নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কান্দাহাৰত নিহত ১৫২ পাক সন্ত্রাসবাদী

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: আফগানিস্তানৰ হেলমাণ্ড আৰু কান্দাহাৰ প্রদেশত দেশখনৰ বাহিনীয়ে চলোৱা অভিযানত ১৫২টা পাক সন্ত্রাসবাদী নিহত হৈছে৷ দেশখনৰ গৃহ মন্ত্রালয়ে  সদৰী কৰিছে এই তথ্য৷ এখন সংবাদ মেলত গৃহ মন্ত্রালয়ৰ মুখপাত্র তাৰিক আৰিয়ানে ঘোষণা কৰা অনুসৰি আফগান বাহিনীয়ে চলোৱা মোক্ষম আঘাতত নিহত হৈছে কমপক্ষেও ৫৫জন পাক তালিবান কমাণ্ডাৰ৷ তেহৰিক–ই–তালিবান, পাকিস্তানে (টি টি পি) দীর্ঘদিন ধৰি আফগান প্রদেশ দুখনত আশ্রয় গ্রহণ কৰি কূটাঘাত চলাই আহিছে৷ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ তথ্য অনুসৰি আফগানিস্তানত টি টি পিৰ প্রায় ৬,৫০০ সন্ত্রাসবাদীয়ে আশ্রয় লৈ আছে৷ ট’লো নিউজৰ প্রতিবেদন অনুসৰি হেলমাণ্ড আৰু কান্দাহাৰত আফগান বাহিনীৰ হাতত মুঠ ১৫২টা পাক সন্ত্রাসবাদী নিহত হৈছে আৰু ইয়াৰ গৰিষ্ঠসংখ্যকেই হৈছে টি টি পিৰ সদস্য৷

লক্ষণীয়ভাৱে আইছিছ, আল–কায়দা আৰু তেহৰিক–ই–পাকিস্তান্ ধৰি কেইবাটাও সন্ত্রাসবাদী সংগঠনে আফগান ভূমিত সাংগঠনিক ভেটি বিস্তাৰ কৰি বিশ্বৰ বিভিন্ন স্থানত কূটাঘাত সংঘটিত কৰি আহিছে৷ পাকিস্তানত সংঘটিত কেইবাটাও ভয়াৱহ কূটাঘাতৰ ঘটনাত এই টি টি পিৰ সন্ত্রাসবাদীবোৰ জড়িত থকাৰ প্রামাণিক তথ্য ইতিমধ্যে লাভ কৰিছে আফগান চৰকাৰে৷ ইফালে টি টি পিৰ নেতৃত্বতে জন্মলাভ কৰিছে জামাত–উল–আহৰা আৰু লস্কৰ–ই–ইছলামৰ দৰে সন্ত্রাসবাদী সংগঠনে৷ আফগান চোৰাংচোৱাৰ তথ্য অনুসৰি বহু টি টি পি সদস্যই ইছলামিক ষ্টেট ইন ইৰাক এণ্ড লেভাণ্ট–খোৰাছানত (আইছিল–কে) যোগদান কৰিছে৷

You might also like