নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউটিউবত চেনেল মুকলিৰ ৯০ মিনিটতে ১০ লাখ অনুৰাগী

🔹 ‘ইউ আৰ ক্রিষ্টিয়ানো’ : অভিলেখ গঢ়িলে ৰ’নাল্ডোৱে

নিউজ ডেস্ক, ২৩ আগষ্ট : দুভৰিৰ যাদুৰে হাজাৰ হাজাৰ অনুৰাগীৰ হৃদয় জিনিবলৈ সক্ষম হোৱা পর্তুগালৰ জনপ্রিয় ফুটবল খেলুৱৈ ক্রিষ্টিয়ানো ৰ’নাল্ডোৱে ইডটিউবতো জনপ্রিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ ফুটবলাৰগৰাকীয়ে নিজৰ নামত মুকলি কৰা ইডটিউব চেনেলটোৱে মুকলিৰ ৯০ মিনিটৰ ভিতৰতে গঢ়ে অভিলেখ৷ প্রায় ১ মিলিয়ন অর্থাৎ ১০ লাখ অনুৰাগীয়ে অতি কম সময়ৰ ভিতৰতে ৰ’নাল্ডোৰ চেনেলটো ছাবছক্রাইব কৰে৷ প্রবীণ ফুটবলাৰগৰাকীয়ে চেনেল মুকলি কৰাৰ ২৪ ঘণ্টাও অতিক্রম নকৰোঁতে এই অভিলেখ গঢ়ে৷ প্রায় ১১.৫ নিযুত অনুৰাগীয়ে এই চেনেলটো ছাবছক্রাইব কৰা বুলি জানিব পৰা গৈছে৷ এই চেনেল মুকলি সন্দর্ভত ফুটবলাৰগৰাকীয়ে সামাজিক মাধ্যমত প্রকাশ কৰিছিল৷ ইতিমধ্যে তেওঁ গ’ল্ডেন বাটন লাভ কৰিছে৷ ইউটিউবৰ বাহিৰেও ৰ’নাল্ডোৰ এক্স একাউণ্টত আছে ১১২.৬ নিযুত, ফেচবুকত ১৭০ নিযুত আৰু ইনষ্টাগ্রামত ৬৩৬ নিযুত অনুৰাগী৷ খেলপথাৰৰ সমানে সমানে সামাজিক মাধ্যমতো সমানে জনপ্রিয় পর্তুগীজৰ ফুটবলাৰগৰাকী৷ ‘অপেক্ষাৰ অন্ত পৰিছে৷ মোৰ @YouTube চেনেলটো অৱশেষত মুকলি কৰা হৈছে! SIUUUbscribe ছাবছক্রাইব কৰক আৰু এই নতুন যাত্রাত মোৰ সৈতে যোগ দিয়ক।’- ৰ’নাল্ডোৱে এনেদৰে নিজৰ সামাজিক মাধ্যমৰ একাউণ্টত পোষ্ট কৰিছিল৷ ফুটবলাৰগৰাকীয়ে তেওঁৰ চেনেলটোৰ নাম দিছে– ইউ আৰ ক্রিষ্টিয়ানো৷ ৩৯ বছৰীয়া পর্তুগালৰ বাসিন্দা তথা প্রবীণ ফুটবলাৰগৰাকীয়ে চেনেলত আপলোড কৰা প্রথমটো ভিডিঅ’ মুকলিৰ ১৩ ঘণ্টাৰ ভিতৰতে প্রায় ৭.৯৫ নিযুতে উপভোগ কৰে৷ সর্বকালৰ অন্যতম শ্রেষ্ঠ ফুটবল খেলুৱৈ ৰ’নাল্ডোৱে বর্তমান চৌদি প্র’ লীগত আল নাছৰৰ হৈ খেলত অংশগ্রহণ কৰিছে৷ শেহতীয়াকৈ ইউৰো কাপতো অংশগ্রহণ কৰিছিল ফুটবলাৰগৰাকীয়ে৷ কিন্তু তেওঁৰ দলটোৱে খিতাপ জয় কৰিব পৰা নাছিল৷ ফুটবল খেলুৱৈগৰাকীয়ে ইউৰো চেম্পিয়নশ্বিপত তেওঁৰ এয়া অন্তিম অংশগ্রহণ বুলি পূর্বে ঘোষণা কৰিছে৷ যদিও জনপ্রিয় ফুটবলাৰগৰাকী শাৰীৰিকভাৱে সুস্থ হৈ আছে, তথাপি পূর্বৰ তুলনাত গ’লদাতা হিচাপে শক্তি কিছু হ্রাস পাইছে৷ যি কথা তেওঁৰ ইউৰোপীয় অভিযানত স্পষ্ট হৈ পৰিছিল৷ উক্ত সময়ত প্রতিপক্ষক গ’ল দিবলৈ খেলুৱৈগৰাকীয়ে সংগ্রাম কৰিবলগীয়া হৈছিল৷ অৱসৰ গ্রহণৰ পিছত ৰ’নাল্ডোৱে নিজৰ সমল সৃষ্টি আৰু জড়িত থকা অন্যান্য বিষয়সমূহ ব্যৱসায়িক উদ্যোগলৈ পৰিৱর্তন কৰাৰ সম্ভাৱনা আছে৷

You might also like