নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আউট হৈ আম্পায়াৰৰ সৈতে তর্কযুদ্ধত বিৰাট কোহলি

বিশেষ বাৰ্তা, ২২ এপ্রিল : কলকাতাৰ বিৰুদ্ধে বৃহৎ লক্ষ্যৰ সন্মুখীন হোৱা ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে মেচখনত জিকিবৰ বাবে বিৰাট কোহলি উইকেটত থকাটো প্রয়োজন আছিল৷ সেই কথা তেওঁ নিজেও জানে৷ সেইবাবে আউটৰ সিদ্ধান্ত কোনোমতে মানি ল’ব পৰা নাছিল কোহলিয়ে৷ ন’ বলৰ দাবী কৰা বেটাৰগৰাকীয়ে তৃতীয় আম্পায়াৰৰ সিদ্ধান্তৰ পিছতো খেলপথাৰৰ আম্পায়াৰৰ সৈতে তর্কযুদ্ধত লিপ্ত হয়৷ আনকি ডাগ আউটলৈ উভতি গৈও তেওঁ ক্ষোভ প্রকাশ কৰে৷ উল্লেখ্য যে মেচখনৰ তৃতীয় অভাৰত বলিং কৰিছিল হর্ষিত ৰাণাই৷ তেওঁৰ প্রথম বলটো খেলাৰ সময়ত ক্রিজৰ বাহিৰত আছিল বিৰাট৷ বল পোনে পোনে গৈ তেওঁৰ বেটত লাগে আৰু হর্ষিতে জঁপিয়াই কৰবদ্ধ কৰে৷ কিন্তু বিৰাটে বল কঁকালৰ ওপৰেৰে যোৱা বুলি দাবী কৰি ন’ বলৰ আবেদন জনায়৷

You might also like