য যে কালি সমীৰ ৱাংখেড়েক এই গোচৰৰ তদন্তৰ পৰা অপসাৰণ কৰা হৈছে৷

You might also like